অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতত স্বনিযুক্ত পেছা

ভাৰতত স্বনিযুক্ত কৰ্মীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২০ চনত ভাৰতত প্ৰায় ১৫ নিযুত স্বনিযুক্ত কৰ্মী বা স্বনিযুক্ত পেছাত জড়িত লোক আছিল বুলি অনুমান কৰা হৈছিল।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৬ ৪২৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাৰতত স্বনিযুক্ত কৰ্মীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২০ চনত ভাৰতত প্ৰায় ১৫ নিযুত স্বনিযুক্ত কৰ্মী বা স্বনিযুক্ত পেছাত জড়িত লোক আছিল বুলি অনুমান কৰা হৈছিল। তথ্য-প্ৰযুক্তি, বিত্ত, মানৱ সম্পদ আৰু নক্সা প্ৰস্তুতকৰণ আদি ক্ষেত্ৰত প্ৰতিষ্ঠানসমূহে কোনো নিৰ্দিষ্ট প্ৰকল্পৰ বাবে স্বনিযুক্ত কৰ্মী নিয়োগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে।১

ভাৰতৰ প্ৰায় ৭০ শতাংশ স্বনিযুক্ত কৰ্মীয়ে কেৱল স্বনিযুক্ত পেছাতেই কাম কৰা বুলি এটা সমীক্ষাত প্ৰকাশ পাইছিল। ইয়াৰে প্ৰায় ৪৮ শতাংশই সপ্তাহত ৩০ ঘণ্টা বা তাতকৈ কম সময় কাম কৰিছিল।২

নীতি আয়োগৰ এক প্ৰতিৱেদন অনুসৰি, ২০২০–২১ চনত ভাৰতৰ গিগ অৰ্থনীতিৰ কৰ্মীৰ সংখ্যা প্ৰায় ৭৭ লাখ আছিল। প্ৰতিৱেদনখনত ২০২৯–৩০ চনলৈ এই সংখ্যা প্ৰায় ২.৩৫ কোটি হ'ব পাৰে বুলি অনুমান কৰা হৈছে। ২০২০–২১ চনত ইয়াৰে প্ৰায় ২৬.৬ লাখ লোক বিক্ৰী আৰু খুচুৰা বাণিজ্যৰ সৈতে জড়িত আছিল।৩

ভাৰতৰ বৃহৎ কৰ্মক্ষম জনসংখ্যা আৰু ডিজিটেল যোগাযোগৰ বিস্তাৰৰ ফলত স্বনিযুক্ত পেছা আৰু চুক্তিভিত্তিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। ভাৰতক বিশ্বৰ গিগ অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাৰ কথাও বিভিন্ন প্ৰতিৱেদনত উল্লেখ কৰা হৈছে।৪

চৰকাৰ

ভাৰত চৰকাৰে ডিজিটেল সেৱা, দক্ষতা বিকাশ আৰু উদ্যোগিতাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ২০১৫ চনত আৰম্ভ কৰা ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে চৰকাৰী নথি ডিজিটেল ৰূপলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই ক্ষেত্ৰত বিভিন্ন কামৰ বাবে স্বনিযুক্ত কৰ্মীৰ সেৱাও গ্ৰহণ কৰা হৈছিল।

স্কিল ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে চৰকাৰী কাৰ্যসূচীয়ে দক্ষতা বিকাশ আৰু উদ্যোগিতাক উৎসাহিত কৰিছে।৫

২০২৩ চনৰ এটা প্ৰতিৱেদন অনুসৰি, ভাৰতৰ ৬৮ শতাংশ স্বনিযুক্ত কৰ্মীয়ে কামৰ সুযোগ বিচাৰি সামাজিক মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰে।৬

ভাৰতীয় মহিলা স্বনিযুক্ত কৰ্মী

ভাৰতৰ বহু উচ্চশিক্ষিত মহিলাই পৰিয়াল আৰু সামাজিক দায়বদ্ধতাৰ বাবে নিয়মীয়া চাকৰি বা পেছাত অব্যাহত থাকিব নোৱাৰাৰ পৰিস্থিতিত স্বনিযুক্ত পেছা গ্ৰহণ কৰে।৭

স্বনিযুক্ত পেছাই সময় আৰু কামৰ ক্ষেত্ৰত অধিক নমনীয়তা প্ৰদান কৰিব পাৰে। কিন্তু ভাৰতত স্বনিযুক্ত কৰ্মীৰ মাজত মহিলাৰ অংশ পুৰুষৰ তুলনাত কম বুলি বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে।

