অসমৰ কণ্ঠশিল্পী
১০০ প্ৰবন্ধ
-
ভূপেন হাজৰিকা
ভূপেন হাজৰিকা (১৯২৬–২০১১) অসম আৰু ভাৰতৰ বহুভাষিক কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু চলচ্চিত্ৰ-সংগীত পৰিচালক; তেখেত “সুধাকণ্ঠ” নামে ব্যাপক জনপ্ৰিয়। সংগীত-সাহিত্য-চলচ্চিত্ৰ-সাংস্কৃতিক নেতৃত্ব আৰু সীমিত ৰাজনৈতিক ভূমিকাৰ জৰিয়তে তেখেতে আধুনিক অসমীয়া সাংস্কৃতিক পৰিচয় গঢ়াত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
জুবিন গাৰ্গ
জুবিন গাৰ্গ (১৯৭২–২০২৫) আধুনিক অসমীয়া সংগীতৰ অন্যতম প্ৰভাৱশালী কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। বহুভাষিক কণ্ঠদান, বহুবাদ্যযন্ত্ৰৰ দখল আৰু চলচ্চিত্ৰ-সংগীতত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক পৰিসৰত বিশেষ স্থান লাভ কৰে।
-
বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯–১৯৬৯) অসমৰ আধুনিক সাংস্কৃতিক ইতিহাসত বহুমুখী প্ৰতিভাৰ প্ৰতীক, যাঁক শিল্প-সাহিত্য আৰু গণআন্দোলনৰ সংযোগস্থলৰ এজন মুখ্য স্ৰষ্টা হিচাপে ধৰা হয়।
-
অংগৰাগ মহন্ত
অংগৰাগ “পাপন” মহন্ত অসমৰ এজন কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ, যিয়ে লোক-সংগীত আৰু বৈষ্ণৱিক ভক্তিগীতৰ উপাদান আধুনিক বাদ্যযন্ত্ৰৰ সৈতে মিহলাই জনপ্ৰিয় কৰি তুলিছে। অসমীয়াৰ লগতে হিন্দী, বঙালী, তামিল, মাৰাঠী আদি ভাষাত গীত গাই তেওঁ বহুভাষিক ভাৰতীয় সংগীত জগতত নিজৰ স্থান সুদৃঢ় কৰিছে।
-
জয়ন্ত হাজৰিকা
জয়ন্ত হাজৰিকা (১৯৪৩–১৯৭৭) অসমীয়া আধুনিক গীতৰ এক প্ৰভাৱশালী কণ্ঠশিল্পী-সুৰকাৰ, যিয়ে পশ্চিমীয়া সংগীত-ভাষাৰ সৈতে লোক আৰু শাস্ত্ৰীয় ধাৰাৰ নতুন সংমিশ্ৰণ ঘটাইছিল। কম বয়সতে মৃত্যু হ’লেও তেখেতৰ গীত, চলচ্চিত্ৰ-সংগীত আৰু সামাজিক সংগীত-আন্দোলন অসমীয়া জনসংস্কৃতিৰ স্থায়ী সম্পদ হিচাপে গণ্য।
-
ৰমেন বৰুৱা
ৰমেন বৰুৱা অসমৰ চলচ্চিত্ৰ-সংগীত ক্ষেত্ৰৰ অন্যতম প্ৰভাৱশালী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ষষ্ঠ দশকৰ শেষৰ পৰা তেওঁ অসমীয়া ছবিৰ গীত-সুৰক জনপ্ৰিয়তাৰ শীৰ্ষলৈ তুলি ধৰা বহু কামৰ সৈতে জড়িত।
-
খগেন মহন্ত
খগেন মহন্ত অসমৰ খ্যাতিমান কণ্ঠশিল্পী, সুৰকাৰ আৰু গীতিকাৰ; লোকসংগীত, বিশেষকৈ বিহুগীতক আধুনিক মঞ্চ আৰু গণমাধ্যমত জনপ্ৰিয় কৰি তোলাত তেওঁৰ ভূমিকা উল্লেখযোগ্য। আকাশবাণীৰ শিল্পী-প্ৰযোজক ৰূপে আৰু গাঁৱে-ভূঞে লোকগীত সংগ্ৰহ-সংৰক্ষণৰ প্ৰচেষ্টাৰ জৰিয়তে তেওঁ অসমীয়া লোকধাৰাৰ এক বিস্তৃত ভঁৰাল গঢ়ি থৈ যায়।
-
প্ৰতিমা বৰুৱা পাণ্ডে
প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ লোক-সংগীত জগতৰ এক উল্লেখযোগ্য কণ্ঠ, বিশেষকৈ গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলাত তেখেতৰ ভূমিকা গুৰুত্বপূর্ণ। ৰাজপৰিয়ালৰ পটভূমিৰ পৰা আহিও তেখেতে চলচ্চিত্ৰ, মঞ্চ আৰু ৰেকৰ্ডিংৰ মাধ্যমেৰে লোকসংগীতক আধুনিক শ্ৰোতাৰ মাজলৈ আগবঢ়াই নিলে।
-
তৰালি শৰ্মা
তৰালি শৰ্মা (Tarali Sarma, জন্ম:৪ আগষ্ট, ১৯৭৫) অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালি শৰ্মাই মঞ্জু বৰাৰ অসমীয়া ছবি আকাশীতৰাৰ কথাৰে...
