অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰুৱাৰ সংসাৰ

বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমীয়া কথাছবি। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই। আকাশবাণী গুৱাহাটী যোগে সম্প্ৰচাৰিত নাট্যকাৰ প্ৰফুল্ল বৰা ৰচিত জনপ্ৰিয় অনাতাঁৰ ধাৰাবাহিক বৰুৱাৰ সংসাৰ ৰ কাহিনীৰ আধাৰত বৰুৱাৰ সংসাৰ বোলছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল নিপ বৰুৱাই। ছবিখনৰ বেছিভাগ দৃশ্যগ্ৰহণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহবাগিছাত কৰা হৈছিল।১

অভিনয় শিল্পী

সঙ্গীত

ছবিৰ সঙ্গীত পৰিচালনা ৰমেন বৰুৱাৰ। গীত গাইছে দ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু ৰুণুমী ভট্টাচাৰ্যই।২

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১লাজুক চাৱনীৰে নিবিড় আবেগেৰে মদিৰ কিনো মায়া গোপনে জগালেনিৰ্মলপ্ৰভা বৰদলৈদ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ
২গা, গা, আজি গাই যা, গা, এই গীতকে গাএলি আহমেদদ্বিপেন বৰুৱা
৩হেপী বাৰ্থ দে টু ইউনিৰ্মলা মিশ্ৰ, ৰুণুমী ভট্টাচাৰ্য
৪ওৰণিৰ তলেৰে মিচিকিয়া হাঁহি মাণিক মুকুতা সৰেকেশৱ মহন্তদ্বীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ
৫লাজ কিয় লাগে, চকু কিয় কঁপেপ্ৰফুল্ল বৰাদ্বীপেন বৰুৱা

তথ্যসূত্ৰ

  1. ↑ অৰুণলোচন দাস. (২০১৩). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)) (পৃঃ ১৬৮). শশী শিশু প্ৰকাশন, গুৱাহাটী
  2. ↑ Babul Das. (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, ডিব্ৰুগড়. পৃ. 129

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰুৱাৰ সংসাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০৪৫৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।