অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

মুদ্ৰা বজাৰ

মুদ্ৰা বজাৰ (Money market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত ধৰুৱাক প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা হয়। সেয়েহে এই বজাৰত হ্ৰাস্বকালীন প্ৰকৃতিৰ নিৰাপত্তা পত্ৰৰ লেনদেন বা বিনিময় কৰা হয়। ই বিত্তীয় বজাৰৰ এক আৱশ্যকীয় অংশ।

হালনাগাদ: ১৬ জানুৱাৰী ২০২৩ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মুদ্ৰা বজাৰ (Money market) হ’ল এক প্ৰণালীবদ্ধ প্ৰতিষ্ঠানিক ব্যৱস্থা য’ত ধৰুৱাক প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰা হয়। সেয়েহে এই বজাৰত হ্ৰাস্বকালীন প্ৰকৃতিৰ নিৰাপত্তা পত্ৰৰ লেনদেন বা বিনিময় কৰা হয়। ই বিত্তীয় বজাৰৰ এক আৱশ্যকীয় অংশ।১

প্ৰকৃততে যিখন বজাৰত মুদ্ৰা ঋণ দিয়া বা লোৱা হয় সেইখন বজাৰকে মুদ্ৰা বজাৰ বুলি কোৱা হয়। এই বজাৰৰ মূল বৈশিষ্ট্য হ’ল হ্ৰস্বকালীন ঋণৰ ব্যৱস্থা কৰা। মুদ্ৰা বজাৰত নগদ বা মুদ্ৰাৰ লেনদেনৰ বিপৰীতে বিনিময় পত্ৰ, ব্যৱসায়িক বিল আৰু ট্ৰেজাৰী বিল তথা অন্যান্য হ্ৰস্বকালীন সময়ৰ বাবে কৰা আহিলাৰ লেনদেন কৰা হয়।১

সংজ্ঞা

  • জে. এছ. জি. উইলচনৰ মতে, ব্যক্তিগত পৰ্যায়ৰ সলনি আনুষ্ঠানিকভাৱে মৌদ্ৰিক পৰি সম্পদ লেনদেনৰ কেন্দ্ৰকে মুদ্ৰা বজাৰ বুলি কোৱা হয়।১ (According to J. S. G. Wilson, Money Market is defined as “a centre in which financial institutions congregate for the purpose of dealing impersonally in monetary assets.”২)
  • ক্ৰোথাৰৰ মতে, প্ৰায় মুদ্ৰাৰ বিভিন্ন পৰ্যায়ৰ কাম কাজৰ লগত নিয়োজিত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানসমূহক সামুহিকভাৱে মুদ্ৰা বজাৰ বুলি কোৱা হয়।১

মুদ্ৰা বজাৰৰ উপবজাৰসমূহ

  • তলবী মুদ্ৰা বজাৰ (Call money market)
  • কোষাগাৰ বিল বজাৰ (Treasury bill market)
  • বাণিজ্যিক বিল বজাৰ (Commercial bill market)
  • হ্ৰস্বকালীন ঋণ বজাৰ (Short term loan market)

ভাৰতীয় মুদ্ৰা বজাৰৰ বৈশিষ্ট্য

  1. এইখন গাইগুটীয়া বজাৰ (Single market) নহৈ কেইবাখনো বজাৰৰ এটা উমৈহতীয়া গোট হয়, য’ত বিভিন্ন প্ৰকাৰৰ সঁজুলি বা আহিলাৰ লেনদেন অথবা বিনিময় কৰা হয়।
  2. এই বজাৰখন হ’ল হ্ৰস্বকালীন ঋণ আহিলাৰ এখন পাইকাৰী বজাৰ (Wholesale market)।
  3. অংশগ্ৰহণকাৰীৰ ঐশ্বৰ্য (Credit worthiness) হ’ল গুৰুত্বপূৰ্ণ উপাদান য’ত মুখ্য বৈশিষ্ট্যই হ’ল সন্মান কৰা (Honour) অৰ্থাৎ ঋণগ্ৰহণৰ ক্ষমতাক সন্মান জনোৱাটো হ’ল মূল বৈশিষ্ট্য।
  4. ৰিজাৰ্ভ বেংক (RBI), ভাৰতীয় বাট্টা আৰু বিত্ত ভৱন (DFHI), মিউচুৱেল ফাণ্ড (Mutual Funds), বেংক, নিগমীয় বিনিয়োগকাৰী, অনাবেংকিং বিত্তীয় কোম্পানী (NBFC), ৰাজ্য চৰকাৰ, ভৱিষ্যনিধি, প্ৰাথমিক লেনদেন (Primary Dealer), ভাৰতীয় প্ৰতিভূতি বেহাবেপাৰ নিগম (STCI), ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (PSU), প্ৰবাসী ভাৰতীয় (NRI) আৰু বৈদেশিক নিগমীয় খণ্ড (Overseas Corporation Bodies) ইত্যাদিৰ দ্বাৰা ভাৰতীয় মুদ্ৰা বজাৰৰ সংগঠন কৰা হৈছে অৰ্থাৎ এই প্ৰতিষ্ঠানবোৰৰ অংশীদাৰত্বৰে ভাৰতীয় মুদ্ৰা বজাৰ সমৃদ্ধ হৈ আছে।
  5. ভাৰতীয় মুদ্ৰা বজাৰখন হ’ল আৱশ্যকতাৰ ওপৰত প্ৰতিষ্ঠিত বজাৰ য’ত চাহিদা আৰু যোগানে বজাৰৰ আকৃতি নিৰ্ণয় কৰে।

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, সন্তোষ কুমাৰ আৰু ডেকা, শৈলেন. বেংকিং. পৃ. 96
  2. ↑ Introduction to Indian Financial System

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুদ্ৰা বজাৰ” প্ৰবন্ধৰ সংশোধন ৩৪২৯৪৮ (১৬ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।