
অসমৰ স্বৰ্ণ শিল্পই (Gold crafts of Assam) কামৰূপৰ যুগৰে পৰা অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে৷ পৌৰাণিক গ্ৰন্থ যেনে অৰ্থশাস্ত্ৰ, কালিকা পুৰাণ বা যোগিনী তন্ত্ৰত প্ৰাচীন অসমৰ সোণ আৰু সোণৰ অলংকাৰৰ বিষয়ে উল্লেখ পোৱা যায়।১ অসমত পুৰুষ মহিলা উভয়ৰে পৰিধেয় অলংকাৰৰ উপৰি মূৰ্তি আৰু আন আন সামগ্ৰী সোণেৰে তৈয়াৰ কৰা এক উদ্যোগ গঢ়ি উঠিছিল৷ এই শিল্পৰ ইতিহাস অতি পুৰণি৷ গ্ৰীক গ্ৰন্থ “পেৰিপ্লাছ অৱ দ্যা এৰিথ্ৰিয়ান ছি’’ৰ বৰ্ণনা অনুসৰি সেইসময়ৰ অসমৰ ভূখণ্ডৰ পৰা নিষ্কাশিত সোণ ত্ৰিপুৰা হৈ গঙ্গা নদী অৱবাহিকাৰ আশেপাশে থকা বিভিন্ন ব্যৱসায়িক কেন্দ্ৰলৈ গৈছিল৷ পালবংশী ৰজা জয়পালৰ সময়ৰ এখন শিলালিপি অনুসৰি ৰজাই নিজৰ দেহৰ সমান ওজনৰ স্বৰ্ণমুদ্ৰা ব্ৰাহ্মণক দান কৰাৰ কথা জনা যায়৷ ১৩শ শতিকাৰ পাৰ্ছীয়ান ইতিহাসবিদ মিনহাজ আল ছিৰাজ জুজজানিৰ “তাবাকাৎ ই নাছিৰি’’ নামৰ কিতাপমতে সেইসময়ৰ কামৰূপ ৰাজ্যৰ এটা মন্দিৰত সোণ আৰু ৰূপৰ বহুকেইটা মূৰ্তি পোৱা গৈছিল৷ চাণক্যৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰত প্ৰাচীন কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ত হিমালয়ৰ পৰা বৈ অহা নদীৰ বালিৰ পৰা প্ৰচুৰ পৰিমাণে সোণ আহৰণ কৰাৰ কথাৰ উল্লেখ আছে৷ ২
স্বৰ্ণ প্ৰবাহিনী নদী
অসমত প্ৰাচীন কালতে বহুকেইখন নদীৰ বালিৰ পৰা সোণ উৎপাদন কৰা এক উদ্যোগৰ সৃষ্টি হৈছিল৷ নদীসমূহৰ ভিতৰত সোৱণশিৰীত প্ৰচুৰ পৰিমাণে সোণ পোৱা গৈছিল৷ সংস্কৃত শব্দ “স্বৰ্ণ’’ৰ অপভ্ৰংশৰ পৰাই এই নদীৰ নাম “সোৱণশিৰী’’ হয়৷ সোৱণশিৰীৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদ, বুঢ়ীদিহিং, দিক্ৰং, বৰপানী, ধনশিৰি, দিহিং, দিগাৰু, জাগলু আদি নদীত সোণ পোৱা গৈছিল৷ জাগলু নদীৰ সোণ উজ্জ্বল হালধীয়া বৰণৰ আৰু এই সোণেই আটাইতকৈ নিভাঁজ বুলি গণ্য কৰা হৈছিল৷ অসমৰ বিভিন্ন ৰাজ্যৰ ৰাজপৰিয়ালৰ আ-অলংকাৰ এই সোণৰ পৰা তৈয়াৰ কৰা হৈছিল৷৩ সোণ কমোৱা অসমৰ আন আন নদীবোৰ হ’ল, টেঙাপানী, পৰুৱা, দিহং, দিবাং, ঢল, দিচাং, ডিবুৰু, ডিজু, কাকৈ, কদম সোমদিৰী, খৰৈ,বৰৈ, বৰগাং, বৰদিখৰী, ভৰলী, মানশিৰী, কলিজুৰি, ডেকাজুৰি, পমা, গৰুৱা, মানাহা, বুঢ়ীগঙ্গা, দিচৈ আদি বহুতো সৰু-বৰ নৈত সোণ কমোৱা হৈছিল৷৪
