কবীন ফুকন এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ সাহিত্য অকাডেমি বঁটা।১ মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।
চমু জীৱনী
১৯৪৬ চনত যোৰহাটত কবীন ফুকনে জন্মলাভ কৰে। যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত কিছুদিন শিক্ষকতা কৰি ১৯৬৮ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে। ১৯৭০-৭৩ চনত লীডছ্ বিশ্ববিদ্যালয়ৰ পৰা টি. এছ. ইলিয়টৰ বিষয়ে কৰা গৱেষণাৰ বাবে পি.এইচ.ডি. সন্মান লাভ।২ ১৯৮৩-৮৪ চনত য়ে'ল বিশ্ববিদ্যালয়ত তেখেতে ফুল্ব্ৰাইট ফেল' হিচাপে এজৰা পাউণ্ডৰ বিষয়ে গৱেষণা কৰিছিল।২ ১৯৮৬ চনত তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপকৰ আসন লাভ কৰে আৰু সেই পদৰ পৰাই ২০০৬ চনত অৱসৰ গ্ৰহণ কৰে।
২০১১ চনৰ ২৪ মে' তাৰিখে দীৰ্ঘদিনীয়া অসুখৰ ফলত তেখেতৰ মৃত্যু হয়।২ ২০১১ চনত তেখেতলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা।
সাহিত্যকৃতি
কবীন ফুকনৰ প্ৰথম কবিতা সংকলন "এনেকৈয়ে দিন এনেকৈয়ে ৰাতি" ১৯৯১ চনত প্ৰকাশ পায়। এইখন পঢ়ি মহেন্দ্ৰ বৰাই উচ্চ প্ৰশংসা কৰি কৈছিল,"এইখন গ্ৰন্থ পঢ়ি ক'বৰ মন গৈছে ১৯৯০ চনৰ ডিচেম্বৰ অথবা তাৰ আশে-পাশে অসমীয়া কবিতাৰ প্ৰকৃতি সলনি হৈ গ'ল।"৩ একে সময়তে তেখেতে সাহিত্য সমালোচক হিচাপেও আত্মপ্ৰকাশ কৰিছিল। তেখেতে পাশ্চাত্যৰ বহু কবিৰ কবিতা অসমীয়ালৈ অনুবাদ কৰি গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা তেখেতৰ সম্পাদনাত "অনুবাদ" নামৰ এখন আলোচনী প্ৰকাশ পাইছিল।
তেখেতৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে:
- মণিলাল গান্ধীৰ জীৱনী গ্ৰন্থ (১৯৫৬)
- পানিপথ (বুৰঞ্জীমূলক নাটক, ১৯৫৯)
- এনেকৈয়ে দিন এনেকৈয়ে ৰাতি (১৯৯১)
- কোনে কয় নুপুৱাই আঁউসীৰ ৰাতি (১৯৯২)
- তোক দেখি ন-জোনে (১৯৯৩)
- এই অনুৰাগী এই উদাস (২০০৯)
- কবিতাৰ জুতি বিচাৰি
- অসমীয়া কবিতাৰ প্ৰবাহ (ডিচেম্বৰ ১৯৯৫)
বঁটা আৰু সন্মান
- ক্ৰান্তিকাল সাহিত্য সন্মান (২০১১)
- সাহিত্য অকাডেমি বঁটা (২০১১)
তথ্যসূত্ৰ
- ↑ Sahitya Akademi Award to poet-critic Kabin Phukan, DY365, 21 Dec 2011, Retrieved 21 Dec 2011
- ↑ DU professor Dr Kabin Phukan no more, The Sentinel, 25 May 2011, Retrieved 21 Dec 2011
- ↑ ড: ফুকনলৈ বিলম্বিত স্বীকৃতি; ৰবীন ভূঞা; আমাৰ অসম, ২২ ডিচেম্বৰ ২০১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবীন ফুকন” প্ৰবন্ধৰ সংশোধন ৪৯৪০৭৯ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।