পাৰ্লে-জি (Parle-G) হৈছে ভাৰতৰ পাৰ্লে প্ৰডাক্টছৰ দ্বাৰা নিৰ্মিত বিস্কুটৰ এক ব্ৰেণ্ড। ২০১১ চনত নীলছনৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা বিস্কুটৰ ব্ৰেণ্ড।১২৩
ইতিহাস
১৯২৯ চনত মুম্বাইৰ ভিলে পাৰ্লে উপকণ্ঠ অঞ্চলত পাৰ্লে প্ৰডাক্টছক মিঠাই নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা কৰা হয়। ১৯৩৯ চনত পাৰ্লে প্ৰডাক্টছে বিস্কুট নিৰ্মাণ আৰম্ভ কৰে। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত কোম্পানীটোৱে গ্লুকো ব্ৰেণ্ডৰ বিস্কুট এবিধক ব্ৰিটিছ ব্ৰেণ্ডৰ বিস্কুটৰ ভাৰতীয় বিকল্প হিচাপে বিজ্ঞাপন অভিযান আৰম্ভ কৰে।৪

পাৰ্লে-জি বিস্কুটক আগতে ১৯৮০ চনলৈকে ‘পাৰ্লে গ্লুকো’ বিস্কুট বুলি কোৱা হৈছিল। পাৰ্লে-জি নামত থকা "জি"য়ে প্ৰথমে "গ্লুক'জ"ক নিৰ্দেশ কৰিছিল যদিও পিছৰ ব্ৰেণ্ডৰ শ্লোগানত "জিনিয়াছৰ বাবেও জি'' লিখা হৈছিল।৫ ২০১৩ চনত পাৰ্লে-জি খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৫০ বিলিয়ন ভাৰতীয় মুদ্ৰাৰ সীমা অতিক্ৰম কৰা ভাৰতৰ প্ৰথম এফএমচিজি ব্ৰেণ্ড হিচাপে পৰিগণিত হয়।৬
জনপ্ৰিয়তা
মূলতঃ চাহৰ সৈতে জলপান হিচাপে খোৱা পাৰ্লে-জি ভাৰতৰ অন্যতম পুৰণি ব্ৰেণ্ড নাম। দশক দশক ধৰি এই সামগ্ৰীবিধ ইয়াৰ আইকনিক বগা আৰু হালধীয়া ৰঙৰ ৱেক্স পেপাৰৰ পেকেটৰ বাবে নিমিষতে চিনি পোৱা গৈছিল। এই ৰেপাৰটোত এগৰাকী কণমানি ছোৱালীৰ ছবি আছে (১৯৬০ চনত এভাৰেষ্টৰ মগনলাল দৈয়াৰ চিত্ৰকল্প)।৭ শেহতীয়াকৈ পাৰ্লে-জি প্লাষ্টিক ৰেপিঙত উপলব্ধ হৈছে। আধুনিক পেকেজিঙে নিজৰ পৰম্পৰাগত ডিজাইন বজাই ৰাখিছে। মাছৰ টেংকিত পাৰ্লে-জি পেকেট এটা ভৰাই থোৱা বিজ্ঞাপনৰ জৰিয়তে সামগ্ৰীৰ পৰিৱৰ্তনৰ প্ৰচাৰ কৰা হৈছিল। ২০১১ চনত বজাৰ গৱেষণা কোম্পানী নীলছনে এটা প্ৰতিবেদন প্ৰকাশ কৰি কয় যে পাৰ্লে-জিয়ে বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা বিস্কুট ব্ৰেণ্ড হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। দৰাচলতে পাৰ্লে জিয়ে ক্ৰাফ্ট ফুডছৰ অৰিঅ’, মেক্সিকোৰ গেমছা আৰু ৱালমাৰ্টৰ ব্যক্তিগত লেবেলৰ দৰে অন্যান্য আগশাৰীৰ ব্ৰেণ্ডৰ শীৰ্ষস্থান দখল কৰিছে। সফলতাৰ মূল কাৰক হ’ল ভাৰতৰ কিছুমান বৃহৎ বজাৰ – আমেৰিকা, মেক্সিকো, চীন, ইটালী আৰু স্পেইনক অতিক্ৰম কৰি বিস্কুটৰ বিশ্বৰ আগশাৰীৰ বজাৰ দখল।৮
২০১৩ চনৰ জানুৱাৰী মাহলৈকে পাৰ্লে-জিৰ শক্তিশালী বিতৰণ নেটৱৰ্কে ভাৰতৰ ৬০ লাখতকৈ অধিক খুচুৰা বিপণীক সামৰি লৈছিল।৯ ব্ৰেণ্ড ট্ৰাষ্ট ৰিপৰ্টত ২০১৪ চনত পাৰ্লে-জিক ভাৰতৰ ৪২ নং সৰ্বাধিক বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে স্থান দিয়া হৈছে।১০
কম বজাৰমূল্য, পাৰ্লে-জিৰ জনপ্ৰিয়তাৰ আন এক গুৰুত্বপূৰ্ণ কাৰক। ভাৰতৰ বাহিৰত ২০১২ চনৰ হিচাপত ইয়াক ৪১৮ গ্ৰামৰ পেকেটৰ বাবে ৯৯ চেণ্টত বিক্ৰী কৰা হয় আমেৰিকাত ভাৰতীয় গেলামালৰ প্ৰধান খুচুৰা বিক্ৰেতা। ২ পেক পাৰ্লে-জিও বিক্ৰী কৰা হয়।১১১২ ১৯৮২ চনত পাৰ্লে-জিৰ প্ৰথম টিভি বিজ্ঞাপন নিৰ্মাণ কৰা হৈছিল। ভাৰতীয় ছুপাৰহিৰো শক্তিমানেও ১৯৯০ চনত এই ব্ৰেণ্ডটোক সমৰ্থন কৰিছিল।১২১৩
অতিৰিক্ত পঠন
- "Parle-G: The journey of a biscuit for masses". The Economic Times.
তথ্যসূত্ৰ
- ↑ (3 March 2011). Parle-G world's No 1 selling biscuit: Nielsen. Economic Times
- ↑ (2021-11-16). The worldwide success of Parle-G. The Michigan Daily
- ↑ Made in India: Biscuit manufacturer. BBC News
- ↑ Jill Didur. (2006). Unsettling partition: literature, gender, memory. University of Toronto Press. পৃ. 22. ISBN 978-0-8020-7997-8
- ↑ Parle-G Glucose Biscuits
- ↑ 72-year-old biscuit pioneer, Parle-G becomes India’s first homegrown Rs 5K crore FMCG brand . Economic Times, 13 February 2013
- ↑ Shephali Bhatt. (October 30, 2013). The Chronicles of Parle-G. Economic Times
- ↑ (2020-07-24). Parle G is the largest selling biscuit brand in the world!. EDUINDEX NEWS
- ↑ Will Parle-G be relevant to the next generation? by Preethi Chamikutty. Economic Times, 16 January 2013
- ↑ India's Most Trusted Brands 2014
- ↑ Tripathi, Dhirendra. (2020-06-09). Parle-G, coronavirus and the millions who ate that biscuit as they went home. mint
- ↑ 10 Unknown Facts About Parle-G, The Largest Selling Biscuit Brand In The World by Postoast. Jan 14, 2019 - Uploaded by Doordarshan National Blog
- ↑ Parle-G: The journey of a biscuit for masses. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্লে-জি” প্ৰবন্ধৰ সংশোধন ৬৩২৪৫৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।