গৌৰী বৰ্মন (Gauri Barman) অসমৰ এগৰাকী চিত্ৰশিল্পী, লেখক, চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ নিৰ্মাতা আছিল।১ ১৯৭০ৰ চাৰিজন পৰিচালকে চতুৰঙ্গ নামেৰে পৰিচালনা কৰা অপৰাজেয় ছবিৰ অন্যতম পৰিচালক আছিল।২ পাছলৈ তেওঁ হৃদয়ৰ প্ৰয়োজন, অকণ, যুগে যুগে সংগ্ৰাম, অনুৰাগ, আপোনজন, জীৱন জেউতী আদি ছবি পৰিচালনা কৰে।৩
চমু জীৱনী
১৯৩৬ চনত নলবাৰী জিলাৰ বেলশৰত বৰ্মনৰ জন্ম হয়। তেওঁ এজন চিত্ৰশিল্পী, লেখক, ছবি পৰিচালক আৰু তথ্যচিত্ৰ নিৰ্মাতা আছিল। তেওঁ পৰিচালনা কৰা প্ৰথম ছবি অপৰাজেয়়় ১৯৭০ চনত মুক্তি পায়। বাংলা আৰু হিন্দী ছবিৰ বিশিষ্ট অভিনেত্ৰী ৰাখীয়ে অভিনয় কৰা এই ছবিখন গৌৰী বৰ্মন, ফণী তালুকদাৰ,অতুল বৰদলৈ আৰু মুনীন বায়নে চতুৰঙ্গ নামেৰে যুটীয়াভাৱে পৰিচালনা কৰিছিল। স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন।২
তেওঁ প্ৰায় ৩০খন তথ্যচিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিক পৰিচালনা কৰিছে। ২০১২ চনত বৈদেশিক মন্ত্ৰ্যালয়ে তেওঁক 'অৱজেক্ট দ্য আৰ্ট কমিটি'ৰ সদস্য বাছনি কৰিছিল।২ দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা চক্ৰবেহু ধাৰাবাহিকখনৰ চিত্ৰনাট্য তেওঁ অৰ্ণৱ জান ডেকাৰে সৈতে যুটীয়াভাৱে লিখিছিল আৰু ডেকাক ধাৰাবাহিকখনৰ মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব দিছিল।৪
আৱাহন, ৰামধেনুৰপৰা দৈনিক অসম, দৈনিক অগ্ৰদূতলৈকে অসমৰ আগশাৰীৰ কাকত-আলোচনীত তেওঁৰ লেখা নিয়মীয়াকৈ প্ৰকাশ হৈছিল।৪ জীৱনৰ শেষৰফালে তেখেতৰ গল্প আৰু কবিতা প্ৰান্তিকত প্ৰকাশ হৈছিল। তেওঁ পৰিচালনা কৰা চিনেমাসমূহ হ'ল- অপৰাজেয়়়, হৃদয়ৰ প্ৰয়োজন, অকণ, যুগে যুগে সংগ্ৰাম আৰু আপোনজন। বৰ্মনে নিজৰ নৱ-নিৰ্মিত বাসভৱনত অকাডেমী অৱ ভিজুৱেল আৰ্ট নাম দি এটি শিক্ষানুষ্ঠান খুলিছিল।৪
২০১৯ চনত আদ্য শৰ্মাৰ চতুৰ্খ মৃত্যু-বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ‘জীৱনশিল্পী আদ্য শৰ্মা’ বঁটাৰে বৰ্মনক সন্মানিত কৰা হয়।৫ ২৯ অক্টোবৰ ২০২০ৰদিনা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।২
চলচ্চিত্ৰপঞ্জী
- অপৰাজেয়়় (১৯৭০, যুটীয়াভাৱে), সঙ্গীতঃ সলীল চৌধুৰী
- হৃদয়ৰ প্ৰয়োজন (১৯৭২) সঙ্গীতঃ ৰমেন বৰুৱা
- অকণ (১৯৮০) সঙ্গীতঃ ভূপেন হাজৰিকা
- যুগে যুগে সংগ্ৰাম (১৯৮৬) সঙ্গীতঃ ভূপেন হাজৰিকা
- আপোনজন (১৯৯৫) সঙ্গীতঃ প্ৰভাত শৰ্মা
- জীৱন জেউতী, সঙ্গীত ভূপেন হাজৰিকা
একক আৰু সামূহিক চিত্ৰ প্ৰদৰ্শনী
- সৰ্বভাৰতীয় ৰাজনৈতিক সমাৰোহত দৰং কলেজৰ হৈ একক চিত্ৰ প্ৰদৰ্শনী, ১৯৫৫ চনত; প্ৰথম চিত্ৰ বিক্ৰী হয় 'বড়ো গাভৰু', বৰদৈচিলাৰ বেটুপাতত প্ৰকাশ।৩
- বম্বেৰ চাৰ জে জে কলেজৰ শতবাৰ্ষিকীত সামূহিক প্ৰদৰ্শনী, ১৯৫৮ চন।
- জাহাঙ্গীৰ আৰ্ট গেলাৰী, বম্বে; ১৯৬০ চন।
- চুদমাৰ্জন হল, কটন কলেজ, গুৱাহাটী, ১৯৬২ চন।
- চুদমাৰ্জন হল, কটন কলেজ, গুৱাহাটী, ১৯৬৫ চন।
- জিলা পুথিভঁড়াল, তেজপুৰ, ১৯৬৬ চন।