২০১৫ চনত পে'অ'নিয়াৰে কৰা এটা সমীক্ষা অনুসৰি ভাৰতৰ স্বনিযুক্ত কৰ্মীৰ মাত্ৰ ২২ শতাংশ মহিলা আছিল।৮

একেটা সমীক্ষাৰ তথ্য অনুসৰি, ভাৰতীয় স্বনিযুক্ত পেছাত পুৰুষ আৰু মহিলাৰ গড় ঘণ্টাভিত্তিক উপাৰ্জনৰ মাজতো পাৰ্থক্য আছিল। পুৰুষ স্বনিযুক্ত কৰ্মীয়ে গড়ে ঘণ্টাত ১৯ মাৰ্কিন ডলাৰ উপাৰ্জন কৰাৰ বিপৰীতে মহিলা স্বনিযুক্ত কৰ্মীৰ গড় উপাৰ্জন আছিল ১৭ মাৰ্কিন ডলাৰ।৯

প্ৰতিষ্ঠান আৰু স্বনিযুক্ত কৰ্মী

প্ৰযুক্তিৰ পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন, জনসংখ্যাগত পৰিৱৰ্তন আৰু পেছাগত প্ৰয়োজনীয়তাৰ পৰিৱৰ্তনৰ ফলত বহু প্ৰতিষ্ঠানে নিজৰ মানৱ সম্পদ নীতি পুনৰ বিবেচনা কৰিছে। ইয়াৰ ফলত স্বনিযুক্ত কৰ্মী আৰু স্বতন্ত্ৰ পৰামৰ্শদাতাৰ সেৱা গ্ৰহণৰ প্ৰৱণতা বৃদ্ধি পাইছে।৭

২০২২ চনত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, ২০২০ চনৰ প্ৰথম ত্ৰৈমাসিকৰপৰা দ্বিতীয় ত্ৰৈমাসিকলৈ ভাৰতত নতুন স্বনিযুক্ত কৰ্মীৰ সংখ্যা ৪৬ শতাংশ বৃদ্ধি পাইছিল।১০

প্ৰতিষ্ঠানসমূহে বিভিন্ন স্তৰত স্বনিযুক্ত কৰ্মী আৰু স্বতন্ত্ৰ পৰামৰ্শদাতাৰ সেৱা গ্ৰহণ কৰে। বিত্তীয় পৰিচালনাৰ ক্ষেত্ৰতো স্বনিযুক্ত মুখ্য বিত্তীয় বিষয়াৰ সেৱা গ্ৰহণৰ উদাহৰণ আছে। কিছুমান উদ্যোগভিত্তিক অনুমান অনুসৰি, বাহ্যিক মুখ্য বিত্তীয় বিষয়াৰ সেৱা গ্ৰহণ কৰিলে প্ৰতিষ্ঠানৰ পৰিচালনামূলক ব্যয় ৩০ৰপৰা ৭০ শতাংশলৈ হ্ৰাস পাব পাৰে। কামৰ প্ৰকৃতি অনুসৰি এনে সেৱাৰ মাচুল মাহে ৩০,০০০ টকাৰপৰা কেইবালাখ টকালৈ হ'ব পাৰে.১১

অতিৰিক্ত পঠন

তথ্যসূত্ৰ

  1. ↑ Majumdar, Debleena. (২০২৩-০৭-২৪). Factors that make highly qualified people choose freelance careers over one-off gigs. The Economic Times
  2. ↑ (২০২৩-০৬-০৬). Gig economy: 66% of freelancers in India optimistic about growing global demand from SMBs, says survey. Financial Express
  3. ↑ (২০২৩-১১-০৪). Freelancing as a Lifestyle: Six tips for gig workers for better work-life balance. The Economic Times
  4. ↑ Jain, Harsh. New rise in India’s freelance community in 2022. The Times of India
  5. ↑ Kaur, Gagandeep. Should the government lend a helping hand to the freelancers?. The Times of India
  6. ↑ (২০২৩-০৬-০১). 68% freelancers in India depend on social media to find work: Report. Business Standard
  7. ↑ Here's why freelancers are in great demand. The Economic Times
  8. ↑ (২০১৫-১২-০৭). Thanks to internet, India has most freelance professionals after US. Hindustan Times
  9. ↑ Jain, Mayank. Work more, earn less: four charts sum up the economics of freelancing in India. Scroll.in
  10. ↑ (২০২২-০৩-১৭). New rise in India’s freelance community in 2022. The Times of India
  11. ↑ Mehrotra, Nilika. (২০১৩). Disability and Intersecting Statuses. Emerald Group Publishing Limited. পৃ. ২৯৫–৩২৪

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতত স্বনিযুক্ত পেছা” প্ৰবন্ধৰ সংশোধন ৬৩৬৪৭২ (২১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।