অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

বিত্তীয় বৰ্ষ

চৰকাৰী হিচাপকৰণ বা গভৰ্ণমেণ্ট একাউণ্টিংত বাজেটৰ উদ্দেশ্যেৰে এক বিত্তীয় বৰ্ষ (Financial Year) (বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা বিত্তীয় প্ৰতিবেদনৰ বাবেও ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৬ ৪১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চৰকাৰী হিচাপকৰণ বা গভৰ্ণমেণ্ট একাউণ্টিংত বাজেটৰ উদ্দেশ্যেৰে এক বিত্তীয় বৰ্ষ (Financial Year) (বা বাজেট বৰ্ষ) নিৰ্ধাৰণ কৰা হয়। দেশ অনুযায়ী এই বৰ্ষৰ আৰম্ভণি আৰু শেষ দিন পৃথক হয়। ইয়াক ব্যৱসায় আৰু অন্যান্য সংগঠনৰ দ্বাৰা বিত্তীয় প্ৰতিবেদনৰ বাবেও ব্যৱহাৰ কৰা হয়। বহুক্ষেত্ৰত আইন অনুসৰি কোম্পানীৰ বিত্তীয় প্ৰতিবেদন বাৰ্ষিক ভিত্তিত প্ৰস্তুত আৰু প্ৰকাশ কৰা প্ৰয়োজন যদিও সাধাৰণতে কেলেণ্ডাৰ বৰ্ষৰ (১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ) সৈতে ইয়াৰ মিল নাথাকিবও পাৰে। কৰ আইন অনুসৰি সাধাৰণতে হিচাপকৰণৰ নথি-পত্ৰ প্ৰস্তুত কৰিব লাগে আৰু বাৰ্ষিক ভিত্তিত কৰ গণনা কৰিব লাগে। ই সাধাৰণতে চৰকাৰী উদ্দেশ্যৰ বাবে ব্যৱহৃত বিত্তীয় বৰ্ষৰ সৈতে সামঞ্জস্যপূৰ্ণ। বাৰ্ষিক ভিত্তিত কৰ গণনা প্ৰত্যক্ষ কৰ, যেনে আয়কৰ আদিৰ বাবে বিশেষভাৱে প্ৰাসংগিক। বহুতো বাৰ্ষিক চৰকাৰী মাচুল যেনে পৰিষদৰ কৰ আৰু অনুজ্ঞা মাচুল, বিত্তীয় বৰ্ষৰ আধাৰত আৰোপ কৰা হয়। ভাৰতত বিত্তীয় বৰ্ষ ১ এপ্ৰিলত আৰম্ভ হৈ ৩১ মাৰ্চত শেষ হয়।১২

কিছুমান কোম্পানী, যেনে চিচকো চিষ্টেমচে৩প্ৰতি বছৰে সপ্তাহৰ একেটা দিনতে তেওঁলোকৰ বিত্তীয় বৰ্ষ সমাপ্ত কৰে। এই দিনটো এটা নিৰ্দিষ্ট তাৰিখৰ আটাইতকৈ ওচৰত থাকে (উদাহৰণ স্বৰূপে শুক্ৰবাৰে ৩১ ডিচেম্বৰৰ ওচৰত)। এনে প্ৰণালীৰ অধীনত কিছুমান বিত্তীয় বৰ্ষত ৫২ সপ্তাহ আৰু আনবোৰত ৫৩ সপ্তাহ থাকে।৪ কেলেণ্ডাৰ বৰ্ষটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৬৫% ৰাজহুৱা ভাৱে ব্যৱসায় কৰা কোম্পানী আৰু যুক্তৰাজ্যৰ বেছিভাগ বৃহৎ নিগমৰ দ্বাৰা বিত্তীয় বৰ্ষ হিচাপে ব্যৱহাৰ কৰা হয়।৫ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু জাপানৰ দৰে কিছু ব্যতিক্ৰমৰ বাহিৰে পৃথিৱীৰ বহুতো দেশত এনে কৰা হয়।৬