- চুদমাৰ্জন হল, কটন কলেজ, গুৱাহাটী, ১৯৬৭ চন।
- সৰ্বভাৰতীয় আৰ্টচ আৰু ক্ৰেফট্ ছোচাইটি গেলাৰী, নতুন দিল্লী ১৯৭৭ চন।
- অসম চৰকাৰৰ আৰ্ট গেলাৰী, গুৱাহাটী, ১৯৭৭ চন।
- সৰ্বভাৰতীয় আৰ্টচ আৰু ক্ৰেফট্ ছোচাইটি গেলাৰী, নতুন দিল্লী ১৯৭৮ চন।
- তৰুণ নগৰ ক্লাব হল, গুৱাহাটী, ১৯৮০ চন।
- সৰ্বভাৰতীয় আৰ্টচ আৰু ক্ৰেফট্ ছোচাইটি গেলাৰী, নতুন দিল্লী ১৯৮০ চন।
- লাংহেমাৰ গেলাৰী, বম্বে, ১৯৮০ চন।
- অসম এগ্ৰিকালছাৰ ইউনিভাৰ্চিটি গেলাৰী, যোৰহাট, ১৯৮০ চন।
- অসম চৰকাৰৰ আৰ্ট গেলাৰী, গুৱাহাটী, ১৯৮৬ চন।
- ন-পুৰণি চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰদ্বাৰা আয়োজিত ২০০৮ চন। ইয়াৰ উপৰি দিল্লী, বম্বে, কলিকতা, নলবাৰী, গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত সামূহিক চিত্ৰ প্ৰদৰ্শনী, চেমিনাৰ আদিত ভাগ লোৱা হয়।
তথ্যচিত্ৰ প্ৰযোজনা, পৰিচালনা
- 'ৰামু' ১৯৫৯ চন। (চুটি ছবি বম্বে)
- ওৰচ্ এণ্ড ওৱেচ্ ১৯৬১ (ইমেজ ইণ্ডিয়ান, বম্বে)
- মাদাৰ গডেচ কামাখ্যা, ১৯৬৮ চন। (ভাৰত চৰকাৰৰ ফিল্মচ্ ডিভিজন, ফিল্ড পাব্লিচিটিৰদ্বাৰা বিভিন্ন ৰাজ্যিক ভাষাত উত্তৰ ভাৰতকে ধৰি সৰ্ব ভাৰতত আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰদ্বাৰা প্ৰদৰ্শিত।৩
- ৰিলিজিয়নচ্ মিট, ১৯৬৯ চন। (ভাৰত চৰকাৰৰ ফিল্মচ্ ফিল্ড পাব্লিচিটিৰদ্বাৰা সৰ্বভাৰতীয় ভাষাত আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰদ্বাৰা প্ৰদৰ্শিত।
- দি চাইলেণ্ট পাষ্ট, ১৯৭০ চন। (ভাৰত চৰকাৰৰ ফিল্মচ্ ডিভিজন আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰদ্বাৰা দেশ আৰু বিদেশত প্ৰদৰ্শিত। )
- মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ (ৰঙীন) ১৯৭১ চন। (ভাৰত চৰকাৰৰ ফিল্মচ্ ডিভিজন আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰদ্বাৰা বিভিন্ন ভাষাত প্ৰদৰ্শিত)
- দেথ অব এন আননোন ইণ্ডিয়ান, ১৯৭১ চন। (মধু ফিল্ম বাবে)
- মালিনি থান, ১৯৭৪ চন। (অৰুণাচল চৰকাৰৰ বাবে)
- কপিলী প্ৰজেক্ট ১৯৭৫ৰপৰা ১৯৮২ চনলৈ। (ত্ৰিছ মিনিটকৈ কুৰিটা খণ্ডত নেপকোৰ হৈ নিৰ্মীত)।
- প্ৰজেক্ট কপিলী ফেজ বাই ফেজ, ১৯৭৫ৰপৰা ১৯৮২ চনলৈ। (কুৰি মিনিটকৈ চৈধ্যতা খণ্ডত নেপকোৰ হৈ নিৰ্মীত)।
- ওৱাইল্ড লাইফ অব আচাম, ১৯৮৫ৰপৰা ১৯৮৭ চনলৈ। (অসম চৰকাৰৰ বন বিভাগৰ ছচিয়েল ফৰেষ্ট্ৰিৰ হৈ নিৰ্মীত)।
- দি মাৰ্চ, ১৯৮৬ চন। (অসম চৰকাৰৰ তথ্য আৰু জন সম্পৰ্কৰক্ষী বিভাগৰ হৈ নিৰ্মীত)।
- নতুন প্ৰভাত, ১৯৮৭ চন। (অসম চৰকাৰৰ তথ্য আৰু জন সম্পৰ্কৰক্ষী বিভাগৰ হৈ নিৰ্মীত)।
- এচামিজ ফিল্ম গ'ল্ডেন জুবিলি ১৯৮৫ চন। (অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ হৈ নিৰ্মীত)।
- ডেঞ্চেজ অব টি গাৰ্ডেনচ্ (তিনিটা খণ্ডত) ১৯৮৩-৮৬ চন। (অসম চৰকাৰৰ তথ্য আৰু জন সম্পৰ্কৰক্ষী বিভাগৰ হৈ নিৰ্মীত)।
- বাগৰুম্বা ১৯৮৬ চন। (অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ হৈ নিৰ্মীত)।
