অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণৱজ্যোতি ডেকা

প্ৰণৱজ্যোতি ডেকা (Pranavjyoti Deka; জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক। স্পষ্টবাদী ৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ২৯ এপ্ৰিল ২০২৫ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

প্ৰণৱজ্যোতি ডেকা (Pranavjyoti Deka; জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক।১ স্পষ্টবাদী ৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য সাহিত্যকৃতি।২ ২০২৩ বৰ্ষত তেওঁ “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১৩৪

জন্ম আৰু শিক্ষা

১৯৩৯ চনৰ ২১ জুলাই তাৰিখে কলিকতাত প্ৰণৱজ্যোতি ডেকাৰ জন্ম হয়।১ তেওঁৰ দেউতাক হলীৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ আছিল।৫ মাক বিদ্যাৱতী ডেকা। তেওঁ গুৱাহাটী ডনবস্ক’ স্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা (১৯৫৫), কটন বিশ্ববিদ্যালয়ৰপৰা আই.এ (১৯৫৭) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰপৰা ভূ-তত্ত্ব বিষয়ত স্নাতকোত্তৰ (১৯৬১) ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৫৯ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ খনিজ ভূ-বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক।৫ পৰৱৰ্তী সময়ত তেওঁ লেনিনগ্ৰাড খনি বিদ্যালয়ৰপৰা অৰ্থনৈতিক ভূ-তত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে ডেকাই শিৱসাগৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত ভূ-তত্ত্ববিদ ৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।৫ পিছত ভাৰত চৰকাৰৰ বৃত্তি পাই ৰাছিয়াৰ লেনিনগ্ৰাড মাইনিং ইনষ্টিটিউটৰপৰা ( বৰ্তমান ছেইণ্ট পিটাৰ্ছবাৰ্গ খনি বিশ্ববিদ্যালয়) পি এইচ ডি ডিগ্ৰী সম্পূৰ্ণ কৰি৬ আহি ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পাছলৈ সেই বিভাগৰে অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে।২৫

ছাত্ৰাৱস্থাৰপৰা তেওঁ লেখা-মেলা কৰিছিল। তেওঁৰ ৰচনাশৈলীয়ে উত্তৰ ৰামধেনু যুগৰ আৰম্ভণিতে অসমীয়া গল্প সাহিত্যত এক নতুন অধ্যায়ৰ সৃষ্টি কৰিছিল।৫

এগৰাকী কেৱল একা-চেকা আৰু ব্যতিক্ৰমী ব্যক্তি নহয়, স্পষ্টবাদী লেখক ৰূপেও তেওঁৰ বিশেষ নাম আছিল। ২০১৩ চনত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰাই শাৰদীয় সংখ্যাত ছপাবৰ বাবে এটা গল্প বিচাৰোঁতে ডেকাই তেওঁৰ আত্মজীৱনীৰ যৌন-জীৱনৰ অভিজ্ঞতা যুক্ত অধ্যায়টি বৰাক ছপাবলৈ দিছিল আৰু অধ্যায়টো নছপোৱাত ভীৰু সম্পাদক বুলি কটাক্ষ কৰিছিল।৭তেওঁৰ আত্মজীৱনী সোণৰ চামুচ মুখত লৈ এই স্পষ্টবাদিতাৰ উৎকৃষ্ট উদাহৰণ। এই কিতাপখন প্ৰসংগত বাঁওপন্থী লেখক ৰিপুঞ্জয় গগৈয়ে লিখিছে;

আত্মজীৱনী সোণৰ চামুচ মুখত লৈ (বিক্ষিপ্ত আত্মজীৱনী)ত তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ কথা অতি ‘ডেমকেয়াৰ’ ভংগীৰে লিখিছে। ইয়াৰ এটা দীঘল অধ্যায় হৈছে যৌন জীৱনৰ অভিজ্ঞতা! জীৱনীখনত তেওঁ আমাৰ অনেকৰেই পৰিচিত তথা সমাজত নাম-সুখ্যাতি থকা লোকৰ বিৰুদ্ধেও অকুতোভয়ে অনেক অকটা কথা(?) লিখিছে। অনেককেই তেওঁ এখুন্দা-এমজা দিয়াৰ বাবে এইখন বৃহৎ কলেৱৰৰ গ্ৰন্থ হোৱা সত্ত্বেও বাৰুকৈয়ে চৰ্চা হৈছে।৮

দৰ্শনৰপৰা-জ্যোতিষশাস্ত্ৰলৈ, অভিধানৰপৰা-ইতিহাসলৈ, জ্যোতিষশাস্ত্ৰৰপৰা নীলাচল-কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰলৈ ডেকাই বিভিন্ন বিষয়ৰ গ্ৰন্থ ৰচনা কৰিছিল।৬

