ড॰ অমলেন্দু গুহ (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৭ মে' ২০১৫) অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।১২ তেওঁ দৰং কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আছিল আৰু দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজৰ পৰা পিএইচ.ডি ডিগ্ৰী লাভ কৰিছিল।৩
জন্ম আৰু শিক্ষা
অমলেন্দু গুহ পূৰ্বপুৰুষ আছিল পূৰ্ববংগমূলৰ। তেওঁলোকৰ পাঁচ পিড়ি ঊৰ্ধ্বতন পুৰুষ ৰঘুনাথ গুহই ঢাকাৰ পৰা আহি মাণিকগঞ্জৰ শিমুলিয়াত বসবাস কৰিবলৈ লয়। তেওঁৰ পৰিনাতি ৰামসুন্দৰ গুহই ময়মনসিং জিলাৰ নাৰানদিয়ালৈ ঘৰজোঁৱাই হিচাপে আহি তাতে থিতাপি লয়। এওঁলোক আছিল তালুকদাৰ। তালুকদাৰ ৰামসুন্দৰৰ জ্যেষ্ঠপুত্ৰ গৌড় সুন্দৰৰ দ্বিতীয় পুত্ৰগৰাকীয়ে হ’ল ড॰ গুহৰ দেউতাক যামিনী সুন্দৰ গুহ।৩
যামিনী সুন্দৰ গুহ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। মাকৰ নাম আছিল জ্ঞানদা সুন্দৰী। যামিনী সুন্দৰ গুহ আৰু জ্ঞানদা সুন্দৰীৰ এঘাৰজন সন্তানৰ ছজন পুত্ৰ সন্তান আৰু পাঁচজনী কন্যা। অমলেন্দু গুহ আছিল ভাই-ভনীসকলৰ অষ্টমজন।৩১৯২৪ চনৰ ৩০ জানুৱাৰীত ইম্ফালত অমলেন্দু গুহৰ জন্ম হয়।৪ স্কুলীয়া শিক্ষা আৰম্ভ হয় ইম্ফলত। ইম্ফলৰ বেঙ্গলী স্কুলৰ পৰা এম.ই. উত্তীৰ্ণ হয়। দেউতাকৰ অৱসৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুচি আহে। তাত তেখেতে চিলভাৰ জুবিলী এংলো বেঙ্গলী স্কুলৰ পৰা (বৰ্তমান পল্টনবজাৰ বেঙ্গলী উঃমাঃ বিদ্যালয়) ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজত আই.এ.ত নাম ভৰ্তি কৰি এবছৰ পঢ়ি পূৰ্ববঙ্গৰ শ্ৰীকাইল কলেজলৈ বদলি হৈ যায়। তাৰপৰাও বদলি হৈ তেখেতে মুঞ্চিগঞ্জৰ হৰভাঙ্গা কলেজত নামভৰ্তি কৰি আই.এ.পৰীক্ষাত ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেন্সি কলেজত পঢ়া-শুনা কৰে। ১৯৪৫ত তেখেতে অৰ্থনীতিত সন্মানসহ স্নাতক হয়। ১৯৪৭ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উত্তীৰ্ণ হৈ ১৯৪৮ত তেখেতে তেজপুৰৰ দৰং কলেজত অৰ্থনীতিৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে।৫ তেখেতে দিল্লীৰ স্কুল অৱ ইণ্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।১৩ তেখেতে পুনেৰ গোখলে ইনষ্টিটিউট অৱ পলিটিক্স এণ্ড ইক’নমিক্স, দিল্লী স্কুল অব্ ইক’নমিক্স, কলকাতাৰ ইণ্ডিয়ান স্কুল অব্ ছ’ছিয়েল ছায়েন্সতো অধ্যাপনা কৰিছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বুৰঞ্জী সন্মিলন আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা কবি সন্মিলনত সভাপতিত্ব কৰিছিল।২
পাৰিবাৰিক জীৱন
১৯৬০ চনত ড॰ গুহই ধুবুৰীৰ জীয়ৰী অনিমা গুহক (পূৰ্বত অনিমা দাস৫) বিয়া কৰায়। অনিমা গুহও অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেখেতসকলৰ একমাত্ৰ সন্তান সুপ্ৰতীক গুহ আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে।৪
সাহিত্যিক কৰ্মৰাজি
ড॰ গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্স্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা ব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাঁথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।৪১২
ইংৰাজী গ্ৰন্থ
- Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
