জীতু-তপন (Jitu-Tapan) ভাৰতীয় চলচ্চিত্ৰৰ, বিশেষকৈ বলিউডী আৰু অসমীয়া ছবিৰ জনপ্ৰিয় সঙ্গীতকাৰ যুটী। ১৯৭১ চনত মানৱ আৰু দানৱ ছবিৰ যোগেদি প্ৰথম চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰা এই যুটীটোৱে ১৯৭২ চনত মুম্বাইলৈ যায় আৰু হিন্দী ছবিৰ সৈতে জড়িত হৈ পৰে। তেওঁলোকে চল্লিশৰো অধিক অসমীয়া আৰু হিন্দী ছবিত সঙ্গীত পৰিচালনা কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে গুজৰাটী ছবি, ভোজপুৰী ছবি, টিভি ধাৰাবাহিক, টেলিফিল্ম, মিউজিক এলবাম আদিত সঙ্গীত পৰিচালনা কৰাৰ উপৰিও বহুতো অসমীয়া আধুনিক গীতত সুৰাৰোপণ কৰিছে।১২ বিউটি শৰ্মা বৰুৱাই ১৯৬৮ চনত আকাশবাণীৰ বাবে ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথম গীত ‘তোমালৈ মনত পৰে’ আৰু মহম্মদ ৰফিয়ে গোৱা ‘অসমীৰে চোতালতে’- এই দুয়োটা গীতৰ সুৰকাৰ আছিল জীতু-তপন।৩৪
জীৱন পৰিক্ৰমা
যোৰহাটত ডাঙৰ-দীঘল হোৱা জীতু-তপনৰ সম্পূৰ্ণ নাম আছিল জীতু শৰ্মা আৰু তপন ভট্টাচাৰ্য। যোৰহাটৰ প্ৰখ্যাত সঙ্গীতশিল্পী, যিয়ে ৰুণুমী (১৯৫২) ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল, দৰ্পনাথ শৰ্মা জীতুৰ দেউতাক আছিল। দৰ্পনাথ শৰ্মা আৰু শ্যামসুন্দৰৰ ওচৰত জীতু-তপনে সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৭ চনৰ এপ্ৰিল মাহত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মহম্মদ ৰফি যোৰহাটলৈ আহিছিল। তাত জীতু-তপনে অৰ্কেষ্ট্ৰাৰ কাৰ্যসূচী এটা ৰূপায়ণ কৰিছিল। ৰফিয়ে তেওঁলোকৰ পাৰদৰ্শিতা দেখি মোহিত হৈ পিছদিনা মাতি পঠিয়ালে আৰু তেওঁৰ বাবে এটা গীত তৈয়াৰ কৰিবলৈ অনুৰোধ জনালে। তেনেকৈয়ে সৃষ্টি অসমীৰে চোতালতে শীৰ্ষক জনপ্ৰিয় গীতটো।২১
আকাশবাণীৰ বাবে ১৯৬৮ চনত গোৱা বিউটি শৰ্মা বৰুৱাৰ প্ৰথম গীতটোৰ সুৰ জীতু-তপনে তৈয়াৰ কৰি দিছিল। ১৯৭০ চনত মানৱ আৰু দানৱ ছবিৰ সঙ্গীত পৰিচালক ৰুপে এই যুটীটোৱে চলচ্চিত্ৰৰ জগতত প্ৰথম পদাৰ্পন কৰে। ১৯৭২ চনত তেওঁলোক বলীউডলৈ যায়। তাত তেওঁলোকে ত্ৰিশৰো অধিক হিন্দী ছবিৰ সঙ্গীত পৰিচালনা কৰাৰ উপৰিও এয়াৰ হোষ্টেচ, ৰিপোৰ্টাৰ, আজুৱা, চোটী বড়ী বাতে, কল ঔৰ আজ, এহসাচ আদি বহুতো হিন্দী ধাৰাবাহিক আৰু গুৰু, আৰতি, গুমৰাহ আদি টেলিফিল্মত সঙ্গীত পৰিচালনা কৰিছে।২
গজল, ভজনৰ পৰা ডেঞ্চ বেলে, পপ আদি আধুনিক সঙ্গীতৰ বিভিন্ন ধাৰাৰ সৈতে এই যুটীটোৱে কাম কৰিছে। বাঙালী, ডোগ্ৰী ভোজপুৰী, গুজৰাটী আদিৰ উপৰিও অন্যান্য দক্ষিণ ভাৰতীয় ভাষাৰ ছবিত তেওঁলোকে সঙ্গীত দিছে। ভাৰতীয় সঙ্গীতজগতত আশী, নব্বৈৰ দশকটো মিউজিক এলাবামৰ প্ৰভুত্বৰ দশক। স্বাভাৱিতকে এই মাধ্যমটোতো জীতু-তপনে নিজৰ শক্তিশালী উপস্থিতি সাব্যস্ত কৰিছিল। কুমাৰ চানুু, পণ্ডিত ৰাজদানে কণ্ঠ দিয়া নশা, নজৰানা, নশিলা আদি গজল এলবামত এই যুটীটোৱে সঙ্গীতৰ কাম কৰিছিল। তেওঁলোকৰ অন্যান্য কেইখন জনপ্ৰিয় হোৱা এলবাম হ’ল- ও জানা, চাই চমৰন, চাই কা দৰবাৰ আদি।২
চলচ্চিত্ৰপঞ্জী
সঙ্গীত পৰিচালনা কৰা অসমীয়া ছবি
- মানৱ আৰু দানৱ (১৯৭১)
- মৰিচিকা (১৯৭২)
- উপগ্ৰহ (১৯৭২)
- অভিযান (১৯৭৩)
- অনুতাপ (১৯৭৩)
- আদালত (১৯৭৬)
- মেঘ (১৯৭৯)
- পানী (১৯৯৫- আবহ সঙ্গীত)৫
- ত্যাগ (২০০২)
বঁটা-সন্মান
- ২০১১ চনত অসম চৰকাৰে জিতু-তপনক শিল্পী বঁটা প্ৰদান কৰে।
- ২০১৮ চনত অসম চৰকাৰে জিতু-তপনক ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ জয়ন্ত হাজৰিকা বঁটা প্ৰদান কৰে।
- ২০২৬ চনত সাদিন প্ৰতিদিন গোষ্ঠীয়ে জিতু-তপনক Achiever Music Award প্ৰদান কৰে।
তথ্যসূত্ৰ
- ↑ Famed music director duo Jitu-Tapan feted. Tribune Publication, Guwahati
- ↑ Eminent Personalities from Northeast: Jitu-Tapan. assamtimes.org
- ↑ Beauty Sharma Baruah ( 1951- present). indiaonline.in
- ↑ Musical Minds. enajori.com
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীতু-তপন” প্ৰবন্ধৰ সংশোধন ৬৩৫২৭৯ (১৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।