অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মানসী

মানসী (Manasi) ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু বিদ্যা ৰাৱে। প্ৰখ্যাত বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।

হালনাগাদ: ২৪ মাৰ্চ ২০২৪ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মানসী (Manasi) ১৯৮১ চনত মুক্তি পোৱা গৌৰাঙ্গ ফিল্মচৰ বেনাৰত নিৰ্মিত, বলাই সেন পৰিচালিত এখন ৰঙীন পাৰিবাৰিক চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু বিদ্যা ৰাৱে। প্ৰখ্যাত বঙালী সাহিত্যিক আশাপূৰ্ণা দেৱীৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। অগ্নিপৰীক্ষা নামেৰে ইয়াৰ এটা ওড়িয়া সংস্কৰণো নিৰ্মাণ কৰা হৈছিল। মানসীৰ দৃশ্যগ্ৰহণ কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ’ত হৈছিল। কলকাতাৰ ষ্টুডিঅ’ত দৃশ্যগ্ৰহণ হোৱা এইখনে শেষ ছবি। কলকাতাত দৃশ্যগ্ৰহণ হোৱা প্ৰথম ছবি আছিল জ্যোতিপ্ৰসাদৰ ইন্দ্ৰমালতী।১

ছবিৰ পৰিচালক বলাই বঙালী ছবিৰ এগৰাকী অভিনেতা আৰু সহকাৰী, সহযোগী বা মুখ্য সহকাৰী পৰিচালক আছিল। তেওঁ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কাবুলিৱালা (১৯৫৭) তথা শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত এক ডক্তৰ কী মৌতৰ (১৯৯০) সহযোগী পৰিচালক আছিল। পৰিচালনা সহকাৰী হিচাপে তেওঁ জড়িত থকা কেইখনমান ছবি হ’ল- সবুজ দ্বীপেৰ ৰাজা (১৯৭৯), এক যে ছিলো দেশ (১৯৭৭), সাগিনা (১৯৭৪), আপোনজন (১৯৬৮), হাটে-বাজাৰে (১৯৬৭), ঝিন্দেৰ বন্দী (১৯৬১), ক্ষুধিতা পাষাণ (১৯৬০) আদি।২৩

কাহিনীৰ সাৰাংশ

জমিদাৰ দেৱনাৰায়ণ বৰুৱাৰ বিশাল সম্পত্তি ভোগ কৰিবলৈ সংসাৰত থাকি গ’ল একেটি মাথো নাতি, নাম বুলু। তেওঁৰ অন্তৰঙ্গ বন্ধু লক্ষীনাৰায়ণ জীয়াই থাকোঁতে তেওঁলোকৰ পুত্ৰ আৰু জীয়ৰীৰ মাজত বৈবাহিক সম্পৰ্ক কৰাৰ সংকল্প লৈছিল। সেই সংকল্প পূৰণ নহ’ল যদিও তাহানিৰ কথা মনত ৰাখিয়ে দেৱনাৰায়ণে তেওঁৰ নাতিয়েকৰ বাবে লক্ষীনাৰায়ণৰ পত্নী হেমপ্ৰভা চৌধুৰানীক তেওঁৰ নাতিনিয়েক মানসীক বিচাৰিলে। এক দোধোৰমোধোৰ পৰিস্থিতিত চৌধুৰানীয়ে সেই প্ৰস্তাৱত মান্তি হ’ল। বৈদিক মন্ত্ৰোচ্চাৰণেৰে দুই নাবালক-নাবলিকাৰ বিবাহ সম্পন্ন হ’ল। কিন্তু বিয়াৰ হাঁহি-তামাচাৰ মাজতে জমিদাৰ দেৱনাৰায়ণে শেষ নিশ্বাস ত্যাগ কৰিলে।

কিন্তু এই বিয়াক মানসীৰ মাক চিত্ৰাই মানি লব নোৱাৰিলে। খং আৰু বেজাৰত বলিয়াপ্ৰায় হৈ মাকে তাইৰ শিৰৰ সেন্দূৰ মচি দিয়াৰ প্ৰয়াস কৰিলে। দিন বাগৰাৰ লগেলগে চিত্ৰাই জীয়েকক উচ্চশিক্ষা দিয়ালে, আধুনিক সমাজৰ লগত খাপ খুওৱাবলৈ সকলো প্ৰচেষ্টা চলালে তথা জীয়েকৰ বাবে যোগ্য দৰা বিচাৰি চলাথ কৰিলে। ইফালে সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা বুলুৱেও যেন জনসমুদ্ৰৰ কৰবাত হেৰাই থাকিল।

কিন্তু মানসীৰ বাবে জানো শৈশৱৰ সেই বৈবাহিক বান্ধোকক নস্যাৎ কৰি দিয়া ইমান সহজ।১

অভিনয় শিল্পী

  • বিজু ফুকন
  • বিদ্যা ৰাও (অভিনেত্ৰী)
  • গিৰিশ চৌধুৰী
  • অমলা কটকী
  • বন্দনা শৰ্মা
  • গিৰিজা দাস
  • ৰশ্মিৰেখা শৰ্মা
  • ৰেজিনা বেগম
  • অনুৰাধা দাস
  • ৰবীন ডেকা
  • বিৰিঞ্চি ভট্টাচাৰ্য
  • কিশোৰ ভট্টাচাৰ্য
  • গৌতম চৌধুৰী
  • নিত্যা দত্ত
  • মাখন দেৱান
  • উমেশ দত্ত
  • পৰাগ পাত্ৰ১

কলা-কুশলী

  • শব্দগ্ৰহণ- বলোৰাম বাৰুই, অনিল তালুকদাৰ
  • কলা নিৰ্দেশনা- সুনীতি মিত্ৰ১

সঙ্গীত

সঙ্গীত ৰমেন বৰুৱাৰ। গীতৰ কথাংশ লিখিছে কেশৱ মহন্তই। কণ্ঠ দিছে দ্বীপেন বৰুৱা, ৰমেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই।৪১

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 296
  2. ↑ Balai Sen Filmography. Cinestaan. Com
  3. ↑ Balai Sen Filmography. IMDb
  4. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 357

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসী” প্ৰবন্ধৰ সংশোধন ৪১৩৮৮৮ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।