মোহৰ হ’ল, সোণৰ মুদ্ৰা, যাক পূৰ্বতে ব্ৰিটিছ ভাৰত আৰু ইয়াৰ আসে-পাশে থকা কিছুমান স্বাধীন ৰাজ্য, মোগল সাম্ৰাজ্য, মাৰাঠা সাম্ৰাজ্য, নেপাল ৰাজ্য আৰু পাৰস্য (মূলতঃ আফগানিস্তান)কে ধৰি কেইবাখনো চৰকাৰে মুদ্ৰিত কৰিছিল। সাধাৰণতে এটা মোহৰৰ মূল্য পোন্ধৰ ৰূপৰ টকাৰ সমতুল্য আছিল। ১৯১৮ চনত ব্ৰিটিছ ভাৰতত শেষবাৰৰ বাবে ইয়াৰ মুদ্ৰা প্ৰস্তুত কৰা হৈছিল যদিও ১৯৪৭ চনৰ পিছত ভাৰতৰ সৈতে সংযুক্ত নোহোৱা কিছুমান স্বাধীন ৰাজ্যই এই মুদ্ৰাসমূহ চলাই আছিল। একেধৰণৰ মুদ্ৰা ব্ৰিটিছ কৰ্তৃপক্ষইও মোহৰ (১০ টকা), (৫ টকা) টকাৰ মূল্যত জাৰি কৰিছিল আৰু দ্বৈত মোহৰ(৩০ টকা) আৰু কিছুমান স্বাধীন ৰাজ্যই আধা মোহৰৰ মুদ্ৰা (৭ টকা আৰু ৮ আনাৰ সমান) জাৰি কৰিছিল।
মোহৰ মুদ্ৰা প্ৰথমে শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০ চনৰ পৰা ১৫৪৫ চনৰ ভিতৰত ভাৰতত তেওঁৰ শাসন কালত প্ৰৱৰ্তন কৰিছিল, এই মোহৰৰ মুদ্ৰাটো তেতিয়া ১৬৯ দানা (১০.৯৫ গ্ৰাম) ওজনৰ সোণৰ মুদ্ৰা আছিল। তেওঁ ডাম নামৰ তামৰ মুদ্ৰা আৰু ১৭৮ দানা (১১.৫৩ গ্ৰাম) ওজনৰ ৰূপিয়া নামৰ ৰূপৰ মুদ্ৰাও প্ৰৱৰ্তন কৰিছিল।১ পিছলৈ মোগল সম্ৰাটসকলে মুদ্ৰা ব্যৱস্থাটোক একত্ৰিত কৰাৰ উদ্দেশ্যে সমগ্ৰ উপমহাদেশখনতে ত্ৰিধাতুবাদৰ এই মুদ্ৰাটোক প্ৰামাণিক কৰি তুলিছিল।২৩
মোহৰ শব্দৰ উৎপত্তি
মোহৰ বা মহুৰ শব্দটো (পাৰ্চী শব্দ মুহ্ৰ{muhr}ৰ পৰা অহা, যাৰ অৰ্থ "ছীল" বা "নামাংকিত আঙুঠি") সংস্কৃত “মুদ্ৰা’’ শব্দৰ সৈতে সম্পৰ্কিত, যিটো পাছলৈ মুদ্ৰনমলৈ পৰিৱৰ্তিত হৈছিল, যাৰ আন অৰ্থ “ছাব’’।৪
সংগৃহীত মূল্য
মোগল সাম্ৰাজ্য, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ ৰাজমুকুটে জাৰি কৰা সোণৰ মোহৰ সংগ্ৰাহকৰ মূল্যৱান সামগ্ৰী আৰু নিলামত অধিক মূল্যত বিক্ৰী কৰা হয়। ৩০ টকা মূল্যৰ ডাবল মোহৰ (১৮৩৫ চনৰ পৰা ১৯১৮ চনৰ ভিতৰত মুদ্ৰা কৰা) আজিলৈকে জাৰি কৰা সৰ্বাধিক মূল্যৰ প্ৰচলিত মুদ্ৰা। ১৮৩৫ চনৰ এটা ডাবল মোহৰ বাংগালুৰুৰ নিলামত ১১.৫ লাখ টকাত বিক্ৰী কৰা হৈছিল; আৰু ই ভাৰতৰ এতিয়ালৈকে নিলামত সৰ্বাধিক দাম প্ৰাপ্ত মুদ্ৰা।৫
তথ্যসূত্ৰ
- ↑ Mughal Coinage at RBI Monetary Museum. Retrieved on May 4, 2008
- ↑ Smith 1917, পৃ. 274
- ↑ Gibbs, J. (1865). Proceedings of the Asiatic Society of Bengal. Calcutta. পৃ. 4–5
- ↑ Sanskritdictionary.com: Definition of mudraṇam. sanskritdictionary.com
- ↑ Srivatsa, Sharath S. (February 20, 2012). Collector mints a fortune from coin auction
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহৰ” প্ৰবন্ধৰ সংশোধন ৪১৯৭০৮ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।