বাৰ্মিজ বজাৰ হৈছে বাংলাদেশৰ কক্সবাজাৰ চহৰত অৱস্থিত এক প্ৰকাৰৰ বজাৰ।১ প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি চুৰিকটাৰী, লুঙি, শংখ, চকলেট, ডেকোৰেচনৰ সামগ্ৰী আদি কম দামত পোৱা যায়। ম্যানমাৰৰ পৰা ইয়ালৈ অহা সামগ্ৰীৰ বাবে ই বাৰ্মিজ বজাৰ নাম পাইছে।২ বাৰ্মিজ বজাৰ আচাৰৰ বাবেও জনপ্ৰিয়। ম্যানমাৰৰ পৰা অহা সকলো ধৰণৰ আচাৰৰ ইয়াত পোৱা যাব।৩ পৰম্পৰাগত বাৰ্মিজ বজাৰ কক্সবজাৰ চহৰৰ টেকপাৰাত অৱস্থিত। এই বাৰ্মিজ বজাৰত ৩০৬খন দোকান আছে।৪ ইয়াৰ উপৰিও কক্সবজাৰত কৰিম বাৰ্মিজ বজাৰ, আবু চেণ্টাৰ, বীচ টাৱাৰ, বানু প্লাজা, আমেনা শ্বপিং কমপ্লেক্স, উম্ম বাৰ্মিজ মাৰ্কেট, চৌদিয়া বাৰ্মিজ মাৰ্কেট, এন নাহাৰ শ্বপিং কমপ্লেক্স, আলোচয়া শ্বপিং কমপ্লেক্স, ৰুকিয়া বাৰ্মিজ মাৰ্কেট, চৌধুৰী শ্বপিং কমপ্লেক্স, জেএন প্লাজা, বীচ টাৱাৰ বাৰ্মিজ মাৰ্কেটকে ধৰি বিভিন্ন বাৰ্মিজ বজাৰ আছে।৫৩ কক্সবজাৰৰ উপৰিও পাটেংগা আৰু বান্দৰবানত বাৰ্মিজ বজাৰ আছে।৬৭
বাৰ্মিজ বজাৰ ১৯৬২ চনত এগৰাকী বৰ্মীয় মহিলাৰ উদ্যোগত সৃষ্টি হৈছিল। তেওঁ টেকপাৰাৰ বাৰ্মিজ প্ৰাথমিক বিদ্যালয়ৰ কাষত থকা তেওঁৰ ঘৰতে স্থানীয় ৰাখাইন হস্তশিল্প, মোনা, লুঙি, বিছনা-চাদৰ, চুৰট আদিৰ এখন সৰু দোকান স্থাপন কৰে। কক্সবজাৰলৈ অহা ঘৰুৱা আৰু বিদেশী পৰ্যটকসকলে তেওঁৰ দোকানত সজাই ৰখা বস্তুবোৰ চাবলৈ আহিছিল। পৰ্যটকৰ চাহিদাৰ কথা বিবেচনা কৰি তেওঁ নিজৰ ঘৰৰ সন্মুখত উনাং কক্সবজাৰ কটেজ ইণ্ডাষ্ট্ৰিজ নামৰ এখন দোকান খোলে। ইয়াৰ পিছত ৰাখাইন ষ্টোৰ, উমে ষ্টোৰ, নুৰানি এম্পোৰিয়াম, বিবি ফেশ্বন ডায়মণ্ড ষ্ট'ৰ আদি নামেৰে বহু কেইখন বাৰ্মিজ দোকান স্থাপন হয়। লাহে লাহে সেই সৰু দোকানখন এখন ডাঙৰ বজাৰ হৈ পৰিল।৮
তথ্যসূত্ৰ
- ↑ (16 December 2021). কক্সবাজাৰে তিল ধাৰণেৰ ঠাঁই নেই. দৈনিক যুগান্তৰ
- ↑ ৰহমান, ওসামা. (4 November 2014). COX'S BAZAR to-do list. দ্য ডেইলি ষ্টাৰ
- ↑ (9 February 2019). বাৰ্মিজ মাৰ্কেটে আচাৰেৰ ৰাজ্য. ৰাইজিং বিডি
- ↑ (30 January 2015). বাৰ্মিজ মাৰ্কেটেৰ ২৪৮ দোকান বন্ধ. প্ৰথম আলো
- ↑ (27 August 2021). সড়ক বেহাল, বাৰ্মিজ মাৰ্কেটে যান না পৰ্যটকেৰা. প্ৰথম আলো
- ↑ শাহৰিয়াৰ, আলাউদ্দিন. (21 August 2020). বান্দৰবানেৰ পূৰবী বাৰ্মিজ মাৰ্কেট পুড়ে ছাই. এনটিভি অনলাইন
- ↑ (3 August 2019). পতেঙ্গা সমুদ্ৰসৈকতে ৰমৰমা মাদক ব্যবসা. দৈনিক ইত্তেফাক
- ↑ ওয়াৰেসি, সুসান. (26 April 2020). Make your beach trip more exciting with Burmese market. টিনএজাৰ্স বিডি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্মিজ বজাৰ” প্ৰবন্ধৰ সংশোধন ৪১৯৬৬১ (২৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।