কাৰ্টেল (Cartel) হৈছে স্বতন্ত্ৰ বজাৰ-অংশগ্ৰহণকাৰীৰ এটা গোট যি তেওঁলোকৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ ইজনে সিজনৰ সৈতে মিত্ৰতা কৰে। কাৰ্টেল সাধাৰণতে একে ব্যৱসায়িক ক্ষেত্ৰৰ সংগঠন অৰ্থাৎ প্ৰতিদ্বন্দ্বীসকলৰ মিত্ৰতা। বেছিভাগ ক্ষেত্ৰতে ইয়াক প্ৰতিযোগিতাবিৰোধী আচৰণ বুলি বিবেচনা কৰা হয় আৰু এনে ধৰণৰ প্ৰথাক অবৈধ ঘোষণা কৰে। কাৰ্টেলত মূল্য নিৰ্ধাৰণ, নিবিদা ৰিগিং, আৰু উৎপাদন হ্ৰাস অন্তৰ্ভুক্ত হৈ থাকে। কাৰ্টেলৰ বিশ্লেষণ কৰা অৰ্থনীতিৰ মতবাদক কাৰ্টেল তত্ত্ব বুলি জনা যায়। কাৰ্টেলন অন্যান্য প্ৰকাৰৰ মিত্ৰতা বা যেনে কৰ্পোৰেট মাৰ্জাৰ বা ব্যৱসায় সংগঠনৰ একত্ৰীকৰণৰ পৰা পৃথক।
ব্যুৎপত্তি
কাৰ্টেল শব্দটো ইটালিয়ান শব্দ কাৰ্টেলোৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে "কাগজৰ পাত" বা "প্লেকাৰ্ড", আৰু এই শব্দটো লেটিন ভাষাৰ চাৰ্টা শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "কাৰ্ড।" ১ ইটালিয়ান শব্দটো মধ্য ফৰাচী ভাষাত কাৰ্টেল হৈ পৰিছিল আৰু ইয়াক ইংৰাজীত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। ইংৰাজীত এই শব্দটো মূলতঃ যুদ্ধৰত ৰাষ্ট্ৰসমূহৰ মাজত ১৬৯০ৰ দশকৰ পৰা বন্দীসকলৰ চিকিৎসা আৰু আদান-প্ৰদান নিয়ন্ত্ৰণত ৰখাৰ বাবে লিখিত চুক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।২১ ১৮৯৯ চনৰ পৰা প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহৰ মাজত যিকোনো আন্তঃচৰকাৰী চুক্তিৰ অৰ্থত এই শব্দটোৰ ব্যৱহাৰ সাধাৰণীকৰণ হৈ পৰে।১
আন্তৰ্জাতিক চুক্তিৰ সলনি এটা অৰ্থনৈতিক গোটৰ বৰ্ণনা কৰিবলৈ ইংৰাজী শব্দ কাৰ্টেলৰ ব্যৱহাৰ ১৮০০ৰ দশকৰ বহু পিছত জাৰ্মান শব্দ কাৰ্টেলৰ পৰা আহৰণ কৰা হৈছি আৰু ইয়াৰ মূল আছিল ফৰাচী শব্দ কাৰ্টেল।১ ১৮৪৬ চনত জাৰ্মান ৰেল কোম্পানীসমূহৰ মাজত প্ৰথমবাৰৰ বাবে শুল্ক আৰু কাৰিকৰী মানকৰণৰ প্ৰচেষ্টা বৰ্ণনা কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ cartel · Search Online Etymology Dictionary. www.etymonline.com
- ↑ Definition of CARTEL. www.merriam-webster.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্টেল” প্ৰবন্ধৰ সংশোধন ৩১৩১২০ (৭ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।