কাকজান চাহ বাগিছা যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ চনত ইয়াৰ পৰা ভেলাগুৰি চাহ বাগিছাক পৃথক কৰাৰ আগলৈকে, কাকজান চাহ বাগিছা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা হিচাপে পৰিগণিত হৈছিল৷১
ইতিহাস
এই চাহ বাগিচাখন ১৮৯৭ চনত জেমছ্ ফিনেলি ও কোম্পানীৰ অধীনত কানান ডেৱান হিলছ্ প্ৰডিউচে প্ৰতিষ্ঠা কৰিছিল৷ ১৯৮৩ চনত বাগিছাখন টাটা টি লিমিটেডৰ অধীনলৈ যায় আৰু ২০০৮চনত এমালগেমেটেড প্লেন্টেচন প্ৰাইভেট লিমিটেড(টাটাৰ অধিনষ্ঠ উদ্যোগ) ৰ অধীনলৈ যায় ৷২
বাগিছা
১৬.২২ বৰ্গ কি: মি: ৰ বাগিছাখনত ৯৫০.৮১ হেক্টৰ কৃষিভূমি আৰু ৯২৯.৮৯ হেক্টৰ উৎপাদন ভূমি আছে৷ বাগিছাখনত বছৰি ৩.৬ লাখ কি:গ্ৰা: চাহ উৎপাদন হয়।৩
প্ৰাথমিক তথ্যসমূহ
| Mature Area | 865.79 hectares |
| Immature Area | 74.10 hectares |
| Total Production of CTC Tea | 3.60 lakh kilograms |
| Area Under Rehabilitation Crop | 10.92 hectares |
| Total Tea Area | 950.81 hectares |
| VP Nursery | 4.45 hectares |
| Area suitable for Tea | 16.00 hectares |
| Area under Seed Bari | 5.00 hectares |
| Area not suitable for tea | 133.71 hectares |
| Land used for Roads Drains etc. | 84.17 hectares |
| Land used for as Grazing and Khet Land | 196.48 hectares |
| Land occupied for building & establishments | 227.79 hectares |
| Land used for Aquaculture | 3.82 hectares |
| Total Estate Area | 1622.23 hectares |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকজান চাহ বাগিছা” প্ৰবন্ধৰ সংশোধন ৫২৮৫২০ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।