অহিংসা ৰেচম (Ahimsa silk) ( সংস্কৃত ahiṃsā শব্দৰ অৰ্থ হৈছে 'অহিংসা')ক শান্তি ৰেচম বুলিও কোৱা হয়৷১ ই হৈছে অহিংস পদ্ধতিৰে ৰেচম পলুৰ প্ৰজনন আৰু ৰেচম চপোৱাৰ এক পদ্ধতি। ঘৰচীয়া জাততকৈ বনৰীয়া ৰেচম মথৰ প্ৰজনন কৰা হয়। ইয়াৰ দ্বাৰা ৰেচম পলুৰ ৰূপান্তৰ মথ পৰ্যায়লৈ সম্পূৰ্ণ হ'ব পাৰে, আনহাতে বেছিভাগ ৰেচম চপোৱাৰ বাবে ৰেচমৰ লেটাবোৰক খোলা অৱস্থাত হত্যা কৰিব লাগে।২ কোনো প্ৰাণীয়েই যাতে ৰেচম উৎপাদনৰ বাবে কষ্ট নাপায় বা মৃত্যুবৰণ নকৰে, আনহাতে জীৱ-জন্তুৰ ক্ষতি কৰাত আপত্তি কৰাসকলৰ বাবে ই স্বাভাৱিক ৰেচমৰ অনুকূল বিকল্প।
প্ৰক্ৰিয়া
লেটাৰ পৰা চকৰা-চকৰী ওলাবলৈ দি তাৰ পিছত বাকী থকা ৰেচম খোলাৰ পৰা পোৱা ৰেচম ব্যৱহাৰ কৰা হয়।৩
বম্বিক্স মৰি (মালবেৰী ৰেচম পলু বা মালবেৰী ৰেচম মথ বুলিও কোৱা হয়) অহিংস ৰেচম সৃষ্টিৰ বাবে পছন্দৰ প্ৰজাতি হ'লেও, আন কেইটামান প্ৰজাতি আছে যিবোৰ অসিংহ ৰেচম শ্ৰেণীৰ অন্তৰ্গত, যিবোৰৰ সংজ্ঞা প্ৰজাতিৰ দ্বাৰা নহয়, বৰঞ্চ সেইবোৰ চপোৱাৰ পদ্ধতিৰ দ্বাৰাহে সংজ্ঞায়িত কৰা হয়। এই প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা আন প্ৰকাৰৰ ৰেচম পলুবোৰ হৈছে আইলান্থাছ ৰেচম মথৰ এটা উপপ্ৰজাতি আৰু কেইবাবিধো টুছা বা তছৰ মথ: চীনা টুছা মথ, ভাৰতীয় তছৰ মথ আৰু মুগা মথ।৪
আইলান্থাছ ৰেচম মথৰ উপপ্ৰজাতি ছেমিয়া চিন্থিয়া ৰিচিনিয়ে এৰা বা কেচভ' গছৰ পাত খায়। ইয়াক এৰী ৰেচম বুলিও জনা যায়।এই বিশেষ পতঙ্গবিধৰ খোলাৰ পৰা এৰী ৰেচম প্ৰস্তুত কৰা হয় আৰু ইয়াক সাধাৰণ তাপ দি মৰাৰ তুলনাত কম হিংস্ৰ পদ্ধতিৰেও উৎপাদন কৰা হয়, কিন্তু এৰি ৰেচমৰ গুণগত মান প্ৰায়ে বম্বিক্স মৰিৰ পৰা সৃষ্ট ৰেচমৰ তুলনাত কম বুলি ধৰা হয়।৫
গুণাগুণসমূহ
অহিংসাৰ ধাৰণাটোক আগুৰি থকা আদৰ্শৰ পৰা অহিংস ৰেচমৰ মূল গুণসমূহৰ উদ্ভৱ হৈছে। ইয়াৰ ফলত ৰেচম সৃষ্টি কৰা সত্তাৰ কোনো ক্ষতি নোহোৱাকৈ ৰেচম সূতা পাব পৰা যায়। এই আদৰ্শসমূহে জৈন, হিন্দু আৰু বৌদ্ধ ধৰ্মৰ দৰে ধৰ্মক আকৰ্ষণ কৰে যাৰ অনুগামীসকলে আন জীৱৰ প্ৰতি সকলো ধৰণৰ আঘাত ত্যাগ কৰে। অহিংস জীৱনশৈলীৰ সমৰ্থকসকলে শেহতীয়াকৈ শান্তিৰ ৰেচমক তেওঁলোকৰ জীৱনশৈলীৰ লগত খাপ খাই আছে বুলি বিশ্বাস কৰিছে৷
শান্তি ৰেচমৰ বাবে এই প্ৰক্ৰিয়াত অতিৰিক্ত ১০ দিনৰ প্ৰয়োজন হয় যাতে লেটাবোৰ পূৰ্ণবয়স্ক হ’ব পাৰে আৰু মথবোৰ খোলাৰ পৰা ওলাই আহিব পাৰে। ইয়াৰ বিপৰীতে মানক প্ৰক্ৰিয়াত খোলা সম্পূৰ্ণ হোৱাৰ পিছত যিমান পাৰি সোনকালে লেটাবোৰ হত্যা কৰাৰ বাবে প্ৰায় ১৫ মিনিট সময় লাগে৷ ৰেচমৰ আঁহবোৰ ফালি মথ ওলাই যোৱাৰ পিছত চপোৱা খোলাৰ পৰা এক ষষ্ঠাংশ ফিলামেণ্ট উৎপাদন হয়৷ ইয়াৰ ফলত অহিংস ৰেচমৰ মূল্য বৃদ্ধি পায়, যাৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ৬,০০০ টকা (৯২ মাৰ্কিন ডলাৰ) — সাধাৰণ ৰেচম সূতাৰ মূল্যৰ প্ৰায় দুগুণ।৬
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ heritagemoda.com/blogs/blogs/what-is-peace-silk-
- ↑ (20 September 2021). Peace Silk: The Complete Guide. The Uptide
- ↑ Cook, Michael. Ahimsa (Peace) Silk – Why I Think it Doesn't Add Up. Wormspit.com
- ↑ Wangkiat, Paritta. (19 February 2017). Ericulture reeling them in. Bangkok Post
- ↑ Stancati, Margherita. (January 4, 2011). Taking the Violence Out of Silk. The Wall Street Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহিংস ৰেচম” প্ৰবন্ধৰ সংশোধন ৫৬২৭১৯ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।