সোণৰ জোখমাখ
প্ৰাচীন কালৰে পৰা অসমীয়া সমাজত জোখ-মাখৰ কিছুমান স্বকীয় পদ্ধতি আছিল৷ সোণ, ৰূপ, ৰত্ন আদি জুখিবলৈ কিছুমান একক ব্যৱহাৰ কৰা হৈছিল, যিবোৰক আধলি, আনা, চৰু, তোলা, ৰতি, সিকি আদি শব্দেৰে জনা যায়৷ আধলি=৫.৮৩২ গ্ৰাম; আনা=৭২৯ মিলিগ্ৰাম; তোলা=১১.৬৪৬ গ্ৰাম; ৰতি=১৬২ মিলিগ্ৰাম; সিকি=চাৰি আনা৷৫ চৰু=সোণৰ গুড়ি গলোৱা মুহি৷ সোণোৱালসকলে নৈৰ বালি ধুই উলিওৱা সোণ পাৰাৰ সহায়ত পৃথক কৰি মুহিবোৰত একোটা পিণ্ড তৈয়াৰ কৰিছিল৷ এই মুহিবোৰক “চৰু’’ বোলা হৈছিল৷ এক চৰু সোণত প্ৰায় ১৫.১৮ গ্ৰাম সোণ থাকে৷৬
সোণাৰী
সোণৰ আ-অলংকাৰ গঢ়া শিল্পীসকলক সোণাৰী বোলে৷ সোণাৰীসকলে সোণ, ৰূপ, তাম আদি ধাতুৰ অলংকাৰ তৈয়াৰ কৰিছিল৷ চুতীয়া ৰাজ্যত "সোণাৰী" খেল এটা দেখা গৈছিল।৭৮ চুতীয়া ৰজা দুৰ্লভনাৰায়ণৰ ১৪২৮ চনৰ তামৰ ফলিত "কৃষ্ণ সাধু" নামৰ এজন স্বৰ্ণকাৰ বা সোণাৰীৰ উল্লেখ পোৱা গৈছে।৯ ১৫২৪ত চুতীয়া ৰাজ্য জয় কৰাৰ পাছত এই খেলৰ মানুহক চৰাইদেউত থাকিবলৈ দিয়া হৈছিল য'ৰ পৰা বৰ্তমানৰ সোণাৰি অঞ্চলটোৰ নাম হৈছিল। এয়াই সোণৰ কাৰুকাৰ্য্যৰ বুৰঞ্জীৰ প্ৰথম উল্লেখ। সোণাৰী সকলৰ বাদেও চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ পৰা বিভিন্ন ধৰণৰ সোণৰ সম্পদ লুণ্ঠন কৰা হৈছিল যিবোৰ দিহিঙে দি আনি চাৰিং অঞ্চলত ৰখা হৈছিল।১০ তাৰ ভিতৰৰ সোণৰ পীৰা, সোণৰ জাপি, সোণৰ খাৰু, সোণৰ কেৰু/কাণফুলি, সোণৰ ছত্ৰ, সোণৰ ককালি, ইত্যাদি আহোম ৰজা সকলে ব্যৱহাৰ কৰিবলৈ লৈছিল।১১১২
১৭ শতিকাৰ আহোম ৰাজত্বকালত মহাৰাজ বুদ্ধি স্বৰ্গনাৰায়ণ বা প্ৰতাপসিংহৰ দিনত কোচবেহাৰৰ সোন্দৰ গোহাঁইৰ লগত অহা মানুহখিনিয়ে সোণৰ কাম কৰিছিল৷ তেওঁলোকে মূৰ্তি, কাঁহী, আঙঠি আদি তৈয়াৰ কৰিছিল৷ বুৰঞ্জীত উল্লেখ কৰা মতে প্ৰতাপসিংহৰ পুত্ৰ ভগা ৰজাই চুতীয়া সোণাৰী এজনৰ জীয়ৰী এগৰাকী বিয়া ৰাণী পাতিছিল।