দিলীপ বৰুৱা (Dilip Barua) হৈছে অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক, সমালোচক আৰু অনুবাদক।১ অসম তথা ভাৰতৰ বহুকেইখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যাপনা কৰা ড॰ বৰুৱা অনুবাদ আৰু সাহিত্যিক সমালোচনাৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল। 'ছন পৰা মাটি' আৰু 'আধুনিক মহাদেশীয় কবিতা' হৈছে তেখেতৰ দুখন বিশিষ্ট অনুবাদ গ্ৰন্থ। আনহাতে, 'কবিতাৰ ভৱিষ্যত: পঞ্চদশকৰ সাহিত্য পৰম্পৰা', 'যোৱা শতিকাৰ কবিতা: অসমীয়া নৱন্যাসী সাহিত্যৰ পৰম্পৰা' ৰ দৰে সমালোচনাত্মক গ্ৰন্থ তেখেতৰ কৰ্মৰাজিৰ উল্লেখনীয় অংশ। তেখেতৰ দ্বাৰা লিখিত একাধিক গৱেষণামূলক প্ৰবন্ধ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত-পত্ৰিকা আৰু গ্ৰন্থত প্ৰকাশিত হৈছে।২৩
জন্ম আৰু শিক্ষা
ড॰ দিলীপ বৰুৱাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৯ জুনত। জন্মস্থান আছিল যোৰহাট। পিতৃ আছিল হেমানন্দ বৰুৱা আৰু মাতৃৰ নাম আছিল লক্ষিপ্ৰিয়া বৰুৱা।২ ১৯৪০ চনত যোৰহাটৰ হেজাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত বৰুৱাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। ইয়াৰ পিছত তেখেতে যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে। ১৯৫১ চনত তেখেতে গুৱাহাটীস্থিত কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰে।২ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৫৩ চনত তেখেতে উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু ১৯৬৩ চনত ইংলেণ্ডৰ ৱেষ্ট ইয়ৰ্কশ্বায়াৰত থকা লীডছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।৩ ১৯৬৬ চনত তেখেতে লাভ কৰে ডক্টৰেট ডিগ্ৰী। ছাউথ ইয়ৰ্কশ্বায়াৰৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ পৰা তেখেতে উক্ত ডিগ্ৰী অৰ্জন কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল 'এডৱাৰ্ড কাৰ্পেণ্টাৰ: এন এপষ্টল অৱ ফ্ৰিডম' (Edward Carpenter: An Apostle of Freedom)।২
অধ্যাপনা
ড॰ দিলীপ বৰুৱাৰ কৰ্মজীৱন আৰম্ভ হয় ১৯৫৫ চনত। শ্বিলঙত থকা ছেইণ্ট এন্থনীজ কলেজত বৰুৱাই অধ্যাপক হিচাপে শৈক্ষিক জীৱনৰ পাতনি মেলে। ১৯৫৫ চনৰ পৰা ১৯৬০ চনলৈকে তেখেতে কটন কলেজত অধ্যাপনা কৰে। ১৯৬৬ চনৰ পৰা ১৯৬৮ চনলৈকে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত দুবছৰ কটাই ১৯৬৮ চনৰ পৰা ১৯৭৭ চনলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষাদান কৰে।৩
অসমৰ দুয়োখন শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত শিক্ষাদান কৰি ড॰ দিলীপ বৰুৱাই ১৯৭৭ চনৰ পৰা ১৯৮৮ চনলৈকে পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৯৫ চনত তেখেতে হিমাচল প্ৰদেশৰ ছিমলাস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিছত (IIAS)ত অতিথি অধ্যাপক হিচাপে শিক্ষাদান কৰে। ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে তেখেতে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয় আৰু যাদৱপুৰ বিশ্ববিদ্যালয়তো অতিথি অধ্যাপক হিচাপে জড়িত হয়।২
