ৰাধিকামোহন ভাগৱতী (Radhika Mohan Bhagawati, ১৯৩৩-২০১৭) অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক। ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত তেখেতৰ জন্ম হয়। ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত তেখেত ৰামধেনুৰ সম্পাদক নিযুক্ত হৈছিল।১ পৰ্যায়ক্ৰমে তেখেত 'আজিৰ দৈনিক বাতৰি', 'আজিৰ অসম'২ আদি কাকতৰ সম্পাদক আছিল। সম্পাদকৰূপে তেখেত আছিল আপোচবিহীন আৰু লেখক আৰু সংবাদদাতাক তেখেতে এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰিছিল। অসমৰ সাংবাদিকতাৰ জগতখনত তেখেতৰ এক সুকীয়া নাম আছিল। তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯১ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটাৰে তেখেতক সন্মানিত কৰা হৈছিল।৩৪৫ ভাগৱতীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল। ৰামধেনুৰ পাতত তেখেতে প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু আখ্যা দিছিল।৪ কেৱল সংবাদিকেই নহয়, ভাগৱতী আছিল এগৰাকী কবি, গল্পকাৰ, অনুবাদক তথা মঞ্চ অভিনেতা।২
জন্ম, পৰিয়াল
অবিভত্ত দৰং (বৰ্তমানৰ শোণিতপুৰ) জিলাৰ জামুগুৰিহাটৰ গেৰেকী চুকত ১৯৩৩ চনৰ ১৯ জানুৱাৰী তাৰিখে ভাগৱতীৰ জন্ম হয়। তেখেতৰ দেউতাক গোৱিন্দ চন্দ্ৰ ভাগৱতী আছিল স্মৃতিৰত্ন, স্মৃতি বাচস্পতি, বিদ্যালংকাৰ উপাধিৰে বিভূষিত সংস্কৃতজ্ঞ আৰু ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক শিক্ষক।৪
শিক্ষা
গেৰেকী চুক প্ৰাথমিক বিদ্যালয়ত তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। ১৯৫০ চনত তেওঁ জামুগুৰি উচচ ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত আৰু ১৯৫২ চনত দৰং মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৪ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।১ ১৯৫৮ চনত তেওঁ মদন মোহন মালব্যৰ দ্বাৰা প্ৰতিষ্ঠিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।৪
কৰ্মজীৱন
১৯৫৪ চনত জামুগুৰি উচচ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে। গুৱাহাটীৰ সোণাৰাম উচচ ইংৰাজী বিদ্যালয়তো তেখেতে ১৯৫৮ চনৰ পৰা ১৯৬০ চনলৈ দুবছৰ শিক্ষকতা কৰিছিল। সাংবাদিক ৰূপে ভাগৱতীয়ে কৰ্মজীৱন আৰম্ভ কৰে ১৯৫৮ চনত, হৰেন্দ্ৰ নাথ বৰুৱাৰদ্বাৰা সম্পাদিত দৈনিক বাতৰি কাকত ‘নতুন অসমীয়া’ত। ‘নতুন অসমীয়া’ত কৰ্মৰত অৱস্থাতে তেওঁ ১৯৬০ চনত ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰদ্বাৰা সম্পাদিত মাহেকীয়া সাহিত্য আলোচনী ‘ৰামধেনু’ৰ সহকাৰী সম্পাদক ৰূপেও নিয়োজিত হয়। ১৯৬৩ চনত ভাগৱতীদেৱৰ ওপৰতে ‘ৰামধেনু়ু’ৰ সম্পাদনাৰ দায়িত্ব পূৰ্ণ ৰূপত ন্যস্ত হয়। ১৯৬৭ চনত তেওঁ ‘নতুন অসমীয়া’ত পূৰ্ণকালীন সহযোগী সম্পাদক হিচাপে যোগদান কৰে।৪
তাৰপিছত তেখেতে ক্ৰমে আজিৰ দৈনিক বাতৰি, বাতৰি, আজিৰ অসম, ছেণ্টিনেল (হিন্দী) আৰু দৈনিক অসমৰ সম্পাদক হয়।৩
