আজলী নবৌ (Ajali Nabou) ১৯৮০ চনত মুক্তি পোৱা এন চি প্ৰডাকচনৰ বেনাৰত এন চি দত্ত প্ৰযোজিত আৰু নিপ বৰুৱা পৰিচালিত এখন ৰঙীন অসমীয়া পাৰিবাৰিক ড্ৰামাভিত্তিক কথাছবি। ছবিখনে সেইসময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। এইখন প্ৰথম অসমীয়া ইষ্টমেন কালাৰৰ ছবি।১ বঙালী সাহিত্যিক প্ৰভাৱতী দেৱী সৰস্বতীৰ 'বিজিতা' নামৰ উপন্যাস এখনৰ আধাৰত বঙালী ভাষাত ১৯৫৪ চনত 'ভাঙাগড়া' নামৰ ছবি এখন মুক্তি পাইছিল। হিন্দী আৰু মালয়ালম ভাষাতো ক্ৰমে 'ভাভী' (১৯৫৭) আৰু 'কুল দেৱম' (১৯৫৬) নামেৰে ইয়াৰ ৰিমেক হৈছিল।২ আজলী নবৌ 'ভাঙাগড়াৰ' অসমীয়া সংস্কৰণ।১
কাহিনী
মহাজনৰ শোষণে জুৰুলা কৰা এজন খেতিয়কৰ চাৰিটা পুত্ৰ সন্তান- উদয়, অজয়, ৰমেন আৰু ভাইটি। উদয় কিশোৰ। বাকীকেইটা তেনেই সৰু। মাতৃহীন এই ল'ৰাকেইটাক পেহীয়েকে চোৱা-চিতা কৰে। বিভিন্ন ৰোগে জুৰুলা কৰা দেউতাকৰ হঠাৎ মৃত্যু হোৱাত চাৰিওটি ল'ৰা গাঁৱৰ মাটি-বাৰী মহাজনক সপি চহৰলৈ গুচি আহে। পেহীয়েকৰ হাতৰ খাৰুযোৰ বেচি উদয়ে সৰু ব্যৱসায় এটা আৰম্ভ কৰে। লাহে লাহে ব্যৱসায় বাঢ়ি আহে। উদয়ে বিয়া পাতে আজলীক। আজলী তেনেই সাদৰী মহিলা। মাতৃত্বৰ উমেৰে নিঃসন্তান আজলীয়ে বাকীকেইটা ল'ৰাক ডাঙৰ-দীঘল কৰিলে। অজয় উকীল হ'ল, ৰমেন ডাক্তৰ।১
সময়ত অজয় আৰু ৰমেনে বিয়া পাতিলে। এই দুগৰাকী বোৱাৰী ঘৰখনলৈ অহাৰ পাছত ঘৰখনত অশান্তি আৰম্ভ হ'ল।১ দুয়োজনীয়ে ঘৰ এৰি গুচি গ'ল। হাঁহিৰে ভৰি থকা ভৰপূৰ ঘৰখন মৰিশালি সদৃশ হৈ পৰিল। এদিন উদয়ৰ মৃত্যু হ'ল। আজলীয়ে বিধবাৰ সাজ পিন্ধিলে। অৱশেষত দুয়োজনী বোৱাৰীৰে আত্মশুদ্ধি হ'ল। তেওঁলোক উভতি আহিল আজলীৰ ওচৰলৈ।
অভিনয়
- ইলা কাকতি (আজলী)
- নিপন গোস্বামী (উদয়)
- প্ৰশান্ত হাজৰিকা
- বিশ্বজিত
- বিজু ফুকন (ৰমেন)
- প্ৰাঞ্জল শইকীয়া (ভাইটি)
- বিদ্যা ৰাও
- পূৰ্ণিমা পাঠক শইকীয়া
- বেবী (পূৰবী শৰ্মা)
- অমলা কটকী
- বিৰিঞ্চি ভট্ট
- ইৰাণ দত্ত
- সত্যেন চৌধুৰী আদি।১
গীত
বোলছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। ছবিখনত মুঠ ছটা গীত আছে। গীতসমূহ লিখিছিল কেশৱ মহন্তই। কণ্ঠ দিছিল দ্বীপেন বৰুৱা আৰু ৰুণজুন ফুকনে।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী
- ↑ বিস্মৃত এক সৰস্বতী. আনন্দ বাজাৰ পত্ৰিকা
- ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজলী নবৌ” প্ৰবন্ধৰ সংশোধন ৬৩৮০২৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।