সাহিত্যকৰ্ম
অসমৰ সাহিত্যিক-লেখক আৰু অসম সাহিত্য সভাৰ সভাপতি নগেন শইকীয়াই দিলীপ বৰুৱাক ৰামধেনু যুগৰ এগৰাকী আগশাৰীৰ কবি আৰু কাব্য-সমালোচক বুলি উল্লেখ কৰিছে।৪ নগেন শইকীয়াৰ ভাষাত,
কেৱল ইংৰাজী সাহিত্য, সাহিত্য সমালোচনা আৰু কবিতাৰ লগতে তেওঁৰ সম্পৰ্ক নাছিল, গভীৰ সম্পৰ্ক আছিল ৰোমাণ্টিক যুগৰপৰা আধুনিক যুগলৈকে অসমীয়া সাহিত্যৰ কালান্তৰৰ গতি-প্ৰকৃতিৰ লগতো।
ড॰ দিলীপ বৰুৱাৰ সাহিত্যিক কৰ্মৰাজিৰ কিছু অংশ তলত সন্নিৱিষ্ট কৰা হ'ল:৩২
ইংৰাজী গ্ৰন্থ
- হুইস্পাৰিং ৰিডছ (এন এপ'লজি অৱ ইংলিছ পয়েট্ৰি, ১৯৭৬)
- অন দ্য থ্ৰেছহ'ল্ড (এন ইংলিছ প্ৰছ ছিলেকছন, ১৯৭৬)
- এডৱাৰ্ড কাৰ্পেণ্টাৰ: এন এপষ্টল অৱ ফ্ৰিডম (১৯৯১)
মৌলিক গ্ৰন্থ
- অবান্তৰ (১৯৯০)
অসমীয়া ভাষালৈ অনূদিত গ্ৰন্থ
- ছন পৰা মাটি (মূল: টি এছ এলিয়টৰ 'দ্য ৱেষ্টলেণ্ড', ১৯৯৮)
- আধুনিক মহাদেশীয় কবিতা (মূল: মডাৰ্ণ ইউৰোপীয়ান পয়েট্ৰি ফৰ্ম নৰৱে টু স্পেইন, ২০১০)
সমালোচনাত্মক গ্ৰন্থ
- কবিতাৰ ভৱিষ্যত: পঞ্চদশকৰ সাহিত্য পৰম্পৰা (১৯৯১)
- যোৱা শতিকাৰ কবিতা: অসমীয়া নৱন্যাসী সাহিত্যৰ পৰম্পৰা (২০০৪)
- স্বগতোক্তি: আত্মকথাৰ আধাৰত (২০১৩)
অসম সাহিত্য সভাৰ লগত সম্পৰ্ক
অসম সাহিত্য সভাৰ লগত দিলীপ বৰুৱাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। তেখেতৰ বহুকেইখন গ্ৰন্থ সাহিত্য সভাই প্ৰকাশ কৰিছিল। বৰুৱাই অসম সাহিত্য সভাৰ হাইলাকান্দি অধিৱেশনৰ কবি সন্মিলনৰ সভাপতিত্ব কৰিছিল।২
অন্যান্য সাহিত্যিক কৰ্ম
ড॰ দিলীপ বৰুৱাৰ শতাধিক গৱেষণামূলক লেখা-নিবন্ধ দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাকত-পত্ৰিকা আৰু সংকলিত গ্ৰন্থত প্ৰকাশিত হৈছিল। তাৰে ভিতৰত কেইটামান হৈছে-'দ্য ব্ৰিটিছ ৰেছপঞ্চ টু দ্য ইণ্ডিয়ান মিউটিনি', 'দ্য কনটেম্পোৰাৰী লিটাৰেৰী এভিডেন্স' আদি। তেখেতে আৰ্নেষ্ট হেমিংৱে, ৰুডিয়াৰ্ড কিপলিং, উইলিয়াম ব্ৰাউনী হ'কলিৰ ৰচনাৰাজিৰ বিষয়েও নিবন্ধ লিখি থৈ গৈছে।২
মৃত্যু
২০২১ চনৰ ২৭ মে' তাৰিখে যোৰহাটৰ চোলাধৰাৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত৩ ড॰ দিলীপ বৰুৱাৰ দেহাৱসান হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৯ বছৰ।
যোৰহাটৰ তৰাজান শ্মাশানত তেখেতৰ শেষকৃত্য সম্পন্ন হয়।২
তথ্যসূত্ৰ
- ↑ (27th May 2021). Dilip Baruah passes away. The Hill Times
- ↑ (২৮ মে' ২০২১). বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড॰ দিলীপ বৰুৱাৰ দেহাৱসান. দৈনিক অসম. পৃ. ১, ৬
- ↑ (২৮ মে' ২০২১). বিশিষ্ট অনুবাদক-সমালোচক ড॰ দিলীপ বৰুৱাৰ দেহাৱসান. নিয়মীয়া বাৰ্তা. পৃ. ১ আৰু ১৩
- ↑ শইকীয়া, নগেন. (২৮ মে' ২০২১). নীৰৱে মহাপ্ৰয়াণ. দৈনিক অসম. পৃ. ১ আৰু ২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিলীপ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৪৬২৯৫ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।