- Medieval and Colonial Assam: Society, Polity And Economy (১৯৯১) - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
- Central Asia: Movement of Peoples and Ideas from Times Prehistoric to Modern (১৯৭১) - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
অসমীয়া গ্ৰন্থ
- তোমালৈ- অসমীয়া কবিতা পুথি (১৯৬০)
- ছোভিয়েট দেশত এভূমুকি (১৯৮৫)
- আফগানিস্থানত এমুভুকি (১৯৬১)
- গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা (১৯৮৪)
- বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া-বিদ্ৰোহলৈ (১৯৯৩)
- অসম নমৰে আমিও নমৰো (১৯৯৩)
- প্ৰসন্নলাল চৌধুৰীৰ চানেকি কবিতা (১৯৬৫, সম্পাদিত)
- অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা (১৯৯৪)
- ড অমলেন্দু গুহৰ কবিতা আৰু গদ্য (২০১০)
বাংলা গ্ৰন্থ
- লুইত পাৰেৰ গাঁথা (১৯৫৫)- বঙালী কবিতা পুথি
- সূৰযমুখীৰ স্বপ্ন (অনু. অনিমা গুহৰ সৈতে)
ভ্ৰমণ
- ১৯৫৭: পোলেণ্ডৰ বাৰছ'ত অনুষ্ঠিত বিশ্বশিক্ষক সম্মিলন আৰু ছোভিয়েট ৰাছিয়াৰ মস্কোত অনুষ্ঠিত বিশ্ব যুব উৎসৱত যোগদান।
- ১৯৬১: গ্ৰেট ব্ৰিটেইন, আফগানিস্তান, ইজিপ্ত, ইটালী, ছুইজাৰলেণ্ড, ফ্ৰান্স আক জাৰ্মানী ভ্ৰমণ।
- ১৯৭৩: ছোভিয়েট ৰাছিয়া ভ্ৰমণ
- ১৯৮৫: গ্ৰেট ব্ৰিটেইন ভ্ৰমণ।
সমাজকৰ্ম আৰু স্বীকৃতি
- ১৯৩৮-৩৯ চনত তেওঁ নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনৰ সক্ৰিয় সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল।
- ১৯৪৩ চনৰ পৰা ১৯৬৫ চনলৈকে ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ সদস্য হিচাপে কাম কৰিছিল। ১৯৭৫-৭৭: Indian History Congressৰ কাৰ্যবাহী সদস্য।
- ১৯৭৮: গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ বুৰঞ্জী অধিৱেশনৰ সভাপতি।
- ১৯৮১-৮২: উত্তৰ-পূব ভাৰত বুৰঞ্জী সংস্থা (NEHA)ৰ সভাপতি।
- ১৯৮৩: বৰ্ধমানত বহা Indian History Congressৰ আধুনিক ভাৰত অধিৱেশনত সভাপতিত্ব।
- ১৯৮৫-৮৯: Indian Council of Social Science Researchৰ পৰিচালনা সমিতিৰ সদস্য।
- ১৯৮৭-৯০: Indian Council of Social Science Researchৰ সদস্য।
- ১৯৯২: অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ।
- ১৯৯৩: শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সম্মিলনৰ সভাপতি।
- ২০১৩: অসম প্ৰকাশন পৰিষদৰ পৰা জীৱন জোৰা সাধনা বঁটা লাভ।
- অসম সাহিত্য সভাই গুহক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল।১
- তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিল।২
মৃত্যু
২০১৫ চনৰ ৭ মে’ তাৰিখে গুৱাহাটীত তেখেতৰ মৃত্যু হয়৷
তথ্যসূত্ৰ
- ↑ (8 May 2015). Amalendu Guha Passed Away. Anandabazar Patrika
- ↑ ড॰ অমলেন্দু গুহৰ কবিতা আৰু গদ্য. assamkart.com
- ↑ অনিমা গুহ. (২০০৯). জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি. বনফুল প্ৰকাশন. পৃ. ২০০. ISBN ৯৭৮-৮১-৯০৯৫২৩-০-৯
- ↑ (৮ মে' ২০১৫). ইতিহাসৰ দিকপাল ড॰ অমলেন্দু গুহৰ দেহাৱসান. অসমীয়া প্ৰতিদিন
- ↑ (8 মে' 2015). অমলেন্দু গুহ. Dinik Janambhumi. পৃ. 1, 10
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমলেন্দু গুহ” প্ৰবন্ধৰ সংশোধন ৫৮৬৯১৪ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।