অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

পিগি বেংক

পিগি বেংক (Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷

হালনাগাদ: ১ আগষ্ট ২০২১ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৪৫
সংশোধনৰ পৰামৰ্শ

পিগি বেংক (Piggy Bank) হ'ল এটা বাকচ বা বন্ধ পাত্ৰ,য'ত মুদ্ৰা সাঁচি ৰাখিব পাৰি৷ কিন্তু এই বেংকৰ লগত পিগি বা গাহৰিৰ কোনো সম্পৰ্ক নাই৷ আনকি সাঁচিব জনা জন্তু হিচাপেও গাহৰিৰ নাম নাই৷ কুকুৰে কেতিয়াবা হাড় মাটিত পুতি ভৱিষ্যতৰ বাবে সাঁচি থয়,কেৰ্কটুৱায়ো বাদাম সাঁচে,কিন্তু গাহৰিয়ে একো সাঁচি নাৰাখে৷ <ref name="গ্ৰন্থ ১" ১

ইতিহাস

১৪-১৫ শতিকাৰ পিগি বেংক (নেশ্যনেল মিউজিয়াম অফ ইণ্ডোনেছিয়া, জাকাৰ্টা)
১৪-১৫ শতিকাৰ পিগি বেংক (নেশ্যনেল মিউজিয়াম অফ ইণ্ডোনেছিয়া, জাকাৰ্টা)ছবি: Original uploader was Gunawan Kartapranata at en.wikipedia · CC BY-SA 3.0

পঞ্চদশ শতিকাত ধাতুবোৰ বেচ দামী আছিল আৰু বাচন-বৰ্তন হিচাপে ধাতু খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল৷ থাল-বাটিবোৰ পিগ (Pygg) নামৰ এবিধ সস্তীয়া মাটিৰে তৈয়াৰ কৰা হৈছিল৷ তদুপৰি এই মাটিৰে আন ধৰণৰ বন্ধ বা সৰু ছিদ্ৰ থকা পাত্ৰ তৈয়াৰ কৰা হৈছিল৷ গৃহিনীসকলে তেওঁলোকে ৰাহি কৰা কিছুমান মুদ্ৰা এনে মাটিৰ পাত্ৰত সাঁচি থৈছিল৷ তেওঁলোকে সেই বেংকক পিগ বা পিগি বেংক বুলি কৈছিল৷

প্ৰচাৰ

যেতিয়া পিগি বেংক বিখ্যাত হৈ উঠিল,আৰু তেনে কাম কৰা প্ৰতিষ্ঠানবোৰে পিগি বেংক তৈয়াৰ কৰিবৰ বাবে বহু অৰ্ডাৰ পালে৷ তেতিয়া তেওঁলোকে সেই বেংক বা পাত্ৰৰ আকৃতি গাহৰি বা পিগৰ দৰে কৰিলে,যাতে সৰু ল'ৰা-ছোৱালীবোৰ তাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে৷ সৰু ল'ৰা-ছোৱালীবোৰ সঁচাকৈয়ে তেনে আকাৰৰ দ্বাৰা আকৃষ্ট হ'ল আৰু পিগি বেংকেবেচ জনপ্ৰিয়তা অৰ্জন কৰিলে৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (২০১২). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৩

সম্পৰ্কিত শ্ৰেণী

বেংকিং

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিগি বেংক” প্ৰবন্ধৰ সংশোধন ২৮৯২০৫ (১ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।