১৩ স্বৰ্গদেৱ চুখ্ৰংফাৰ দিনত জয়পুৰ আৰু বেনাৰচলৈ অসমৰ পৰা সোণৰ কাম কৰা মানুহ পঠিয়াই অলংকাৰ গঢ়াৰ কাম শিকাই আনি থাপিছিল৷ ইয়াৰ আগতে যিসকল লোকে সোণৰ অলংকাৰ গঢ়িছিল, সেই অলংকাৰবোৰ চকুতলগা নহৈছিল৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়পুৰ আৰু বেনাৰচত শিকাই অনা দুজন লোকক ’ৰাজশাল’’ পাতি দি তেওঁলোকক বৰদলৈ উপাধি দিছিল৷৪পূৰ্বতে সোণাৰীসকলে ছত্ৰ, লগুণ, আঙঠি আদি চুৰেম্ফাই হয়গ্ৰীৱ মাধব মন্দিৰত দান কৰাৰ কথা জনা যায়৷৬ কালক্ৰমত সোণৰ আ-অলংকাৰ গঢ়া, মিনা কৰা, সোণ-পানী ছটিওৱা অলংকাৰ প্ৰস্তুত কৰা আদি কামৰ প্ৰসাৰ হ’বলৈ ধৰে আৰু অসমত স্বৰ্ণ শিল্প কুটীৰ উদ্যোগ হিচাপে গঢ়ি উঠে৷
সোণাৰী শালৰ বিভিন্ন সঁজুলি
প্ৰাচীন অসমত সোণাৰীসকলে ব্যৱহাৰ কৰা সঁজুলিবোৰ হ’ল, মাঠনি(ডাঙৰ, সৰু, মজলীয়া হাতুৰী), চৰাই মাঠনি(পিতলৰ সৰু হাতুৰী), ৰেসনি, নৰনি, আফুৰি, ঘৰ, ঠিহা, কাটি, ঘুটি, ফলি, আকোৱা, ৰেতি, ঘোটনী, শান, মুহি, ঢালনা, কাকোন, চেপেনা, লেপ, সৰাহ, গোটালিমৰীয়া, ধেকা, ভাটি, ফেটী-চাতুলি, চাতুলি, আকুৰি, খন, জাৰণ, মৰপা, বিৰি মঠা, মিৰি সাকো আকোৱা, পাচৰংগি, ফুকচুঙা, চানা, কাষটি শিল, ৰোগন, খোলনী আদি৷১৪
সোণৰ আ-অলংকাৰ


ইতিহাস
অসমত অলংকাৰ নিৰ্মাণৰ পৰম্পৰা প্ৰাচীন কালৰ পৰাই চলি আহিছে। প্ৰাচীন গ্ৰন্থসমূহত অসমত সোণ আৰু অলংকাৰৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। কৌটিল্যৰ অৰ্থশাস্ত্ৰত এই অঞ্চলৰ সৈতে জড়িত সোণৰ এক প্ৰাচীন উল্লেখ পোৱা যায়; আনহাতে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত ক্ৰমে ৰূপৰ অলংকাৰ আৰু সোণৰ পাত্ৰৰ উল্লেখ আছে।১৫ পৰম্পৰাগত অসমীয়া অলংকাৰৰ আৰ্হিসমূহ সাধাৰণতে অঞ্চলটোৰ উদ্ভিদ আৰু প্ৰাণী, বাদ্যযন্ত্ৰ আৰু দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰ পৰা অনুপ্ৰাণিত।১৬ থুৰীয়া, মাদলি, জোনবিৰি আৰু গামখাৰু আদি অলংকাৰৰ উৎপত্তি বড়ো, ডিমাছা, চুতীয়া, দেউৰী আদি বড়ো-কছাৰী মূলীয় জনগোষ্ঠী সমূহৰ মাজত হোৱা বুলি ধৰা হয়।
বুৰঞ্জীসমূহত চুতীয়া ৰাজ্য আৰু পৰৱৰ্তী আহোম ৰাজ্যত বিভিন্ন প্ৰকাৰৰ অলংকাৰৰ ব্যাপক প্ৰচলনৰ উল্লেখ আছে। প্ৰচুৰ পৰিমানে স্বদেশতে সোণ উৎপন্ন হোৱা বাবে অসমৰ ৰাজ্য সমূহৰ ৰাজপৰিয়ালৰ সদস্য আৰু ৰজাই সোণেৰে নিৰ্মিত সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰিছিল৷ ৰজাই সোণৰ বাখৰপতা আঙুঠি, নেপুৰ, সোণৰ গুণাৰে কাম কৰা জামা, গামখাৰু, পাচসৰী, সাতসৰী, নৱসৰী, কাণত সোণৰ গুণাৰে আঁৰি দিয়া মুকুতা আদি পিন্ধিছিল আৰু ৰাণীয়েও সোণৰ গুণাৰে বুটাবছা মেখেলা, আৰু সোণেৰে নিৰ্মিত বিভিন্ন অলংকাৰ পিন্ধিছিল৷১৭