- দেওধ্বনি ১৯৮৭ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী)।
- ইণ্ডিয়ান হিস্ত্ৰী থু দি এজেছ, ১৯৮৭ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী)।
- মথনি ১৯৯৬ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী)।
- পেইণ্টিংচ এণ্ড স্কাপ্টচাৰৰ্চ অব সত্ৰজ, ১৯৯৬ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী), কমিচন প্ৰগ্ৰাম।
- অসমীৰ সপোন, ১৯৯৭ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী), কমিচন প্ৰগ্ৰাম।
- ৰহিমলাৰ বিয়া, ১৯৯৮ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী), কমিচন প্ৰগ্ৰাম।
- বাদুলী খোৰাং, ১৯৯৮ চন। (দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী), কমিচন প্ৰগ্ৰাম।
দূৰদৰ্শনৰ টি.ভি. চিৰিয়েল
- বৰ লুইতৰ সন্তান (১৩ খণ্ড)
- অঘৰী আত্মাৰ কাহিনী (১৬ খণ্ড)
- চক্ৰবেহু (১৩ খণ্ড)
- পতন (৩ খণ্ডৰ দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰাম। )
- সূৰ্য্যাস্তৰ পিছত এজাক জোনাকী (৫ খণ্ডৰ দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰাম। )
- ত্ৰিভুবন বৰদেউতাৰ ভুৱন (৫ খণ্ডৰ দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰাম। )
- যাত্ৰীকৰ ডায়েৰী (৪ খণ্ডৰ দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰাম। )
গ্ৰন্থপঞ্জী
- বিশ্ববিখ্যাত চলচ্চিত্ৰৰ গল্প (১৯৯৯, জাৰ্ণাল এম্প’ৰিয়াম)
- সুবাসিত সান্নিধ্য, (১৯৯৯ চন, সাহিত্যৰত্ন প্ৰকাশন)
- চলচ্চিত্ৰৰ অধ্যয়ন, (২০০১ চন, সাহিত্যৰত্ন প্ৰকাশন)
- চলচ্চিত্ৰৰ বিষয়ে
- মৃত্যুৰ মুখৰ পৰা
- শিল্পকলাৰ ক্ৰমবিকাশ (প্ৰথম খণ্ড) প্ৰকাশক: অসম প্ৰকাশন পৰিষদ
- মুনু আৰু আমচি মুম্বাই (সাহিত্যৰত্ন প্ৰকাশন)
- গৌৰী বৰ্মনৰ নাট্য-চৰ্চা আৰু দুয়কন নাটক, সাহিত্যৰত্ন প্ৰকাশন
- কেণ্ডী আৰু অন্যান্য গল্প, সাহিত্যৰত্ন প্ৰকাশন
- পেৰিছৰ সপোন আৰু জীৱন লালসা, সাহিত্যৰত্ন প্ৰকাশন
- গৌৰী বৰ্মনৰ কবিতা, ছবি আৰু স্কেচ্চ, সাহিত্যৰত্ন প্ৰকাশন
- চিত্ৰ কাহনী তিনিচোৰ আৰু দকৰা বুঢ়া
- চিত্ৰ কাহিনী মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱ
তথ্যসূত্ৰ
- ↑ কৃষ্ণা বৰ্মন. গৌৰী বৰ্মনৰ চিত্ৰ সংকলন. গৌৰী বৰ্মন মেমৰিয়েল ট্ৰাষ্ট
- ↑ (29-10-2020). Assam filmmaker, painter Gauri Barman passes away at 84. Northeast Now
- ↑ ৰমেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা, অভিজিৎ শৰ্মা বৰুৱা, কৃষ্ণা বৰ্মন. (২০১১). গৌৰী বৰ্মন. সাহিত্যৰত্ন প্ৰকাশন. পৃ. ২০১
- ↑ অৰ্ণৱ জান ডেকা. (১১নৱেম্বৰ,২০২০). চলচ্চিত্ৰকাৰ-চিত্ৰকৰ গৌৰী বৰ্মন. অসমীয়া খবৰ. পৃ. ৪, সম্পাদকীয় পৃষ্ঠা
- ↑ (26-2-2019). Adya Sarma award presented to Gouri Barman. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী বৰ্মন” প্ৰবন্ধৰ সংশোধন ৬৩৬৭২৩ (২২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।