উমাকান্ত শৰ্মা (Umakanta Sarmah) এগৰাকী ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ আৰু অনুবাদক আছিল। তেখেতে ১৯১৪ চনৰ ২৮ নৱেম্বৰত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। ২০০৫ চনৰ ১৪ এপ্ৰিলৰ দিনা তেওঁৰ দেহাৱসান ঘটে।
শিক্ষা
তেখেতে নলবাৰীৰ গৰ্ডন স্কুল, কটন বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।
কৰ্মজীৱন
১৯৪৮ চনত অসম প্ৰাথমিক শিক্ষা ব’ৰ্ডৰ সচিব পদত নিযুক্ত হয়। পাছত শ্বিলঙৰ ছেইণ্ট এডমণ্ডজ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু বি. বৰুৱা মহাবিদ্যালয়ত কিছুকাল অধ্যাপনা কৰে। তাৰ পাছত তেখেতে অসমৰ শিক্ষা বিভাগৰ উপ-সচিব, যুটীয়া শিক্ষাধিকাৰ আৰু শিক্ষাধিকাৰ আদি পদত কাৰ্যনিবাহ কৰি ১৯৭৫ চনত অবসৰ গ্ৰহণ কৰে।১
সাহিত্যকৃতি
- ঘূৰণীয়া পৃথিৱীৰ বেঁকা পথ (১৯৪৭), গল্প-সংকলন
- কাব্যভূমি (১৯৪৮)
- উৰন্ত মেঘৰ ছাঁ (১৯৫০), উপন্যাস
- ছিমছিঙৰ দুটা পাৰ (১৯৬৫), উপন্যাস
- ৰঙা ৰঙা তেজ (১৯৬৮), উপন্যাস
- উকা এটা মন (১৯৭৮), গল্প-সংকলন
- এজাক মানুহ এখন অৰণ্য (১৯৮৬), উপন্যাস
- ভাৰণ্ড পখীৰ জাক (১৯৯২), উপন্যাস
- Thawing Out (১৯৯৭), ইংৰাজী কবিতা-সংকলন
- জীৱনী-বিষয়ক (১৯৯৭)
- কাজলীৰ ৰোগ (২০০১), উপন্যাস
লাভ কৰা সন্মান
- অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮৮)
- অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা (১৯৯৬)
- ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৯৬)
- অসম উপত্যকা সাহিত্য বঁটা (১৯৯৬)
তথ্যসূত্ৰ
- ↑ অসম উপত্যকা সাহিত্য বঁটা, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাকান্ত শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৩৭৯৫৫ (১৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।