অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)

এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

এণ্টনী মোৰ নাম ১৯৮৬ চনত মুক্তিপ্ৰাপ্ত এখন এক্সন আৰু ৰহস্য ধৰ্মী অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন নিপ বৰুৱাই পৰিচালনা কৰিছিল। শইকীয়া এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল ধৰ্মকান্ত শইকীয়াই।

কাহিনীৰ সাৰাংশ

গৰ্ভতে পিতৃমোহৰ পৰা বঞ্চিত এণ্টনীক মাতৃয়ে সৰুতে গটাই দিয়ে ফাডাৰ যোচেফৰ হাতত। অনাথ হৈ জীয়াই এণ্টনীয়ে ডাঙৰ হৈ কেতবোৰ অপৰাধত লিপ্ত হয়। এই অপৰাধসমূহ কিন্তু আইনৰ চকুতহে অপৰাধ অথবা এণ্টনী অপৰাধী; সাধাৰণ ৰাইজৰ বাবে এণ্টনী ভগৱানস্বৰূপ। এণ্টনীয়ে চুৰ, ডকাইত কৰে যদিও সেয়া সমাজৰ হিতৰ বাবে। তথাকথিত কিছু সমাজসেৱক বা বিষয়াই জনসাধাৰণৰ হিতাৰ্থে কাম কৰাৰ বাবে আশ্বাস দিয়ে যদিও সেই আশ্বাসেৰেই তেওঁলোকে সমাজৰ নিম্ন শ্ৰেণীৰ লোকক লুটি-পুটি খায়। আৰু এনেবোৰ মুখা পিন্ধা ভদ্ৰলোকৰ মুখা খুলিবলৈয়ে এণ্টনীয়ে বেআইনী কিছু কাম কৰে। শেষত, এণ্টনীয়ে নিজ মাতৃৰ কাকুতিত পুলিচৰ হাতত ধৰা দিয়ে আৰু আদালতৰ পৰা নিৰ্দোষী হিচাপে ওলাই আহি নিজ পৰিয়ালক পুনৰাই বিচাৰি পায়। এয়াই হৈছে বোলছবিখনৰ কাহিনীভাগ।১২

অভিনয় শিল্পীসকল

*বিজু ফুকন - এণ্টনী *পূৰবী শৰ্মা ভট্টাচাৰ্য *ৰেবা ফুকন *আব্দুল মজিদ *কাশ্মীৰি শইকীয়া বৰুৱা *পৰাগধৰ চলিহা*বনীতা শৰ্মা *দূৰ্গেশ্বৰ বৰঠাকুৰ *দিবাকৰ, *লক্ষ্মীনাথ তামুলী *অৰুণ শইকীয়া ১

সংগীত

এণ্টনী মোৰ নামৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।৩২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ একচন থ্ৰিলাৰঃ “এণ্টনী মোৰ নাম”. rupaliparda.com/
  2. ↑ Antony Mur Naam. Box office Assam
  3. ↑ Assamese Movie Antoni Mur Naam. www.assamesemoviediary.com/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টনী মোৰ নাম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৭৬৮৯ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।