অপূৰ্ব শৰ্মা (Apurba Sharma) অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ, চলচ্চিত্ৰ সমালোচক, সাংবাদিক, সম্পাদক, আৰু শিক্ষাবিদ। তেওঁ হৈছে সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ।১ শৰ্মা ২০০০ চনত তেওঁৰ গল্প সংকলন 'বাঘে টাপুৰ ৰাতি'ৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হৈছে। তেখেত এগৰাকী বিশিষ্ট চলচ্চিত্ৰ-সমালোচকো। তেখেতৰ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ গ্ৰন্থখনে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ স্বৰ্ণকমল সন্মান লাভ কৰিছিল।২৩ অপূৰ্ব শৰ্মাৰ হলধৰ গল্পৰ আধাৰত সঞ্জীৱ হাজৰিকাৰ দ্বাৰা নিৰ্মিত হলধৰ (১৯৯২) চলচ্চিত্ৰখনে পৰিচালকৰ প্ৰথম চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠতাৰ ৰাষ্ট্ৰীয় বঁটা ( স্বৰ্ণকমল) লাভ কৰে। ৪
কৰ্মজীৱন
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত নগাঁও ছোৱালী কলেজত অধ্যাপক হিচাপে যোগদান কৰি সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হৈ অৱসৰ লয়।
দ্য আছাম ট্ৰিবিউনত এগৰাকী ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জগতত প্ৰৱেশ। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণৰ পিছত পুনৰ সাংবাদিকতাৰ আৰম্ভণি। এইবাৰ দ্য ছেণ্টিনেল কাকত গোষ্ঠীৰ পৰা প্ৰকাশিত দৈনিক অসমীয়া বাতৰি কাকত 'আজিৰ অসম'ত সম্পাদক হিচাপে যোগদান। প্ৰায় দহ বছৰ কাল এই দায়িত্ব পালন কৰে।
সাহিত্যিক অৱদান
গল্প সংকলন
- বন্ধুৰ পথৰ কেইজনমান ডেকামানুহ (১৯৭৭)
- শুভ-বাৰ্তা (১৯৮৫)
- বাঘে টাপুৰ ৰাতি (১৯৯৬)
- বিপুলৰ যুদ্ধ-সজ্জা আৰু কিছুমান কাহিনীৰ কাহিনী (২০০২)
- নাগৰিক (২০০৯)
- এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম (২০১৪)
- শীতৰ বতাহ আৰু বৰষুণ (অক্টোবৰ, ২০২১)
অন্যান্য
- অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (২০০১)
- Jyotiprasad as a Film Maker (২০০৫)৫
- শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ
উল্লেখযোগ্য বঁটা
- সাহিত্য অকাডেমি বঁটা (২০০০, 'বাঘে টাপুৰ ৰাতি' গল্প-সংকলনৰ বাবে)
- চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০২, অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰৰ বাবে)
- অসম উপত্যকা সাহিত্য বঁটা (২০১৫)
তথ্যসূত্ৰ
- ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
- ↑ শান্তনু কৌশিক বৰুৱা. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৮৫৩
- ↑ AXOMIYA CHALACCHITRAR SAN-POHAR
- ↑ বৰপূজাৰী মনোজ, জ্যোতিপ্ৰসাদৰ পৰা জাহ্নু - জাংদাও আৰু অন্যান্য, অসমৰ চলচ্চিত্ৰৰ আঠটা দশকৰ মূল্যায়ন, অসম প্ৰকাশন পৰিষদ, জানুৱাৰী, ২০১৬, পৃষ্ঠা ১৩০
- ↑ Gauhati Cine Club
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপূৰ্ব শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬০৪৭৩০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।