হাতী দাঁত শিল্প ( Ivory Industries of Assam) পুৰণি অসমৰ কুটীৰ শিল্প সমূহৰ ভিতৰত অন্যতম আছিল৷ সেই সময়ত অসমৰ হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু হাতীৰ দাঁত আৰু হাঁড়েৰে এই শিল্প গঢ়ি উঠিল৷ আহোম যুগৰ অৰ্থনীতিতো ই বিশেষ ভূমিকা পালন কৰিছিল৷ আহোম যুগত বৈদেশিক বাণিজ্যত হাতী দাঁত প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰা হৈছিল৷১ অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছৰছোৱা সময়ত এই শিল্পৰ প্ৰাচুৰ্য কমি যাবলৈ ধৰে৷ নামনি অসমৰ বৰপেটা অঞ্চল হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত আছিল৷ অসমৰ এই শিল্প বৰ্তমান অৱশ্যে লুপ্তপ্ৰায় অৱস্থা পাইছেহি২ যদিও কেৱল বৰপেটা সত্ৰতেই হাতী দাঁতৰ শিল্প জনা লোক এতিয়াও আছে৷১ হাতী দাঁত শিল্পৰ লগত জড়িত লোকসকলক “বক্তাৰ খনিকৰ’’ নামে জনা হৈছিল৷৩ এই লোকসকলক আহোম ৰজাসকলে যথেষ্ট মাটি-বাৰী আৰু শ্ৰমিক যোগান ধৰি জীৱিকা সুনিশ্চিত কৰাৰ লগতে শিল্পটোৰ বাবে কেঁচামালৰো যোগান ধৰিছিল৷৪
উপহাৰ
প্ৰাচীন কালৰে পৰা অসমৰ ৰজা-মহাৰজাসকলৰ মাজত উপহাৰ সামগ্ৰীত হাতী দাঁতৰ বিবিধ সামগ্ৰীৰ প্ৰচলন আছিল৷ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই যুধিষ্ঠিৰলৈ আন বস্তুৰ লগতে হাতী দাঁতৰ নাল লগোৱা তৰোৱাল উপহাৰ দিছিল বুলি মহাভাৰতত উল্লেখ আছে৷ কুমাৰ ভাস্কৰ বৰ্মাই ৰজা হৰ্ষবৰ্ধনক হাতী দাঁতেৰে নিৰ্মিত বিভিন্ন বস্তু উপহাৰ হিচাপে দিছিল৷৫ আহোম যুগতো ৰজাসকলে আন ৰাজ্যৰ লগত সন্ধি কৰিলে অন্যান্য বস্তুৰ লগতে হাতী দাঁতৰ বিভিন্ন বস্তু উপঢৌকন হিচাপে পঠিয়াইছিল৷ চুতীয়া ৰজা নীতিপালে ১৫২৩ চনত সন্ধিৰ প্ৰস্তাৱ দিওঁতে আহোম সেনাপতিলৈ দুখন হাতী দাঁতৰ পাটী উপহাৰ দিছিল৷ ৰুদ্ৰসিংহয়ো দিল্লীৰ সম্ৰাটলৈ কটকী পঠিয়াওঁতে হাতী দাঁতৰ পাটী, বিচনী, ডবা খেলৰ গুটি আদি উপহাৰ দিয়াৰ কথা জনা যায়৷১ জয়ধ্বজ সিংহই ঔৰংজেৱলৈ, কমলেশ্বৰ সিংহই ভোটদেশৰ ৰজালৈ মিত্ৰতাৰ চিনস্বৰূপে হাতী দাঁতৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী দিছিল৷৩
উৎপাদিত সামগ্ৰী
হাতী দাঁতৰ পৰা থলুৱা পদ্ধতিৰে পাটী, পীৰা, তৰোৱালৰ নাল, কটাৰীৰ ডাব, লাঠি, টেমা, ফণি, সঁফুৰা, আসন, শৰাই, দেৱ-দেৱীৰ মূৰ্তি আদিৰ লগতে আন আন অলংকৰো তৈয়াৰ কৰা হৈছিল৷১৫
পদ্ধতি
হাতী দাঁত যথেষ্ট টান আৰু নিমজ৷ সেয়ে ইয়াক কটি বিভিন্ন আকাৰ দিবলৈ সহজ৷ হাতী দাঁতৰ বেঁকা ৰূপ থলুৱা পদ্ধতিৰে পোন কৰা হৈছিল৷ বিশেষ অনুপাতত মাটি আৰু গোবৰ মিহলাই তাৰে দাঁতৰ ওপৰত লেপন দি জুইত সেকি দাঁতৰ ভাঁজ পোন কৰা হৈছিল৷৩
তথ্যসূত্ৰ
- ↑ ৰাজকুমাৰ, ৺সৰ্বানন্দ. (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃ. ১৬৬, ২০৪. ISBN 81-7339-308-7
- ↑ industriescom.assam.gov.in/portlet-innerpage/old link|date=May 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ হিত্য প্ৰকাশ. পৃ. ৪৯৭. ISBN 978=93-93342-23-2
- ↑ Ivory carving in Assam
- ↑ দাস, মঞ্জুমালা(সম্পাদক). (২০১৫). ভুবনমোহন দাস ৰচনা সমগ্ৰ. কথ. পৃ. ৪৮০. ISBN 978-81-89148-40-9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ হাতী দাঁত শিল্প” প্ৰবন্ধৰ সংশোধন ৫১০২৩০ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।