শেষ চুতীয়া ৰজা নীতিপালে আক্ৰমণকাৰী আহোম সেনাবাহিনীৰ সৈতে শান্তি স্থাপন কৰাৰ উদ্দেশ্যে আহোম ৰজা আৰু তেওঁৰ মন্ত্ৰীসকললৈ বহুতো উপহাৰ পঠিয়াইছিল। ইয়াৰ ভিতৰত সোণৰ কেৰু কাণফুলি,১৮ সোণৰ খাৰু—সম্ভৱতঃ গামখাৰু—১৯ আৰু সোণৰ ভৰিৰ খাৰু অন্তৰ্ভুক্ত আছিল।২০২১ অসম বুৰঞ্জী (এছ এম)ৰ মতে, চুতীয়া ৰজাৰ পৰাজয়ৰ পাছত আহোমসকলে চুতীয়া ৰাণীৰ সোণৰ কঁকালৰ অলংকাৰ কঙ্কালি লৈ আহি শদিয়াৰ দেৱালয়ত অৰ্পণ কৰিছিল।২২ অলংকাৰসমূহৰ উপৰি, অলংকাৰ নিৰ্মাণত দক্ষ সোণাৰীকে ধৰি বহুতো শিল্পীক চুতীয়া ৰাজধানী শদিয়াৰ পৰা আহোম ৰাজধানীলৈ স্থানান্তৰ কৰা হৈছিল।২৩
আহোম ৰজা চুৰাম্ফাৰ ৰাজত্বকালত সাজ-পোছাক আৰু অলংকাৰৰ ব্যৱহাৰক সামাজিক মৰ্যাদাৰ ভিত্তিত নিয়ন্ত্ৰণ কৰা কিছুমান বিধি প্ৰৱৰ্তন কৰা হৈছিল। এই বিধি অনুসৰি হিন্দুসকলক সোণৰ মণি, আঙঠি আৰু থুৰীয়া পিন্ধিবলৈ নিষেধ কৰা হৈছিল। আহোমসকলেও নিজ নিজ সামাজিক বা পদমৰ্যাদাৰ বাবে নিৰ্ধাৰিত মানদণ্ড অনুসৰি জীৱন-যাপন কৰিব লাগিছিল; নিজৰ নিৰ্ধাৰিত মৰ্যাদাৰ সীমা অতিক্ৰম কৰাৰ চেষ্টা কৰিলে মৃত্যুদণ্ডৰ বিধান আছিল। হিন্দু মহিলাসকলকো জাকজমকীয়া মেখেলা-চাদৰ পৰিধান কৰিবলৈ নিষেধ কৰা হৈছিল।২৪ তদুপৰি সাধাৰণ পাইক শ্ৰেণীৰ লোকৰ সোণৰ অলংকাৰ পিন্ধাৰ অধিকাৰ নাছিল৷ আহোম ৰজা চুখ্ৰংফাৰ ৰাজত্বকালত অসমত সোণৰ অলংকাৰৰ মান আৰু কাৰুকাৰ্য উন্নত কৰাৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল। ঐতিহাসিক বিৱৰণ অনুসৰি, উন্নত অলংকাৰ নিৰ্মাণৰ কৌশল শিকিবলৈ অসমৰ সোণাৰীসকলক জয়পুৰ আৰু বাৰাণসী আদি নগৰলৈ পঠিওৱা হৈছিল।২৫

এই সময়ৰ পূৰ্বে স্থানীয়ভাৱে নিৰ্মিত অলংকাৰসমূহ তুলনামূলকভাৱে কম পৰিশীলিত বুলি গণ্য কৰা হৈছিল। প্ৰশিক্ষণ গ্ৰহণ কৰি উভতি অহাৰ পাছত ৰজাই দুজন কাৰিকৰক ৰাজশালত নিযুক্তি দি বৰদলৈ উপাধি প্ৰদান কৰে। ইয়াৰ ফলত অলংকাৰ নিৰ্মাণৰ কাৰুকাৰ্যৰ উন্নতি ঘটে।২৫ পৰৱৰ্তী সময়ত সোণ পানী চৰোৱা অলংকাৰৰ উৎপাদন বৃদ্ধি পায় আৰু অসমৰ সোণাৰী শিল্প এক সমৃদ্ধিশালী কুটীৰ উদ্যোগলৈ বিকশিত হয়।২৫
