মহীশূৰ পেইণ্টছ এণ্ড বাৰ্নিচ লিমিটেড, আগতে ইয়াৰ নাম আছিল মহীশূৰ লেক এণ্ড পেইণ্টছ লিমিটেড, দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ মহীশূৰ চহৰত অৱস্থিত এটা কোম্পানী। ভাৰতৰ ই একমাত্ৰ কোম্পানী যিয়ে নিৰ্বাচনী চিয়াঁহী উৎপাদন কৰিবলৈ অনুমোদিত, যিটো নিৰ্বাচনত ব্যৱহাৰ কৰা হয় যাতে মানুহে একাধিকবাৰ ভোটদান কৰিব নোৱাৰে৷১২৩ বৰ্তমান এই কোম্পানীটো কৰ্ণাটক চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত।
ইতিহাস
এই উদ্যোগটো পোণপ্ৰথমে মহীশূৰৰ মহাৰাজা নলৱাডী কৃষ্ণৰাজা ৱাডিয়াৰে(Krishna Raja Wadiyar IV) ১৯৩৭ চনত চিয়াঁহী,ৰং আৰু অন্যান্য আনুসংগিক প্ৰয়োজনীয় দ্ৰৱ্যসমূহ উৎপাদনৰ বাবে Mysore Lac and Paints Limited হিচাপে আৰম্ভ কৰিছিল।৩ ১৯৪৭ চনৰ স্বাধীনতাৰ পিছত ই ৰাজহুৱা খণ্ডলৈ গুচি যায়। ১৯৬২ চনত ভাৰতৰ তৃতীয় সাধাৰণ নিৰ্বাচনত ভোটদানৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা চিয়াঁহীৰ উৎপাদনৰ বাবে ইয়াক বাচনি কৰা হয়।১ গোপনীয়াকৈ ৰখা এই চিয়াঁহী উৎপাদন প্ৰণালীটো ভাৰতৰ National Physical Laboratory of Indiaই তৈয়াৰ কৰা এক ৰাসায়নিক সংযুতি অনুসৰি কৰা হয়।
উৎপাদিত সামগ্ৰী
ভোটদানৰ প্ৰমাণৰূপে ব্যৱহাৰ কৰা বিশেষ চিয়াঁহী
কোনো ভোটাৰে যাতে প্ৰৱঞ্চনাৰে দ্বিতীয়বাৰ ভোটদান কৰিব নোৱাৰে তাৰ বাবে সোঁহাতৰ তৰ্জনী আঙুলিৰ নখত এক বিশেষ ধৰণৰ চিয়াঁহী লগাই দিয়া হয়। এই চিয়াঁহীৰ দাগ কমেও ২০ দিনলৈ নাযায়, যাৰ ফলত নিৰ্বাচনৰ সময়ত ভোটাৰে ভণ্ডামি কৰিব নোৱাৰে৷১ কলা ৰঙৰ এই চিয়াঁহী পোণপ্ৰথমে ভাৰতৰ নিৰ্বাচনসনূহৰ প্ৰয়োজনাৰ্থে প্ৰস্তুত কৰা হৈছিল। এই চিয়াঁহীৰ এক মূখ্য গ্ৰাহক হ'ল ভাৰতৰ নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নিৰ্দিষ্ট পৰিমাণৰ চিয়াঁহী যোগানৰ বাবে আহ্বান জনায় আৰু পিছত এইসমূহ ভোটকেন্দ্ৰলৈ যোগান ধৰে৷২ অনুমান কৰা হৈছে ৪৫ বছৰত কমেও ৩০০ মিলিয়ন লোকে এই চিয়াঁহী ব্যৱহাৰ কৰিছে৷২ এই চিয়াঁহী ৫ মি:লি:, ৭.৫মি:লি:, ২০মি:লি:, ৫০মি:লি: আৰু ৮০ মি:লি:ৰ বটলত পোৱা যায়। এটা ৫ মি:লি:ৰ বটল ৩০০ ভোটাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি। থাইলেণ্ড, মালাছিয়া, দক্ষিণ আফ্ৰিকা,ছিংগাপুৰ আৰু নাইজেৰিয়ালৈ এই চিয়াঁহী ৰপ্তানি কৰা হয়।১ এই চিয়াঁহী থকা এক প্ৰকাৰৰ মাৰ্কাৰ পেনো এই উদ্যোগটোৱে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে যিটো আফগানিস্তানৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছে।৩ ই ২০১২ চনৰ কম্বোডিয়াৰ নিৰ্বাচনৰ বাবেও এই চিয়াঁহী যোগান ধৰিছিল।৪
অন্যান্য সামগ্ৰী
কোম্পানীটোৱে অন্যান্য সামগ্ৰী যেনে ৰাসায়নিক প্ৰতিৰোধী ৰং, এনামেল, প্ৰাইমাৰ, ডিষ্টেম্পাৰ, ছীল কৰাৰ বাবে মম বা লা আৰু পলিচ আদিও নিৰ্মাণ কৰে৷৫ এমভিপিএলে নিৰ্মাণ কৰা ছীলিং মম ভাৰতৰ ডাকবিভাগে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী প্ৰথম বেলট বাকচ ছীল কৰিবলৈ নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰিছিল।৪
ব্যৱসায়
এই উদ্যোগটোৰ ব্যৱসায় ঘাইকৈ নিৰ্ভৰ কৰে প্ৰতি পাঁচবছৰৰ মূৰে মূৰে হোৱা ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচনসমূহৰ ওপৰত।৬ নিৰ্বাচনৰ বতৰত ইয়াৰ এক লেখত ল'বলগীয়া ধৰণে ৰাজহ বৃদ্ধি দেখা যায়। ২০০৬-০৭ বিত্তিয় বৰ্ষত কোম্পানীটোৱে প্ৰায় ১৮ মিলিয়ন টকা লভ্যংশ আহৰণ কৰিছিল।৭ ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ই প্ৰায় ৪০ মিলিয়ন টকাৰ চিয়াঁহী যোগান ধৰিছিল। ২০০৮ চনৰ কম্বোডিয়াৰ সাধাৰণ নিৰ্বাচনত ই প্ৰায় ১২.৮ মিলিয়ন টকা আয় কৰে।৮
তথ্যসূত্ৰ
- ↑ R. Krishna Kumar. (2004-03-17). The business of 'black-marking' voters. দ্য হিন্দু
- ↑ (2007-09-11). An 'indelible' contribution. দ্য হিন্দু
- ↑ Sunil Raman. (2004-10-12). India link to Afghan ink stink. Online webpage of the BBC,dated 2004-10-12
- ↑ Jayaraman, Pavitra. (13 August 2012). 1937 Mysore Paints and Varnish। The ink of democracy. LiveMint
- ↑ Profile. Online Webpage of the Mysore Paints and Varnish Limited
- ↑ M B Maramkal. (2004-01-16). Poll time 'blues'. Online Edition of The Times of India, dated 2004-01-16
- ↑ (2007-07-05). State keen on expanding Paints & Varnishes Ltd.. দ্য হিন্দু
- ↑ (2007-03-10). Indelible ink shipped to Cambodia. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্ লিমিটেড” প্ৰবন্ধৰ সংশোধন ৬০৪৭৮০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।