১৯৮১ চনৰ ১৯ অক্টোবৰত ৰাধিকামোহন ভাগৱতীৰ সম্পাদনাত ‘তিনিদিনীয়া বাতৰি’ কাকত প্ৰকাশ পায়। ১৯৮৩ চনৰ ৭ এপ্ৰিল তাৰিখে এই কাকতৰ প্ৰকাশ বন্ধ হয়। ১৯৮৪ চনৰ পৰা দুটা ম্যাদ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অংশকালীন অধ্যাপক হিচাপে কৰ্মৰত আছিল। ১৯৮৭ চনত তেওঁ ‘আজিৰ অসম’ কাকতৰ প্ৰতিষ্ঠাতা সম্পাদক ৰূপে যোগদান কৰে আৰু ২০০৪ চনত ইয়াৰপৰা অৱসৰ লয়। ১৯৮৯ চনৰ পৰা ২০০৪ চনলৈকে ভাগৱতীয়ে ‘ছেণ্টিনেল’(হিন্দী)ৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে কাৰ্য নিৰ্বাহ কৰে। ‘ছেণ্টিনেল প্ৰাইভেট লিমিটেড’ নামৰ প্ৰকাশন গোষ্ঠীৰদ্বাৰা প্ৰকাশিত অসমৰ সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় দ্বিভাষিক সাপ্তাহিক কাকত ‘দি হ’ম লিংক’ৰ অসমীয়া বিভাগৰ সম্পাদনাৰ দায়িত্বতো তেখেতেই আছিল। ২০০৭ চনৰ পৰা ২০১০ চনলৈ ‘আজিৰ দৈনিক বাতৰি’ কাকত ভাগৱতীদেৱৰ সম্পাদনাত প্ৰকাশ পাইছিল। ২০১০ চনৰ পৰা আমৃত্যু তেওঁ ‘দৈনিক অসম’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৫৯ বছৰতকৈও অধিক কাল অবিৰামভাৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত ভাগৱতীদেৱ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাংবাদিক।৪
বঁটা আৰু স্বীকৃতি
তেখেতে চঞ্চল চৰকাৰৰ দ্যা ষ্টৰি অৱ আৱাৰ নিউজপেপাৰচ্ কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ বাবে ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।৩৫ তেখেতলৈ আগবঢ়োৱা অন্যান্য বঁটাসমূহ হ'ল-৩
- সাংবাদিকতাৰ বাবে হৰেন্দ্ৰ নাথ বৰুৱা বঁটা, ১৯৯০
- শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা, ২০০৯
- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা, ২০০৯
- শশীপ্ৰভা বৰুৱা সাহিত্য বঁটা, ২০১৫
- Sadi Journalist Award
সাহিত্যৰাজি
ভাগৱতীয়ে তেখেতৰ জীৱনকালত প্ৰায় ১৯খন গ্ৰন্থ লিখিছিল। ইয়াৰে কিছুসংখ্যক আছিল অনুবাদকৰ্ম। তেখেতৰ উল্লেখযোগ্য কিতাপসমূহৰ মাজত কিছুসংখ্যক হ'ল:৫
- ৰক্তজৱা
- বনৰীয়া ফুল
- এজন ৰজা আছিল
- অসমীয়াৰ পোহৰত অসমীয়াৰ চাৰি দশকৰ ইতিহাস
- আমাৰ বাতৰি কাকতৰ কাহিনী (সাহিত্য অকাডেমিৰ অনুবাদ বঁটা)
মৃত্যু
২০১৭ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে মৃত্যু বৰণ কৰে।৫
তথ্যসূত্ৰ
- ↑ অজিত ভূঞা. (নৱেম্বৰ, ২০১৭). ৰাধিকামোহন ভাগৱতী শ্ৰদ্ধাৰ্ঘ্য সংখ্যা. ৰাধিকামোহন (প্ৰবন্ধ). গৰীয়সী. পৃ. ১৭ পৃষ্ঠা
- ↑ সম্পাদক: উপেন্দ্ৰ বৰকটকী. (৬ নৱেম্বৰ, ১৯৯৪ চন). বিভিন্নজনৰ দৃষ্টিত মুনীন বৰকটকী. মুনীন বৰকটকী স্মাৰক ন্যাস. পৃ. ১৫৫
- ↑ (30 September, 2017). Veteran journalist, Sahitya Akademi winner Radhika M Bhagawati, 84, dies. Business-standard
- ↑ প্ৰণৱ কুমাৰ খাউণ্ড. (১৯ জানুৱাৰী, ২০১৮). মনৰ মানুহ ৰাধিকামোহন ভাগৱতী
- ↑ (30th September 2017). Veteran journalist Radhika Mohan Bhagawati dies at 84. Newindianexpress
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকামোহন ভাগৱতী” প্ৰবন্ধৰ সংশোধন ৩৮৬১০৪ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।