কিছুমান দেশত, বিত্তীয় বৰ্ষটো ই আৰম্ভ হোৱা কেলেণ্ডাৰ বৰ্ষৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণ স্বৰূপে, ভাৰতত ২০২২ চনৰ মাৰ্চত হোৱা ব্যয় ২০২১ বিত্তীয় বৰ্ষৰ অংশ হ'ব যি এপ্ৰিল-মাৰ্চৰ বিত্তীয় বৰ্ষপঞ্জীত অন্তৰ্ভুক্ত হ’ব। আন দেশবোৰত বিত্তীয় বৰ্ষটো ই শেষ হোৱা কেলেণ্ডাৰ বৰ্ষৰ দ্বাৰা সূচিত কৰা হয়। উদাহৰণ স্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰত, ২০২১ চনৰ ১৪ নৱেম্বৰ তাৰিখে হোৱা চৰকাৰৰ ব্যয় ২০২২ বিত্তীয় বৰ্ষৰ হ'ব যি অক্টোবৰ-ছেপ্টেম্বৰৰ বিত্তীয় বৰ্ষপঞ্জীত অন্তৰ্ভুক্ত হ’ব। ৭

কৰ বৰ্ষ

ব্যক্তি আৰু প্ৰতিষ্ঠানবোৰে আয়কৰ প্ৰতিবেদন দাখিল আৰু পৰিশোধ কৰাৰ বাবে বিত্তীয় বৰ্ষক প্ৰায়ে কৰদাতাৰ কৰ বৰ্ষ বা কৰযোগ্য বৰ্ষ বুলি কোৱা হয়। বহুতো ক্ষেত্ৰৰ কৰদাতাই তেওঁলোকৰ কৰ বৰ্ষ বাছনি কৰিব পাৰে।৮ কিছুমান দেশ যেনে কানাডা আৰু ছুইজাৰলেণ্ডত ফেডাৰেল বৰ্ষৰ সৈতে সংগতি ৰাখিবলৈ প্ৰাদেশিক কৰ বৰ্ষৰ প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰত ফেডাৰেল চৰকাৰে ১৯৭৬ চনত বিত্তীয় বৰ্ষৰ শেষৰ তাৰিখ ৩০ ছেপ্টেম্বৰলৈ সলনি কৰোঁতে বেছিভাগ ৰাজ্যই ৩০ জুনক বিত্তীয় বৰ্ষৰ শেষৰ তাৰিখ হিচাপে নিৰ্বাচন কৰিছিল। প্ৰায় সকলো অধিকাৰ ক্ষেত্ৰৰ বাবে কৰ বৰ্ষ ১২ মাহ বা ৫২/৫৩ সপ্তাহ হ'ব লাগে। ৯ অৱশ্যে, প্ৰথম বছৰ হিচাপে বা কৰ বৰ্ষ সলনি কৰোঁতে হ্ৰস্বম্যাদী বৰ্ষ গণনাৰ অনুমতি দিয়া হয়। ১০

বহুতো অধিকাৰ ক্ষেত্ৰৰ বাবে কৰ বৰ্ষটো বিত্তীয় প্ৰতিবেদনৰ বাবে কৰদাতাৰ বিত্তীয় বৰ্ষৰ সৈতে খাপ খোৱাটো প্ৰয়োজন। আমেৰিকা যুক্তৰাষ্ট্ৰ এই ক্ষেত্ৰত এক উল্লেখযোগ্য ব্যতিক্ৰম। ইয়াত কৰদাতাসকলে যিকোনো কৰ বৰ্ষ বাছনি কৰিব পাৰে, কিন্তু এনে বছৰৰ বাবেহিচাপৰ নথি-পত্ৰ মজুত ৰাখিব লাগিব। ৯

তথ্যসূত্ৰ

  1. ↑ The World Factbook
  2. ↑ (10 November 2008). Why financial year & calendar year differ in India?. Reuters
  3. ↑ Richtel, Matt. (12 May 2004). Cisco Profit For Quarter Slightly Beats Estimates. The New York Times. The New York Times Company
  4. ↑ Ed St John
  5. ↑ Thomson ONE Banker, Thomson Reuters Datastream and individual companies. (31 March 2011). FT UK 500 2011. Financial Times. The Financial Times Ltd
  6. ↑ Fiscal Year. The World Factbook. Central Intelligence Agency
  7. ↑ Definition of fiscal year investopedia.com
  8. ↑ See, e.g., U.S. IRS Publication 538
  9. ↑ 26 U.S. Code § 441 - Period for computation of taxable income. LII / Legal Information Institute
  10. ↑ 26 USC 443

সম্পৰ্কিত শ্ৰেণী

বাণিজ্যহিচাপবিদ্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিত্তীয় বৰ্ষ” প্ৰবন্ধৰ সংশোধন ৫৭৪৫৪৮ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।