ড° ডেকাই মণিপুৰ চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।৬

গ্ৰন্থপঞ্জী

গল্প সংকলন

  • কৈলাসনাথ, ১৯৭১
  • একুৰি বছৰৰ গল্প, ১৯৯৬
  • অনিৰ্গম পথ, ২০০২
  • এজাক এলেহুৱা কাউৰীৰ সাধু, ২০১২, বান্ধৱ
  • বেৱাৰিছ লাছ আৰু অন্য গল্প, ২০১৩, বান্ধৱ
  • বিহুৱতী চৰাই আৰু অন্য গল্প, ২০১৬, বান্ধৱ
  • ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, ২০২১, বান্ধৱ
  • অনিৰ্গম পথ, ২০২৩, বাণী প্ৰকাশ মন্দিৰ
  • ৰুছ গল্প
  • ৰাজ সাক্ষী, ১৯৭৪, ২০১৩

প্ৰবন্ধ সংকলন

  • পৰমেশ্বৰ আছে নে নাই?, ২০১৮
  • চৰ্যাগীত আৰু বৌদ্ধ-তন্ত্ৰ, ২০০১
  • ধৰ্মৰ প্ৰাণতত্ত্ব, ২০১০
  • শ্ৰীমদ্ভগৱদ্‌গীতাৰ টীকা-ভাষ্য লিখে কিয়?
  • Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology
  • ৰত্ন, জ্যোতিষ আৰু বিজ্ঞান
  • Century old Caste, Creed and Guilds of Assam, ২০১৩
  • জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ২০১০, অসম বুক ডিপো
  • ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ), ২০১৮, বান্ধৱ প্ৰকাশন

অভিধান

উপন্যাস

  • ড° প্ৰণৱজ্যোতি ডেকাৰ ৰহস্য উপন্যাস, ২০১৩
  • বতাহত পতাকা কঁপে, ১৯৭৮, ২০১৩
  • মৃত্যুৰ আমন্ত্ৰণ, ১৯৮৭
  • আৰু এটা অমীমাংসিত হত্যা, ১৯৭০
  • ৰক্তক্ষৰণ, ১৯৭৩, ২০১৩

আত্মজীৱনী

শিশু গ্ৰন্থ

  • গঙ্গাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত, ১৯৭৮
  • চীনদেশৰ অচিনাকী সাধু, ২০২১

বঁটা

  • অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা (২০২২)৯
  • সাহিত্য অকাডেমি বঁটা (২০২৩)৩
  • নতুন দিল্লীৰ কুসুমাঞ্জলি ফাউণ্ডেচনে প্ৰদান কৰা কুসুমাঞ্জলি সাহিত্য সন্মান-২০১৮৫

মৃত্যু

২০২৪ চনৰ ৬ এপ্ৰিল তাৰিখে, ৮৪ বছৰ বয়সত, স্বাস্থ্যজনিত চিকিৎসাকালত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত (জিএমচিএইচ) প্ৰণৱজ্যোতি ডেকাৰ মৃত্যু হয়।১১০

তথ্যসূত্ৰ

  1. ↑ (6 April 2024). Assamese author & Sahitya Akademi awardee Dr Pranabjyoti Deka passes away. nenow.in
  2. ↑ সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন. (প্ৰথম প্ৰকাশ). কথা বৰেণ্য-১০০. কথা প্ৰকাশন. পৃ. ২৫৮
  3. ↑ (20 December 2023). Sahitya Akademi Awards: Assamese Author Pranavjyoti Deka Bags Prestigious Gong. প্ৰতিদিন টাইম
  4. ↑ (২০ ডিচেম্বৰ ২০২৩). ড° প্ৰণৱজ্যোতি ডেকালৈ চলিত বৰ্ষৰ সাহিত্য অকাডেমি বঁটা. নিয়মীয়া বাৰ্তা
  5. ↑ (৭ এপ্ৰিল, ২০২৪). সাহিত্য অকাডেমী বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক প্ৰণৱজ্যোতি ডেকাৰ বিয়োগ. অসমীয়া প্ৰতিদিন
  6. ↑ ষ্টাফ ৰিপৰ্টাৰ. (৭ এপ্ৰিল, ২০২৪). মহীয়ান কৰি থৈ গল সাহিত্যক্ষেত্ৰ. দৈনিক অসম
  7. ↑ নিত্য বৰা. (৭ এপ্ৰিল, ২০২৪). তেওঁ নিৰ্মমভাৱে স্পষ্টবাদী আছিল. দৈনিক জনমভূমি
  8. ↑ ৰিপুঞ্জয় গগৈ. (৭ এপ্ৰিল, ২০২৪). প্ৰবল আত্মবিশ্বাসী ব্যক্তিজন. দৈনিক অসম
  9. ↑ (২৮ ডিচেম্বৰ ২০২২). বিশিষ্ট কথাশিল্পী ড° প্ৰণৱজ্যোতি ডেকালৈ ((অসম প্ৰকাশন পৰিষদ)) সাহিত্য বঁটা-২০২২. অসমীয়া প্ৰতিদিন
  10. ↑ (6 April 2024). Assam's Sahitya Akademi Award winner Dr. Pranabjyoti Deka passes away. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া শিক্ষাবিদঅসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱজ্যোতি ডেকা” প্ৰবন্ধৰ সংশোধন ৫০৪৭৯৭ (২৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।