-
বীৰেন্দ্ৰনাথ দত্ত
বীৰেন্দ্ৰনাথ দত্ত (Birendranath Datta; ৪ নৱেম্বৰ ১৯৩৫ - ২৩ অক্টোবৰ ২০২৩) অসমৰ এজন শিক্ষাবিদ, লেখক, লোক কলাৰ গৱেষক আৰু সংগীত শিল্পী আছিল। তেওঁ অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছিল।
-
দ্বীপেন বৰুৱা
দ্বীপেন বৰুৱা (Dwipen Baruah) এগৰাকী অসমীয়া কণ্ঠশিল্পী আৰু প্ৰাক্তন ক্ৰিকেটাৰ। তেখেতে বৰ্তমানলৈকে প্ৰায় ৫০খন চলচ্চিত্ৰত কণ্ঠদান কৰিছে। চলচ্চিত্ৰত গীত গোৱাৰ আগেয়ে তেখেতৰ ক্ৰিকেট খেলাৰ প্ৰতিহে তীব্ৰ আকৰ্ষণ আছিল।
-
দীপালী বৰঠাকুৰ
দীপালী বৰঠাকুৰ (Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।
-
ৰুদ্ৰ বৰুৱা
ৰুদ্ৰ বৰুৱা (Rudra Baruah) (জন্ম: ১৯২৬ - মৃত্যু: ১৯৮০) আধুনিক অসমীয়া সংগীত জগতত এক উল্লেখনীয় নাম। তেখেতক অসমীয়া চলচ্চিত্ৰ আৰু অসমৰ সংগীতসমূহলৈ আগবঢ়োৱা অৱদানৰ বাবে লুইত কোঁৱৰ উপাধিৰেও জনা যায়। কলংপৰীয়া গীতিকাৰ তেখেতৰ অন্য এটা জনপ্ৰিয় উপাধি।
-
পাৰৱীন চুলতানা
বেগম পাৰৱীন চুলতানা (Begum Parween Sultana; জন্ম: ১০ জুলাই, ১৯৫০) ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী। পাটিয়ালা ঘৰানাৰ সংগীত শৈলীত প্ৰশিক্ষিত পাৰবীন চুলতানাক অসম চৰকাৰৰ তৰফৰ পৰা সংগীত সম্ৰাজ্ঞী উপাধি প্ৰদান কৰা হয়।
-
পুলক বেনাৰ্জী
পুলক বেনাৰ্জী (Pulak Banerjee) অসমৰ এগৰাকী কণ্ঠশিল্পী। শ্ৰব্য কেছেট 'সোঁৱৰণি'ৰ জৰিড়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তাৰাপিছত আৰু তেখেতে পিছলৈ উভতি চোৱা নাই। যোৱা পাঁচোটা দশকজুৰি তেখেতে অংসখ্য গীতত কণ্ঠদান কৰিছে। কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়কৰূপে তেখেতে কণ্ঠদান কৰিছে।
-
জয়ন্ত নাথ
জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।
-
দিলীপ শৰ্মা
দিলীপ শৰ্মা অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী। কলিকতা ৰেডিঅ'ত অসমীয়া গীত গোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া শিল্পী। অসমত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লোৱা দিলীপ শৰ্মাই সংগীত নাটক একাডেমী সন্মানো লাভ কৰিছিল।
-
কল্পনা পাটোৱাৰী
কল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে।
-
সুদক্ষিণা শৰ্মা
সুদক্ষিণা শৰ্মা (Sudakshina Sarma; জন্ম: ৮ আগষ্ট, ১৯৩৪) অসমৰ এগৰাকী খ্যাতনামা গায়িকা। তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা।
-
চাৰু গোহাঁই
চাৰু গোহাঁই (Charu Gohain) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৫১ চনৰ ১৭ ছেপ্টেম্বৰত শিৱসাগৰৰ চৰাইদেউত জন্মগ্ৰহণ কৰা চাৰু গোহাঁইয়ে সত্তৰৰ দশকত ৰাতি বাঁহী বাই, জিলমিল জোন জ্বলে কপালত আদি গীতত কণ্ঠদান কৰি জনপ্ৰিয় হৈ পৰিছিল। ৬১ বছৰীয়া জীৱনকালত তেওঁ প্ৰায় ২০০ অসমীয়া গীতত কণ্ঠ নিগৰাইছিল।
