অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

মীনা বজাৰ

মীনা বজাৰ বা মীনা বাজাৰ (উৰ্দু: مینا بازار) হৈছে দাতব্য আৰু অলাভজনক সংস্থাৰ বাবে ধন সংগ্ৰহৰ বাবে সামগ্ৰী বিক্ৰী কৰা এক বিশেষ বজাৰ। এই শব্দ দুটাৰ দ্বাৰা আধুনিক যুগৰ কেইবাটাও শ্বপিং চেণ্টাৰ আৰু খুচুৰা বিপণীকো বুজোৱা হয়।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মীনা বজাৰ বা মীনা বাজাৰ (উৰ্দু: مینا بازار) হৈছে দাতব্য আৰু অলাভজনক সংস্থাৰ বাবে ধন সংগ্ৰহৰ বাবে সামগ্ৰী বিক্ৰী কৰা এক বিশেষ বজাৰ। এই শব্দ দুটাৰ দ্বাৰা আধুনিক যুগৰ কেইবাটাও শ্বপিং চেণ্টাৰ আৰু খুচুৰা বিপণীকো বুজোৱা হয়।

ভাৰতৰ মোগল যুগত

মোগল যুগত মীনা বজাৰ, যাক কুহছ ৰুজ ("আনন্দৰ দিন") বুলিও কোৱা হয়, কেৱল মহিলাৰ বাবেহে অনুষ্ঠিত হৈছিল আৰ তাত পুৰুষ হিচাপে কেৱল ৰজা আৰু কেইজনমান ৰাজকুমাৰকহে যাবলৈ অনুমতি দিয়া হৈছিল।১২

নওৰোজ (নৱবৰ্ষ) উৎসৱৰ সময়ত ৫ৰপৰা ৮ দিন ব্যৱসায়ৰ বাবে মুকলি আছিল এই বজাৰসমূহ। মোগল সম্ৰাট হুমায়ুনে প্ৰথমে এইবোৰ সংগঠিত কৰিছিল যদিও আকবৰ আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে সেইবোৰ অধিক বিশদ কৰি তুলিছিল।

পাকিস্তানৰ এখন প্ৰধান বাতৰি কাকতৰ মতে:

মোগল যুগত নওৰোজত কেৱল মহিলাৰ বাবে বিশেষ বজাৰ স্থাপন কৰা হৈছিল। এই মহিলাসকলে ৫ৰপৰা ৮ দিনীয়া উৎসৱৰ বাবে প্ৰস্তুতি চলাবলৈ আহিছিল আৰু একমাত্ৰ পুৰুষ হিচাপে মোগল ৰজা আৰু ৰাজকুমাৰসকলক যাবলৈ অনুমতি দিয়া হৈছিল। সাধাৰণতে হাৰেমৰ মহিলা (মোগল উপপত্নী) আৰু দামী বস্তু বিক্ৰী কৰিবলৈ ষ্টল লগোৱা ৰাজপুত সম্ভ্ৰান্ত লোকৰ পত্নী আৰু কন্যাসকলৰ মাজত ই বিখ্যাত আছিল।"৩

পিছলৈ মোগল সাম্ৰাজ্যৰ অৱনতি ঘটাত এই মেলাখন জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হয়।৪

বিভিন্ন ঠাইত মীনা বজাৰ

ভাৰতত মীনা বজাৰে পুৰণি দিল্লীৰ মীনা বজাৰক বুজায়। এই বজাৰ ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়ত ধ্বংস হোৱাৰ আগলৈকে লালকিল্লাৰ ভিতৰত অনুষ্ঠিত হৈছিল। তুলনামূলকভাৱে সৰু আৰু কমপেক্ট এখন একে নামৰ নতুন বজাৰ জামা মছজিদৰ ওচৰতো হৈছিল৫ আৰু দেশৰ অৱধ অঞ্চলৰ লক্ষ্ণৌ চহৰৰ বিখ্যাত কৈছৰবাগৰ মীনা বজাৰকে ধৰি ভাৰতৰ অন্যান্য চহৰৰ মীনা বজাৰ আছিল।৬ কৈছৰবাগৰ বজাৰখন নবাব ৱাজিদ আলী শ্বাহৰ কৈছৰবাগ কমপ্লেক্সত বাস কৰা ৰাজকীয় মহিলাসকলে উপভোগ কৰিছিল।৬

পাকিস্তানত আধুনিক যুগত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আৰু অন্যান্য অলাভজনক সংস্থাৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কাম-কাজৰ বাবে ধন সংগ্ৰহৰ বাবে মীনা বজাৰ আয়োজন কৰে।

সংযুক্ত আৰব আমিৰশ্বাহীত মীনা বজাৰ বুৰ ডুবাইৰ এটা সুপৰিচিত বজাৰ স্থানৰ নাম।৭ ২০০০ চনৰপৰা মীনা বজাৰখনো পৰ্যটকৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

বাংলাদেশত মীনা বজাৰ এখন সুপৰিচিত চেইন ছুপাৰ শ্বপ।

নেপালৰ বীৰগঞ্জত মীনা বজাৰ মৈস্থান মন্দিৰৰপৰা ঘণ্টাঘৰ (ঘড়ী টাৱাৰ)লৈকে বিস্তৃত এখন সুপৰিচিত পৰম্পৰাগত গেলামালৰ লগতে হৰেকৰকম মালৰ বজাৰ। ই পাৰ্ছা জিলাৰ কেন্দ্ৰীয় বজাৰ।

তথ্যসূত্ৰ

  1. ↑ Mukherjee, Soma (2001). p. 80
  2. ↑ Eraly, Abraham (2007). The Mughal World: Life in India's Last Golden Age - (Meena Bazaar). Penguin Books India via Google Books website . p. 70, 137, 415
  3. ↑ Khan, Manal. (9 July 2015). Colours and conversation at Meena Bazaar, Karimabad, Karachi. Dawn newspaper
  4. ↑ Mukherjee, Soma (2001). pp. 102–103
  5. ↑ Roychowdhury, Adrija. (10 October 2021). DELHI, IN THY NAME: THE MANY LEGENDS THAT MAKE A CITY. Rupa Publications India. পৃ. 47. ISBN 9789355200440
  6. ↑ The Walled Palaces of Kaiserbagh (by Anil Mehrotra and Neeta Das) - (Meena Bazaar, Lucknow). Travelers India website
  7. ↑ Dhal, Sharmila. (2018-11-05). How Bur Dubai’s bustling Meena Bazaar got its name. Gulf News: Latest UAE news, Dubai news, Business, travel news, Dubai Gold rate, prayer time, cinema

সম্পৰ্কিত শ্ৰেণী

বজাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনা বজাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬১১৮ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।