আবাদান সংকট (Abadan Crisis) (ইৰাণ তেল সংকট) ১৯৫১ চনৰপৰা ১৯৫৪ চনলৈকে চলিছিল, যেতিয়া ইৰাণে বিপি নিয়ন্ত্ৰিত এংলো-ইৰানিয়ান তেল কোম্পানী (AIOC) ৰ ইৰাণী সম্পত্তি ৰাষ্ট্ৰীয়কৰণ কৰিছিল আৰু বিদেশী কোম্পানীসমূহক ইৰানৰ আবাদন চহৰৰ তেল শোধনাগাৰৰপৰা বহিষ্কাৰ কৰিছিল।
প্ৰস্তাৱনা
যুদ্ধৰ পিছৰ ব্ৰিটিছ যুগত ক্লেমেণ্ট এটলি আৰু আৰ্নেষ্ট বেভিনৰ নেতৃত্বত এআইঅ'চি আছিল ব্ৰিটেইনৰ "একক সৰ্বশ্ৰেষ্ঠ বিদেশী সম্পত্তি" আৰু "জাতীয় গৌৰৱৰ উৎস।" আনকি ১৯৪০ চনৰ দশক আৰু ১৯৫০ চনৰ আৰম্ভণিতে কিছুমান জ্যেষ্ঠ ব্ৰিটিছ বিষয়াই দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে পাৰ্চী তেলৰ মজুত সঁচাকৈয়ে আৰু সঠিকভাৱে ব্ৰিটিছৰ সম্পত্তি; ব্ৰিটিছে আৱিষ্কাৰ কৰিছিল, ব্ৰিটিছ মূলধনৰ সৈতে বিকশিত হৈছিল আৰু ব্ৰিটিছ দক্ষতা আৰু উদ্ভাৱনেৰে শোধন আৰু শোষণ কৰিছিল।১
ইয়াৰ সম্পূৰ্ণ বিপৰীতে ইৰানৰ প্ৰধানমন্ত্ৰী মহম্মদ মোছাদেগে ১৯৩৩ চনত ইৰাণ চৰকাৰে এআইঅ’চিক প্ৰদান কৰা তেলৰ ৰেহাই “অনৈতিক আৰু অবৈধ” বুলি বিশ্বাস কৰিছিল। মোছাদেগে ইৰাণত ব্ৰিটিছৰ বাণিজ্যিক উপস্থিতিৰ প্ৰতিটো দিশক প্ৰত্যাহ্বান জনায়। ব্ৰিটিছে আশংকা কৰিছিল যে যদিহে শেষত মোছাদ্দেকৰ নীতিয়ে জয়লাভ কৰে তেন্তে "বিশ্বৰ জাতীয়তাবাদীসকলে কোনো শাস্তিৰ ভয় নোহোৱাকৈ একপক্ষীয়ভাৱে ব্ৰিটিছে প্ৰদান কৰা বিভিন্ন বাণিজ্যিক অধিকাৰ বা ৰেহাই বাতিল কৰিব পাৰে।" ২
ৰাষ্ট্ৰীয়কৰণ
ৰ সৈতএ কৰমৰ্দন কৰি থকা অৱস্থাত।]]
১৯৫১ চনৰ মাৰ্চ মাহত ইৰাণৰ সংসদে এআইঅ’চিক ৰাষ্ট্ৰীয়কৰণ কৰে। ইৰাণীসকলৰ মাজত এই পদক্ষেপ অত্যন্ত জনপ্ৰিয় আছিল, কিয়নো তেওঁলোকে ইয়াক তেওঁলোকৰ দীৰ্ঘদিনীয়া জাতীয় সম্পদৰ ক্ষতি ৰোধ কৰাৰ উপায় হিচাপে দেখিছিল, যিটো তাৰ পিছত সমগ্ৰ দেশতে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। ব্ৰিটেইনত ৰাষ্ট্ৰীয়কৰণক চুক্তি ভংগ বা চুৰি বুলি বহুলভাৱে গণ্য কৰা হৈছিল। আমেৰিকাত ব্ৰিটিছ প্ৰতিনিধিয়ে যুক্তি দিছিল যে ইৰাণৰ তেল কোম্পানীটোক ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ দিয়াটো “ৰাছিয়ানসকলৰ বাবে বহুলাংশে জয় হিচাপে গণ্য কৰা হ’ব” আৰু ইয়াৰ ফলত “ব্ৰিটেইনৰ বাণিজ্য ভৰসাম্যত বছৰি এক কোটি পাউণ্ডৰ লোকচান হ’ব, যিয়ে আমাৰ পুনৰ অস্ত্ৰ-শস্ত্ৰৰ কাৰ্যসূচী আৰু জীৱন-যাপনৰ ব্যয়ত গুৰুতৰ প্ৰভাৱ পেলাব”।৩
ব্ৰিটিছ যুদ্ধ জাহাজে আবাডানক অৱৰোধ কৰে। ২২ আগষ্টত ব্ৰিটিছ কেবিনেটে ইৰাণৰ ওপৰত ধাৰাবাহিকভাৱে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ ভিতৰত আছিল চেনি আৰু তীখাকে ধৰি ব্ৰিটিছৰ প্ৰধান সামগ্ৰীৰ ৰপ্তানি নিষিদ্ধ কৰা, আবাদানৰ প্ৰায় ৩০০জন জ্যেষ্ঠ প্ৰশাসকৰ বাহিৰে বাকী সকলোকে ধৰি ইৰাণৰ তৈলক্ষেত্ৰৰপৰা ব্ৰিটিছ কৰ্মীক প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়া আৰু ব্ৰিটিছ বেংকত থকা বিদেশী মুদ্ৰাৰ একাউণ্টত ইৰাণৰ প্ৰৱেশ বন্ধ কৰা। ৪
১৯৫১ চনৰ শৰৎকালত ব্ৰিটিছ শ্ৰমিকৰ বিদায়ৰ পিছত ইৰাণীসকলে আত্ম-বিশ্বাসী হৈ আছিল যে তেওঁলোকে এই উদ্যোগটো চলাবলৈ অনা-ব্ৰিটিছ টেকনিচিয়ানক সহজেই নিযুক্তি দিব পাৰিব আৰু তাৰ পিছত তেওঁলোকৰ ঠাইত নিজৰ দেশবাসীক দ্ৰুতভাৱে প্ৰশিক্ষণ দিব পাৰিব। কিন্তু সেয়া নহ’ল: আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইডেন, বেলজিয়াম, নেদাৰলেণ্ড, পাকিস্তান আৰু পশ্চিম জাৰ্মানীয়ে—এই সকলোবোৰ দেশেই—ৰাষ্ট্ৰীয়কৃত ইৰাণৰ উদ্যোগৰ বাবে নিজৰ কাৰিকৰী বিদ্যাৰ যোগান ধৰিবলৈ অস্বীকাৰ কৰিলে। কেৱল ইটালীয়েহে এই কথাত সন্মতি দিলে; ইয়াৰদ্বাৰা প্ৰমাণিত হ'ল যে বেছিভাগ ঔদ্যোগিক দেশেই ৰাষ্ট্ৰীয়কৰণৰ বিতৰ্কত ইৰাণৰ পৰিৱৰ্তে ব্ৰিটেইনক সমৰ্থন কৰিছিল। ৫
১৯৫২ চনৰ জুলাই মাহত ৰয়েল নেভিয়ে ইটালীৰ টেংকাৰ ৰোজ মেৰী জব্দ কৰি বলপূৰ্বকভাৱে এডেনৰ ব্ৰিটিছ ৰক্ষিত অঞ্চললৈ টানি লৈ যায়, এই দোহাই দি যে এই টেংকাৰখনে কঢ়িয়াই অনা পেট্ৰলিয়াম চুৰি হোৱা সম্পত্তি। যেতিয়া ৰয়েল নেভিয়ে ইৰাণৰ তেল টেংকাৰ জব্দ কৰা বুলি খবৰ বিয়পি পৰিল, তেতিয়া আন টেংকাৰবোৰ আতংকিত হৈ পৰিল আৰু ইৰাণৰপৰা তেল ৰপ্তানি কাৰ্যতঃ বন্ধ হৈ গ’ল। ৬
অভ্যুত্থান
শ্বাহৰদ্বাৰা নিৰ্বাচিত আৰু মজলিছৰ অনুমোদন পোৱা প্ৰধানমন্ত্ৰীগৰাকীক ১৯৫৩ চনৰ ১৯ আগষ্টত যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুত্থানৰ ষড়যন্ত্ৰৰ পিছত ক্ষমতাৰপৰা অপসাৰণ কৰা হয়। এই অভ্যুত্থানৰ সময়ত অপাৰেচন আজাক্স ক’ড নামেৰে চিআইএ আৰু এমআই৬য়ে মহম্মদ ৰেজা পাহলাৱীক পুনৰ ক্ষমতালৈ ঘূৰাই আনে। ১৯৫৪ চনৰ আগষ্ট মাহত এআইঅ’চিক এটা আন্তঃৰাষ্ট্ৰীয় কনচৰ্টিয়ামৰ নিয়ন্ত্ৰণত ৰখা হয়। প্ৰথম অৱস্থাত কনচৰ্টিয়ামৰ মালিকীস্বত্বৰ অংশীদাৰিত্ব পাঁচটা প্ৰধান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী (৮% প্ৰতিটো)ৰ মাজত সমানে বিভক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, য’ত বিপিৰ হাতত ৪০%, শ্বেলৰ ১৪%, আৰু চিএফপিৰ হাতত আছিল ৬%। এআইঅ’চিৰ সৈতে হোৱা মূল চুক্তিৰ অধীনত ইৰানে লাভ কৰা ২০% অংশীদাৰিত্বৰ তুলনাত এতিয়া ইৰানে লাভৰ ২৫% লাভ কৰে। একে সময়তে ছৌদি আৰব আৰু অঞ্চলটোৰ অন্যান্য তেল উৎপাদনকাৰী দেশসমূহে আমেৰিকাৰ তেল কোম্পানীসমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে ৫০% পৰ্যন্ত লাভ লাভ কৰিছিল।
তথ্যসূত্ৰ
- ↑ William Roger Louis quoted in Mohammad Mosaddeq and the 1953 Coup in Iran Ed, by Mark J. Gasiorowski and Malcolm Byrne, Syracuse University Press, 2004, p.129
- ↑ William Roger Louis quoted in Mohammad Mosaddeq and the 1953 Coup in Iran Edited by Mark J. Gasiorowski and Malcolm Byrne, Syracuse University Press, 2004, p.148
- ↑ Kinzer, Stephen, All the Shah's Men: An American Coup and the Roots of Middle East Terror, Stephen Kinzer, John Wiley & Sons, 2003, p.90
- ↑ Kinzer, All the Shah's Men, (2003), p.110
- ↑ Heiss quoted in Mohammad Mosaddeq and the 1953 Coup in Iran Edited by Mark J. Gasiorowski and Malcolm Byrne, Syracuse University Press, 2004, p.182
- ↑ Kinzer, All the Shah's Men, (2003), p.138
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আবাদন সংকট” প্ৰবন্ধৰ সংশোধন ৬০৯৫৯০ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।