অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

অসমৰ পিতল শিল্প

অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল…

হালনাগাদ: ২৬ জুন ২০২৩ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৪১
সংশোধনৰ পৰামৰ্শ
ভোজ-ভাত বা পায়স আদি ৰান্ধিবলৈ ব্যৱহাৰ কৰা পিতলৰ টৌ
ভোজ-ভাত বা পায়স আদি ৰান্ধিবলৈ ব্যৱহাৰ কৰা পিতলৰ টৌছবি: Pranabnlp · CC BY-SA 4.0

অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল অসমৰ থলুৱা জনগোষ্ঠীয় লোক নহয়৷ এওঁলোকৰ মূল বংগদেশৰ পাঠানসকল৷ তুৰ্বকক ৰণত হৰুৱাই তেওঁৰ সৈন্য কিছুমানক ধৰি আনি কনচেং বৰপাত্ৰগোঁহাইএ প্ৰথমে হাতীৰখীয়া, তাৰপিছত খেতি কৰিবলৈ দি ক’তো সুফল নোপোৱাত সিহঁতক এৰি দিয়ে আৰু এইসকল লোকেই পিছলৈ মৰীয়া নাম পাই জীৱিকাৰ বাবে পিতলৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ধৰে৷ ১২

বৈশিষ্ট্য

পিতল এক মিশ্ৰ ধাতু৷ উপযুক্ত পৰিমাণৰ তাম আৰু দস্তাৰ মিশ্ৰণেৰে পিতল তৈয়াৰ কৰি লোৱা হয়৷ ইয়াৰ বাহিৰে পিতলৰ বাচন গঢ়িবলৈ সুৱগা, কয়লা, এঙাৰ, চূণ, তেল আৰু লা আদিৰ প্ৰয়োজন হয়৷৩ পিতলত সাধাৰণতে ৬৬% তাম আৰু ৩৪% দস্তা মিহলি কৰা হয়৷ সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত সোণ আৰু ৰূপৰ সামগ্ৰীতকৈ কাঁহ আৰু পিতলৰ সামগ্ৰীৰ চাহিদা বেছি আছিল৷৪

সৰঞ্জাম আৰু পদ্ধতি

কলহ, চৰিয়া, থালি, টৌ, শৰাই, চাকিগছা আদি বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ পিতল শিল্পীক বিভিন্ন সা-সৰঞ্জামৰ প্ৰয়োজন হয়৷ সেইবোৰ হ’ল; ভাটি, হাতুৰী, চাতুলী, কোমাৰি, ৰেক, আকোৱা, সৰাহ, চেপেনা, চেনা, টোপা, চিয়েৰি, ভোবোৰা আদি৷ প্ৰথমে ভাটীত প্ৰস্তুত কৰি লোৱা পিতল গৰম কৰি গৰমে গৰমে হাতুৰীৰে পিটি পিটি নিৰ্দিষ্ট গঢ়ত বাচন গঢ়া হয়৷ মৰীয়াসকল অসমলৈ অহাৰ আগতে পিতল গলাই সাঁচত ঢালি বাচন তৈয়াৰ কৰা হৈছিল৷৩

তথ্যসূত্ৰ

  1. ↑ বৰবৰুৱা, হিতেশ্বৰ. (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃ. ৫৮
  2. ↑ গোহাঞিবৰুৱা, পদ্মনাথ. (২০১৭). অসমৰ বুৰঞ্জী. এ বি টি পাব্লিকেছনচ৷. পৃ. ৭০
  3. ↑ শৰ্মা, মৃগেন. (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃ. ১৩০
  4. ↑ শইকীয়া, ড° ৰক্তিম ৰঞ্জন. প্ৰাক--ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. পৃ. ১২১

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ হস্তশিল্পপুৰণি আৰু মধ্যযুগীয় অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ পিতল শিল্প” প্ৰবন্ধৰ সংশোধন ৩৭০০০৪ (২৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।