অলংকাৰৰ প্ৰকাৰ
অসমত প্ৰচলিত পৰম্পৰাগত অলংকাৰসমূহৰ ভিতৰত অন্তী, আঙুঠি, উণ্টি, উজন্টী, কঁকালী, কঙ্কন, কণ্টক-কঙ্কন, কণ্ঠহাৰ, কণ্ঠা, কণ্ঠি, কটিসূত্ৰ, কণ্ঠীমালা, কপালী, কৰ্দনী, কঁৰিয়া, কলি, কল্কী, কাঞ্চি, কাণজাপি, কাণফুল, কাণবালা, কাকৈ, কিৰীট, কাণবালি, কিংকিনী, কুণ্ডল, কেঁচুলুৰীয়া হাৰ, কেঁয়ুৰ, গলোতি, গামখাৰু, গেজেৰা, গোটা বালা, ঘুঙুৰা, চন্দ্ৰহাৰ, চাঁপকলি, জুনুকা, জেঠীনেজীয়া আঙঠি, জোনবিৰি, ঢোলবিৰি, ঝুমকা, টিকলী, থুৰীয়া, দুল, দুগদুগী, বিৰি, সাতসৰী, পাঁচসৰী, নৱসৰী, নাকচাবি, নাকফুল, মটৰমালা, মুঠিখাৰু, লংকেৰু, ঠোকা সোণ বা যুৰীয়া সোণ, লোকাপাৰ, শংখবালা, শিলিখা হাৰ আৰু চিতিপতি উল্লেখযোগ্য।৫
অলংকাৰ গঢ়োৱা পদ্ধতি
সোণাৰীসকলে প্ৰথমতে কষটি শিলত ঘঁহি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰি লয়৷ এটা মাটিৰ মুহিত সোণ সুৱগাৰ সহায়ত ৰেতি মাৰি আফুৰিত গলাই লয় আৰু পিছত শীতল হ’লে হাতুৰীৰে নিয়াৰিত পিতি চেপেটা কৰে৷ পিছত তাৰপৰাই বিভিন্ন অলংকাৰৰ গঢ়ত গঢ় দি উলিয়ায়৷১৪
গ্ৰন্থ সমূহ
- Jacquesson, Francois. Ahom Buranji Translation: Chutia-Ahom wars
- Barua, G.C. (1939). Ahom Buranji
তথ্যসূত্ৰ
- ↑ Goswami, Gitanjali; Sarma, Mousumi. (2018). Assamese Jewellery: The Shimmering Facet of Assamese Culture. SAARC Culture. SAARC Cultural Centre. পৃ. 37–39
- ↑ সোণৰ অসম:এক সোণালী ঐতিহ্যৰ পম খেদি
- ↑ Assam's Rivers of Gold
- ↑ বৰবৰুৱা, হিতেশ্বৰ. (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃ. ৫০০
- ↑ Deka, Dr, Pranab Jyoti. (2007). Jyoti Bilingual Thesaurus (Measures of Ancient Assam). Perfect Expressions. পৃ. 157. ISBN 81-88866-08-3
- ↑ শইকীয়া, ড° ৰক্তিম ৰঞ্জন. প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. পৃ. ৯১. ISBN 978-93-92305-41-2
- ↑ Bhuyan, SK, "Deodhai Assam Buranji, p. 126
- ↑ Bhuyan, SK, "Satsari Buranji, p.14
- ↑ Barua, Swarnalata, "Chutia Jatir Buranji, p.588
- ↑ Barbarua, Hiteswar,"Ahomar Din",p.598
- ↑ Bhuyan, SK, Assam Buranji(SM), p.10
