অসমৰ ক্ৰিকেটাৰ
১৪ প্ৰবন্ধ
-
দ্বীপেন বৰুৱা
দ্বীপেন বৰুৱা (Dwipen Baruah) এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল।
-
ৰিয়ান পৰাগ
ৰিয়ান পৰাগ দাস (Riyan Parag Das) (জন্মঃ ১০ নৱেম্বৰ ২০০১) এজন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসমৰ হৈ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ৰাজস্থান ৰয়েলছৰ হৈ খেলে। তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জয় কৰা ভাৰতীয় অনুৰ্ধ-১৯ দলৰ অংশ আছিল।
-
পৰাগ দাস
পৰাগ দাস (ইংৰাজী: Parag Das; জন্ম: ২৯ অক্টোবৰ, ১৯৭৬) এজন প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটাৰ। অসমৰ গুৱাহাটীত পৰাগ দাসৰ জন্ম হৈছিল। তেওঁ অসম, ৰে’লৱে’ আৰু পূব মণ্ডল ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতৰ বেটছমেন আছিল আৰু সোঁহাতেৰে মধ্যমীয়া গতিৰে বলিং কৰিছিল।
-
আবু নেচিম
আবু নেচিম (Abu Nechim) অসমৰ এজন ক্ৰিকেটাৰ। আবু অসমৰ এজন অন্যতম সফল পেচবলাৰ। তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে মধ্য প্ৰদেশৰ বিৰুদ্ধে ইন্দোৰত ২০০৫ বৰ্ষৰ ৰঞ্জি ট্ৰফিত। তেওঁ ২০১০ ৰ পৰা ২০১৩ চনলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ মুম্বাই ইণ্ডিয়ানছ দলৰো সদস্য আছিল।
-
দেৱজিৎ শইকীয়া
দেৱজিত শইকীয়া (Devajit Saikia) এগৰাকী ভাৰতীয় অধিবক্তা, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ আৰু ক্ৰিকেট প্ৰশাসক। দেৱজিৎ শইকীয়া বিচিচিআইৰ সম্পাদক। জয় শ্বাহৰ ঠাইত তেওঁ বিচিচিআইৰ নতুন সম্পাদক হিচাপে নিৰ্বাচিত হয়, আৰু জয় শ্বাহ আইচিচিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।
-
স্বৰূপম পুৰকায়স্থ
স্বৰূপম পুৰকায়স্থ (জন্ম ১৫ চেপ্তেম্বৰ ১৯৮৯) এজন ভাৰতীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। বলিং অল-ৰাউণ্ডাৰ পুৰকায়স্থ এজন সোঁহতীয়া বেট্ছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ।
-
উমা ছেত্ৰী
উমা ছেত্ৰী (Uma Chetry, জন্ম: ২৭ জুলাই ২০০২) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ। তেওঁ এগৰাকী উইকেট-কিপাৰ আৰু বেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেট কিপাৰৰ লগতে অসম মহিলা ক্ৰিকেট দলৰো ইউকেট কিপাৰ।
-
কৃষ্ণ দাস
কৃষ্ণ দাস (Krishna Das; জন্ম ১২ অক্টোবৰ ১৯৯০) এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম ক্ৰিকেট দলৰ হৈ খেলে। তেওঁ এজন সোঁহতীয়া ফাষ্ট-মেডিয়াম বলাৰ। তেওঁ ২০০৫-০৬ চনৰ ৰঞ্জি ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়।
-
জাভেদ জামান
জাভেদ জামান (ইংৰাজী: Javed Zaman; জন্ম: ৮ আগষ্ট ১৯৭৬) হৈছে অসমৰ এজন ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ। তেওঁ অসম আৰু ৰেলৱে দলৰ হৈ খেলিছিল। তেওঁ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মাধ্যম-গতিৰ বলাৰ। তেওঁক অসমৰ অন্যতম শ্ৰেষ্ঠ দ্ৰুত বলাৰ হিচাপে গণ্য কৰা হয়।
-
জিণ্টিমণি কলিতা
জিণ্টিমণি কলিতা (ইংৰাজী: Jintimani Kalita; জন্ম: ২৫ ডিচেম্বৰ ২০০৩) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ অসম আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলে। তেওঁ সোঁহতীৰ মধ্যম গতিৰ বলাৰ আৰু বাওঁহতীৰ বেটছমেন হিচাপে খেলে।
-
প্ৰীতম দাস
প্ৰীতম দাস (Pritam Das); এজন ভাৰতীয় তথা অসম দলৰ অন্যতম ক্ৰিকেট খেলুৱৈ। তেওঁ ঘৰুৱা ক্ৰিকেটত অসম ক্ৰিকেট দলৰ হৈ খেলিছিল॥দাসে সোঁহাতৰ বেগী-মধ্যমীয়া বলাৰ আছিল। তেওঁ ১৬ অক্টোৱৰ, ১৯৮৮ চনত অসমৰ শিলচৰত জন্মগ্ৰহণ কৰে।
-
সমৰজিৎ নাথ
সমৰজিৎ নাথ (ইংৰাজী: Samarjit Nath, জন্ম: ১ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এজন সোঁহাতীয়া বেটছমেন আৰু উইকেট-ৰক্ষক আছিল, যিয়ে অসম দলৰ হৈ খেলিছিল। তেওঁ বঙাইগাঁওত জন্মগ্ৰহণ কৰিছিল।
-
সুচিত্ৰা সিং
সুচিত্ৰা সিং (ইংৰাজী: Suchitra Singh; জন্ম: ৩১ জানুৱাৰী ১৯৭৭) এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ এগৰাকী সোঁহাতীয়া বেটছমেন আছিল আৰু ব্ৰেকৰ সময়ত সোঁহাতেৰে বলিঙো কৰিছিল।
-
সুজয় তৰফদাৰ
সুজয় তাৰাফদাৰ (ইংৰাজী: Sujay Tarafdar, জন্ম: ৬ ডিচেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসম ক্ৰিকেট দলৰ হৈ খেলিছিল। তেওঁ বৰ্তমান বিলুপ্ত ইণ্ডিয়ান ক্ৰিকেট লীগ (ICL)-ত ৰয়েল বেংগল টাইগাৰ্ছ দলৰ হৈও প্ৰতিনিধিত্ব কৰিছিল। তেওঁ এজন সোঁহাতীয়া মিডিয়াম গতিৰ বলাৰ।