অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অৰণ্য (চলচ্চিত্ৰ)

অৰণ্য (Aranya) ১৯৭১ চনত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৪ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অৰণ্য (Aranya) ১৯৭১ চনত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল। অৰণ্যই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১

কাহিনী

আদৰ্শবান ডেকা জয়ন্ত বৰুৱাই ফৰেষ্ট ৰেঞ্জাৰৰ চাকৰি পাই সংৰক্ষিত বনাঞ্চল এখনত যোগদান কৰিলে। তাতেই জয়ন্তই চিনাকি হ’ল প্ৰতাপ দুৱৰাৰ সৈতে। প্ৰতাপে সেই অৰণ্যতে কাঠৰ কাৰবাৰ কৰে যদিও অবৈধভাবে ভাবে কাঠৰ সৰবৰাহ কৰা আৰু গড়ৰ খড়্গৰ চোৰাং চিকাৰৰ সৈতেও তেওঁ জড়িত। প্ৰতাপৰ অবৈধ ব্যৱসায়ত জয়ন্ত বাধা হৈ পৰে। সেয়ে তেওঁক বিভিন্ন উপায়ে প্ৰলোভিত কৰিবলৈ প্ৰতাপে চেষ্টা চলালে যদিও তেওঁ নিজৰ আদৰ্শত অচল-অটল হৈ থাকে।১

এদিন জয়ন্তৰ সৈতে চিনাকি হ’ল বনৰ হৰিণীৰ দৰে সৰল নেপালী গাভৰু কৃষ্ণাৰ সৈতে। সেই চিনাকি প্ৰেমলৈ ৰূপান্তৰ হ’ল। মাতৃহীনা কৃষ্ণা দেউতাক বাহাদুৰৰ সৈতে সেই অৰণ্যতে বাস কৰে। বাহাদুৰ এজন নিপুণ চিকাৰী, যাৰ বন্দুকৰ লক্ষ্য অব্যৰ্থ আৰু প্ৰতাপৰ গড়ৰ খড়্গৰ অবৈধ চিকাৰৰ সৈতে জড়িত। বহু দুখীয়া-দৰিদ্ৰ নাৰীক ধনৰ বলত ভোগ কৰা প্ৰতাপৰ কৃষ্ণাৰ প্ৰতি দুৰ্বলতা অপৰিসীম। কিন্তু তাই প্ৰতাপক অলপো আসৈ নিদিয়ে।১

জয়ন্তক হাত কৰাৰ সকলো চেষ্টা ব্যৰ্থ হোৱাত জিঘাংসু প্ৰতাপে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিলে। এই কামৰ বাবে বাহাদুৰক ভয়-ভাবুকিৰে ৰাজী কৰালে। সীতাৰামৰ হতুৱাই গড় ওলোৱাৰ মিছা সম্ভেদ দি জয়ন্তক অৰণ্যৰ ভিতৰলৈ লৈ যোৱা হ’ল।১ ইফালে দেউতাক নথকাৰ সুযোগ লৈ প্ৰতাপে কৃষ্ণাক বলাৎকাৰৰ চেষ্টা চলালে। তাই নিজকে বচাই হাবিৰ ফালে দৌৰ মাৰিলে। প্ৰতাপে পিছে পিছে খেদি গ’ল। কৃষ্ণাৰ চিঞৰ বাহাদুৰৰ কাণত পৰিল। জয়ন্তক হত্যা কৰিবলৈ খাপ পাতি থকা বাহাদুৰ দৌৰি আহিল আৰু জীয়েকৰ সৰ্বনাশ কৰিবলৈ সাজু হোৱা প্ৰতাপক গুলীয়াই মাৰিলে।

অভিনয় শিল্পী

গীত

ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল বাংলা চলচ্চিত্ৰৰ প্ৰখ্যাত সঙ্গীত পৰিচালক সুধীন দাশগুপ্তই। দাশগুপ্তই সমৰেন্দ্ৰ নাৰায়ণ দেৱে পৰিচালনা কৰা আন এখন অৰণ্য বিষয়ক ছবি কাজিৰঙাৰ কাহিনীতো সঙ্গীত পৰিচালনা কৰিছিল। ছবিখনত চাৰিটা গীত আছিল। আটাইকেইটা গীত ৰচনা কৰিছিল কেশৱ মহন্তই।২১

বঁটা আৰু সন্মান

ছবিখন ১৯তম (১৯৭১) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ((১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত)). Shashi Shisu Prakashan, Guwahati. পৃ. 181
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 151

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৭১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰণ্য (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৩৩৫১৬ (২৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।