- ↑ Tamuli Phukan,Kasinath,"Assam Buranji",p.17-17
- ↑ Bhuyan, S.K, "Satsari Assam Buranji", p.87
- ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃ. ১২-১৩. ISBN 978-93-93342-23-2
- ↑ Goswami, Gitanjali; Sarma, Mousumi. (2018). Assamese Jewellery: The Shimmering Facet of Assamese Culture. SAARC Culture. SAARC Cultural Centre. পৃ. 37–39
- ↑ Goswami, Gitanjali; Sarma, Mousumi. (2018). Assamese Jewellery: The Shimmering Facet of Assamese Culture. SAARC Culture. SAARC Cultural Centre. পৃ. 37
- ↑ ৰাজকুমাৰ, ৺সৰ্বানন্দ. (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. ISBN 81-7339-308-7
- ↑ "Then the Chutiâ king sent to our king Katakis with the following things to sue for peace - a pair of gold Keru earings (Tong-ru-Khang-kham), golden cloth (sin-kham) and cotton cloth(sin-phra-nun)."Jacquesson, পৃ. 8
- ↑ Bhuyan, S.K, "Assam Buranji (SM)", p.11
- ↑ "Then the Sutiyâ king desired to send silver and gold lipped Jâpi (Kup-ngiun-kham), gold bracelets (Mao-kham), gold basket (Liu-kham), gold box (Khup-kham), gold foot bangles (Khu-tin-kham), gold pirâ (Kham-ku), horse (Ma), elephant (Chang-pai), and two Âroans (Phra-nun) and Xorais (Phun) to the Ahom king."Jacquesson, পৃ. 12
- ↑ Barua 1939, পৃ. 56
- ↑ Bhuyan, S.K, "Assam Buranji (SM)", p.11, "ঘৈণীয়েককো কঙ্কালত কাটি শালত দি থলে। ককালৰ সোণৰ কঙ্কালি তাৰ শদিয়াৰ দেওঘলৈ দিলে।"
- ↑ Baruah, S L. (1986). A Comprehensive History of Assam. Munshiram Manoharlal. পৃ. 230
- ↑ Saikia, Yasmin. (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. Spectrum Publications. পৃ. 28. ISBN 9788185319612
- ↑ Barbaruah, Hiteswar. (1981). Ahomor Din. Assam Publishing Company. পৃ. 500
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ স্বৰ্ণ শিল্প” প্ৰবন্ধৰ সংশোধন ৬২৯৩৬১ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।