পৰিণাম ( Parinam ) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল প্ৰবীণ বৰা।১
কাহিনীৰ সাৰাংশ
দুই সন্তান জীৱন আৰু ৰবীনত উচ্চশিক্ষাৰে শিক্ষিত কৰি মানুহ কৰি তোলাৰ সপোন দেখিছিল হৰেন্দ্ৰই। কিন্তু এদিন এই পৃথিৱীৰ মায়া এৰি তেওঁ গুছি গ.ল। ভাগ্যৰ সৈতে সংগ্ৰাম কৰি দুই সন্তানৰ সৈতে জীয়াই থাকিল হৰেন্দ্ৰৰ বিধবা পত্নী প্ৰতিভা। খলনায়কৰ অত্যাচাৰত জীৱন আৰু ৰবীন জৰ্জৰিত হৈ পৰিল। ছবিখনৰ নায়িকা মমী বৰুৱা; অগাধ সম্পত্তিৰ গৰাকিনী। সেই সম্পত্তিতো খলনায়কৰ লোলুপ চকু। মমীৰ সম্পত্তি হাত কৰিবলৈও চলিল ষড়যন্ত্ৰ। কিন্তু সকলো বেয়া কামৰে এটা শেষ আছে, আছে এক পৰিণাম। খলনায়কেও অৱশেষত কৰিবলগীয়া হৈছে পাপৰ প্ৰায়শ্চিত্ত।১
অভিনয়-শিল্পী
- ইভা আচাও
- ইলা কাকতি
- ইফতিকাৰ আহমেদ
- জুনু বৰুৱা
- জেইবা মমতাজ
- প্ৰবীণ বৰা
- সত্যেন চৌধুৰী, চিৰাজুল ইচলাম, প্ৰদীপ ভূঞা, নীনা, ভোলা কাকতি, তৰুণ দুৱৰা, নিমাই বৰুৱা আদি।১
কলা-কুশলী
(তথ্যছ’কত নথকা)
- বেনাৰ- বিজয় ফিল্মচ
- শব্দ গ্ৰহণ- অৱণী চেতাৰ্জী
- দৃশ্যসজ্জা- তৰুণ সন্দিকৈ, হেমেন দাস১
সংগীত
সঙ্গীত পৰিচালনা ৰমেন বৰুৱাৰ। গীত লিখিছিল সতীশ দাস আৰু নৱকান্ত বৰুৱাই। কণ্ঠ দ্বীপেন বৰুৱা আৰু নীলিমা খাতুনৰ।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিণাম” প্ৰবন্ধৰ সংশোধন ৩৭৪০৭০ (১৩ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।