-
জংকী বৰঠাকুৰ
জংকী বৰঠাকুৰ (১ অক্টোবৰ ১৯৭৫-১২ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী আছিল যিয়ে অসমীয়া আৰু হিন্দী ভাষাত গান গাইছিল। তেওঁ কপিল ঠাকুৰৰ জীয়ৰী আৰু পালমী বৰঠাকুৰৰ ভগ্নী আছিল। তেওঁৰ জ্যেষ্ঠ ভাতৃ জুবিন গাৰ্গ এজন গায়ক আৰু অভিনেতা।
-
জয় বৰুৱা
জয় বৰুৱা অসমৰ এগৰাকী গায়ক, সংগীতকাৰ আৰু "জয়" নামৰ বেণ্ডটোৰ মূল কণ্ঠশিল্পী। বৰুৱাই কেইবাখনো জনপ্ৰিয় হিন্দী ভাষাৰ বোলছবিত কণ্ঠদান কৰাৰ লগতে অসমীয়া আৰু তেলেগু ভাষাৰ গীতটো কণ্ঠ নিগৰাইছে। এখেতৰ সংগীতৰ প্ৰকাৰবোৰ হৈছে: ৰক, চ'ল, ৱৰ্ল্ড বিট, জেজ আদি।
-
পৰিণীতা বৰঠাকুৰ
পৰিণীতা বৰঠাকুৰ (জন্ম- ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। অসমীয়া আৰু হিন্দী ভাষাৰ বহুকেইখন চলচ্চিত্ৰ, দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰা পৰিণীতাই কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু এলবামৰ গীতত কণ্ঠদান কৰিছে।
-
মনীষা হাজৰিকা
মনীষা হাজৰিকা (Manisha Hazarika) হৈছে অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ কলিকতাৰ এটি সাংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা মনীষা হাজৰিকাই একাধিক অসমীয়া কথাছবিৰ লগতে বহুকেইটা একক আৰু দ্বৈত গীতত কণ্ঠ নিগৰাইছে৷ হেমন্ত দত্তই পৰিচালনা কৰা অসমীয়া কথাছবি উপপথত তেখেতে সংগীত পৰিচালনা কৰি অসমৰ প্ৰথমগৰাকী মহিলা…
-
লোকনাথ গোস্বামী
লোকনাথ গোস্বামী হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ লেখক, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক আৰু সমাজকৰ্মী। মঘাই বোলে ঢোলৰ মাত, আমোলমোল শেৱালিৰ গোন্ধ আদিৰ নিচিনা চিৰসেউজ গীতসমূহৰ জৰিয়তে তেওঁ ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
ৰামেশ্বৰ পাঠক
ৰামেশ্বৰ পাঠক(ইংৰাজী:Rameshwar Pathak) অসমৰ এগৰাকী প্ৰসিদ্ধ কামৰূপী লোকগীত শিল্পী।
-
ৰিদিপ দত্ত
ৰিদিপ দত্ত (Ridip Dutta) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৬ চনত তেওঁ জন্মগ্ৰহণ কৰে। ১৯৯৮ চনৰ ২৬ অক্টোবৰত দত্তৰ দেহাৱসান ঘটে।
-
লক্ষহীৰা দাস
ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ।
-
সমৰ হাজৰিকা
সমৰ হাজৰিকা (Samar Hazarika) (born Samar Hazarika; 1947 – 13 January 2026)অসমৰ এজন আছিল কণ্ঠশিল্পী। প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ আছিল কনিষ্ঠ ভাতৃ।
-
অণিমা চৌধুৰী
অনিমা চৌধুৰী (জন্ম- ২৮ ফেব্ৰুৱাৰী, ১৯৫৩-) (ইংৰাজী: Anima Choudhury) অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে।