অৰ্থনীতি আৰু উদ্যোগ
কৃষি, চাহ, বাণিজ্য, উদ্যোগ আৰু জীৱিকা · ২৬০ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কেইন্সিয়ান ক্ৰছ
কেইন্সিয়ান ক্ৰছ (Keynesian cross) সমষ্টিবাদী অৰ্থনীতিৰ পাঠদানত সঘনে ব্যৱহৃত এক চিত্ৰ। এই চিত্ৰত ব্ৰিটিছ অৰ্থনীতিবিদ জন মেইনাৰ্ড কেইন্সে ১৯৩৬ চনত এ জেনেৰেল থিয়'ৰি অৱ এম্প্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানিত আগবঢ়োৱা তত্ত্বৰ সাৰ প্ৰতিফলিত।
-
কোটক মহিন্দ্ৰা বেংক
কোটক মহিন্দ্ৰা বেংক লিমিটেড হৈছে মুম্বাইত মুখ্য কাৰ্যালয় থকা ভাৰতীয় বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। ই ব্যক্তিগত বিত্ত, বিনিয়োগ বেংকিং, জীৱন বীমা, আৰু সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কৰ্পৰেট আৰু খুচুৰা গ্ৰাহকৰ বাবে বেংকিং সামগ্ৰী আৰু বিত্তীয় সেৱা আগবঢ়ায়।
-
ডিগবৈ তেল শোধনাগাৰ
ডিগবৈ তেল শোধনাগাৰ (Digboi Refinery) অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত এখন খাৰুৱা তেলৰ শোধনাগাৰ। ১৯০১ চনত অসম ৰে’লৱে আৰু ট্ৰেডিং কোম্পানীয়ে এই শোধনাগাৰটো স্থাপন কৰিছিল। সুদীৰ্ঘ ১০০ বছৰৰ ডেওনা পাৰ কৰা এইটোৱেই এছিয়াৰ সৰ্বপ্ৰথম শোধনাগাৰ।
-
দেনা
বিত্তীয় হিচাপকৰণত দেনাৰ অৰ্থ হৈছে এটা প্ৰতিষ্ঠানৰ ন্যায়িক ধাৰ বা কৰ্ত্তব্যসমূহ যি ব্যৱসায়িক কাৰ্যকলাপৰ পৰা উদ্ভৱ হয়। সময়ৰ লগে লগে দেনাসমূহ টকা, সামগ্ৰী বা সেৱাকে ধৰি অৰ্থনৈতিক লাভৰ হস্তান্তৰৰদ্বাৰা নিৰ্বাহ কৰা হয়।
-
নাঙল
নাঙল হৈছে ভাৰতৰ আদিম কৃষি যন্ত্ৰ। ই সাধাৰণত কৃষি কাৰ্যত ব্যৱহাৰ হোৱা এক ধৰণৰ যন্ত্ৰ। বীজ অথবা পুলি ৰোপণৰ বাবে মাটি তৈয়াৰি কৰিবলৈ নাঙল ব্যৱহাৰ কৰা হয়। কৃষি কাৰ্যত ব্যৱহৃত ই অন্যতম পুৰাতন যন্ত্ৰ।
-
পশমিনা
পশমিনা (Pashmina) হৈছে কাশ্মীৰী ঊলৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ গাত লোৱা গৰম-চাদৰ। সৰ্ব প্ৰথমে ভাৰতৰ কাশ্মীৰত এই কাপোৰ তৈয়াৰ কৰা হৈছিল। পশমিনা শব্দটো ফৰাচী শব্দ পাচমিনাৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ ঊলৰ পৰা প্ৰস্তুত কৰা। কাশ্মীৰী জাতৰ পাহাৰীয়া ছাগলীৰ পৰা এই ঊল সংগ্ৰহ কৰা হয়।
-
পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ
পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ বা পৰমাণৱিক বজাৰ (Perfect competition) এনে এক বজাৰ য'ত উৎপাদক আৰু উপভোক্তা দুয়োৱে মূল্য গ্ৰাহক: অৰ্থাৎ দুয়োৱে বজাৰ মূল্যক দিয়া হোৱা বুলি স্বীকাৰ কৰি নিজৰ নিৰ্ণয় গ্ৰহণ কৰে। আন শব্দত, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত কোনো নিৰ্ণয় গ্ৰহণকাৰীৰেই বজাৰ শক্তি নাথাকে।
-
ফেডাৰেল বেংক
ফেডাৰেল বেংক লিমিটেড হৈছে কেৰালাৰ আলুভা, কোচিত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংক। ১৯৩১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ দেশতে বিস্তৃত বেংকটোৰ মুঠ ১৩৩৬টা শাখা আছে আৰু ১৬০০টা এটিএমৰ নেটৱৰ্ক আছে।
-
বিতৰণ (অৰ্থনীতি)
অৰ্থনীতিৰ ক্ষেত্ৰত বিতৰণ (Distribution) বুলি ক’লে সেই পদ্ধতিটোক বুজাই য’ত ভূমি. শ্ৰম. মূলধন আৰু সংগঠনৰ সংঘবদ্ধ বৰঙণিত অৰ্থনীতিত উপযোগী দ্ৰৱ্য সৃষ্টি হয় আৰু সেই দ্ৰৱ্যটোৰ পৰা আহৰণ কৰা উপাৰ্জন পুনৰ সিহঁতৰ মাজত বিতৰণ (Distribution) কৰা হয়। জাতীয় আয়ৰ বিতৰণ ব্যৱস্থাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়।
-
বিধানসভাৰ সদস্য (ভাৰত)
বিধানসভাৰ সদস্য বা বিধায়ক (ইংৰাজী: Member of the Legislative Assembly বা চমুৱাই MLA) হ'ল ভাৰতৰ ৰাজ্যিক পৰ্যায়ৰ ব্যৱস্থাপক সভা বা বিধানসভাৰ এজন প্ৰতিনিধি। ভাৰতৰ প্ৰতিখন ৰাজ্যৰে এখনকৈ বিধানসভা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লী, পুডুচেৰী আৰু জম্মু আৰু কাশ্মীৰৰ নিজা বিধানসভা আছে।
-
ভাৰতীয় টকাৰ ইতিহাস
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম। হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ (ধাতু) অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপৰ পৰা উদ্ভৱ হৈছে।
-
ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দল
ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলে আন্তঃৰাষ্ট্ৰীয় ফিল্ড হকী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে, এই দল হকী ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত। নভৱৰ্ণা নামৰে পৰিচিত এই দলে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচনৰ বিশ্ব ৰেংকিঙত ২০২১ চনৰ আগষ্টৰ অনুসৰি সপ্তম স্থানত আছে আৰু এছিয়াৰ শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰিছে।
-
মুদ্ৰাস্ফীতি
অৰ্থনীতিত মুদ্ৰাস্ফীতি (inflation) বুলি ক'লে একেলেথাৰিয়ে সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মুল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক বুজোৱা হয়। মুদ্ৰাস্ফীতি হ'লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়; ইয়াৰ ফলস্বৰূপে, প্ৰতি মুদ্ৰাৰ এককৰ বিনিময়ত ক্ৰয় ক্ষমতা (purchasing power) হ্ৰাস পায়।
-
ৰয়ৰ সমীকৰণ
ৰয়ৰ সমীকৰণ ব্যষ্টিবাদী অৰ্থনীতিৰ এক অতিকৈ গুৰুত্বপূৰ্ণ সমীকৰণ। ফঁৰাচী অৰ্থনীতিবিদ ৰেণে ৰয়ৰ নামেৰে নামাংকিত এই সমীকৰণৰ ব্যৱহাৰ উপভোক্তা আচৰণ তত্ত্ব আৰু উৎপাদক আচৰণ তত্ত্বত বিশেষভাৱে কৰা হয়। এই প্ৰমেয়িকাত সাধাৰণ বা মাৰ্চেলিয়ান চাহিদা ফলনৰ সম্বন্ধ পৰোক্ষ উপযোগিতা ফলনৰ সৈতে স্থাপিত কৰা হয়।
-
অভয় মুদ্ৰা
অভয় মুদ্ৰা (আক্ষৰিক অৰ্থত 'নিৰ্ভীকতাৰ ইংগিত') হৈছে আশ্বাস আৰু নিৰাপত্তাৰ ইংগিত, যিয়ে ভয় দূৰ কৰে আৰু হিন্দু, বৌদ্ধ আৰু অন্যান্য ভাৰতীয় ধৰ্মত ঐশ্বৰিক সুৰক্ষা আৰু আনন্দ প্ৰদান কৰে। সোঁহাতখন কান্ধৰ ওপৰলৈকে ওপৰলৈ তুলি লোৱা হয়, হাতৰ তলুৱাখন বাহিৰলৈ আৰু আঙুলিবোৰ ওপৰলৈ আঙুলিয়াই দিয়া হয়।
-
অসমৰ অৰ্থনীতি
অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান।
-
ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক
ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (IPPB) হৈছে ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ পেমেণ্ট বেংক, যাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। ই ভাৰতীয় ডাক সেৱাৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান।
-
এনএছডিএল পেমেণ্টছ বেংক
এনএছডিএল পেমেণ্টছ বেংক লিমিটেড (এনপিবিএল) হৈছে ভাৰতৰ নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেড (এনএছডিএল)ৰ সহযোগী কোম্পানী। এনপিবিএলে ২০১৬ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা পেমেণ্ট বেংক হিচাপে কাম কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল।
-
এয়াৰটেল পেমেণ্টছ বেংক
এয়াৰটেল পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন অগ্ৰণী পেমেন্টছ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। এই কোম্পানীটো ভাৰতী এয়াৰটেল লিমিটেড (চমুকৈ এয়াৰটেল)ৰ সহযোগী প্ৰতিষ্ঠান।
-
এৰ'ৰ অসম্ভৱতা উপপাদ্য
সামাজিক নিৰ্ণয় তত্ত্বত এৰ'ৰ অসম্ভৱতা উপপাদ্যই কয় যে এনে কোনো সামাজিক কল্যাণ ফলন নাই যিয়ে অবাধিত আদিক্ষেত্ৰ, দুৰ্বল পাৰেট' নীতি, অপ্ৰাসংগিক বিকল্পৰ স্বাধীনতা আৰু একনায়কত্বৰ অভাৱৰ চৰ্ত পূৰ্ণ কৰে।
-
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক (NESFB) হৈছে অসমৰ গুৱাহাটীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ক্ষুদ্ৰ বিত্তীয় বেংক। ২০১৬ চনৰ ১৬ ডিচেম্বৰত নিগমিত হোৱা এই বেংকটোৱে ২০১৭ চনৰ ১৭ মাৰ্চত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ক্ষুদ্ৰ বিত্তীয় বেংক হিচাপে কাম কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰে।
-
পাম তেল
পাম তেল ( Palm Oil)পামৰ ফলৰ ৰঙা ৰঙৰ ৰসাল আঁহৰ পৰা আহৰণ কৰা এবিধ উদ্ভিদজাত খোৱা তেল। খাদ্য প্ৰস্তুত, সৌন্দৰ্য সামগ্ৰী, জৈৱ ইন্ধন হিচাপে এই তেল ব্যৱহাৰ কৰা হয়। ২০১৪ চনত তৈলজাত শস্যৰ পৰা উৎপাদিত সমগ্ৰ বিশ্বৰ মুঠ তেলৰ প্ৰায় ৩৬% তেল পাম তেলৰ তেল আছিল।
-
পেটিএম পেমেণ্টছ বেংক
ভাৰতৰ অন্যতম বৃহৎ ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএমৰ মূল কোম্পানী ওৱান নাইন্টিচেভেন কমিউনিকেশ্বন লিমিটেড (ইংৰাজী: One97 Communications Limited) ৰ সহযোগী প্ৰতিষ্ঠান পেটিএম পেমেণ্টছ বেংক লিমিটেড (PPBL) হৈছে ভাৰতৰ এটা ডিজিটেল বেংক।
-
ফিনো পেমেণ্টছ বেংক
সাধাৰণতে ফিনো পেমেণ্টছ বেংক নামেৰে জনাজাত ফিনো পেমেণ্টছ বেংক লিমিটেড হৈছে মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা ভাৰতীয় পেমেণ্টছ বেংক। ২০১৫ চনত নিগমিত হোৱা এই বেংকটোৱে ২০১৭ চনত কাৰ্য্যকলাপ আৰম্ভ কৰে।
-
বিত্ত
বিত্ত বা ফাইনেন্স (Finance) মানে ধনৰ ব্যৱস্থাপনা, গতি-বিধি, বিনিয়োগ আৰু সংগ্ৰহ। বিত্ত বা ফাইনেন্স (Finance) শব্দটোৱে এইবোৰ অধ্যয়ন কৰা একাডেমিক শাখাকো বুজায়।
-
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap in India) হৈছে বেতনপ্ৰাপ্ত নিযুক্তি আৰু শ্ৰমিক মাজত মহিলা আৰু পুৰুষৰ মাজত উপাৰ্জনৰ পাৰ্থক্য। ২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল।
-
ভাৰতীয় টকাৰ চিহ্ন
ভাৰতীয় টকাৰ চিহ্ন ₹ (কোড: INR) হৈছে ভাৰতীয় টকাৰ মুদ্ৰা চিহ্ন, ভাৰতৰ চৰকাৰী মুদ্ৰা। উদয় কুমাৰৰ দ্বাৰা ডিজাইন কৰা, ইয়াক ভাৰত চৰকাৰে ১৫ জুলাই ২০১০ তাৰিখে জনসাধাৰণৰ আগত উপস্থাপন কৰিছিল, ভাৰতীয় বাসিন্দাসকলৰ মাজত মুকলি প্ৰতিযোগিতাৰ জৰিয়তে ইয়াৰ বাছনিৰ পিছত।
-
মিউচুৱেল ফাণ্ড
মিউচুৱেল ফাণ্ড হৈছে পেছাদাৰীভাৱে পৰিচালিত বিনিয়োগ ফাণ্ড যিয়ে বহু বিনিয়োগকাৰীৰ পৰা ধন একত্ৰিত কৰি ছিকিউৰিটি ক্ৰয় কৰে। এই শব্দটো সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ভাৰতত ব্যৱহাৰ কৰা হয়, আনহাতে সমগ্ৰ বিশ্বতে একেধৰণৰ গাঁথনিসমূহৰ ভিতৰত ইউৰোপৰ SICAV ('ভেৰিয়েবল কেপিটেলৰ সৈতে বিনিয়োগ…
-
অঞ্জলি মুদ্ৰা
অঞ্জলি মুদ্ৰা (সংস্কৃত:अञ्जलि मुद्रा, ) হৈছে এটা হাতৰ ভঙ্গি, যি প্ৰধানকৈ ভাৰতীয় ধৰ্ম আৰু কলাৰ সৈতে জড়িত আৰু সমগ্ৰ এছিয়াতে ব্যাপ্ত। এই মুদ্ৰা ভাৰতীয় শাস্ত্ৰীয় নৃত্য যেনে, ভৰতনাট্যম, যোগাভ্যাস, আৰু নমস্কাৰ কৰাৰ অভিবাদনৰ অংশ ৰূপে ব্যৱহৃত হয়।
-
অসমৰ কুঁহিয়াৰ শাল
অসমত সৰহীয়া কুঁহিয়াৰৰ খেতিয়কে ঘৰুৱাভাৱে গুৰ প্ৰস্তুত কৰোঁতে কুঁহিয়াৰৰ ৰস চেপিবলৈ পৰম্পৰাগত ভাৱে এই প্ৰৱন্ধত উল্লেখ কৰা কুঁহিয়াৰ শালখন ব্যৱহাৰ কৰে। অৱশ্যে যান্ত্ৰিকীকৰণৰ ফলত এসময়ত উজনি অসমৰ অনেক খেতিয়কে ব্যৱহাৰ কৰা এই শালখনৰ গুৰুত্ব আজিকালি প্ৰায় লোপ পাইছে।