প্ৰফুল্লদত্ত গোস্বামী (১৯১৯-১৯৯৪) একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ।১ এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে। ১৯৬০চনত লোক-সংস্কৃতি বিষয়ত ইংৰাজী ভাষাত ৰচিত তেখেতৰ Ballads and Tales of Assam গ্ৰন্থই আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। তেখেতে জীৱনী, ভ্ৰমণ কাহিনী, পক্ষী-নীৰিক্ষণ বিষয়ক গ্ৰন্থৰ লগতে উপন্যাসো ৰচনা কৰিছে। প্ৰফুল্লদত্ত গোস্বামীৰ কেঁচা পাতৰ কঁপনি উপন্যাসখন অসমীয়া সাহিত্যৰ এখন বহুপঠিত গ্ৰন্থ।
জন্ম
প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম ১৯১৯চনত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত।
শিক্ষা আৰু কৰ্মজীৱন
১৯৪০ চনত কটন কলেজৰপৰা ইংৰাজী সাহিত্যত অনাৰ্ছসহ বি.এ পৰীক্ষা পাছ কৰে। আৰ্থিক অনাটনৰ বাবে বি এ পাছ কৰিয়েই শ্বিলঙত শিক্ষকতা কৰে আৰু চৰকাৰী প্ৰচাৰ বিভাগ আৰু সচিবালয়ত কাম কৰে। এইখিনি সময়তে তেখেতে লিখা নিবন্ধ বোম্বাইৰ পি ই এন ( PEN ) আলোচনী আৰু মচুলিপট্টমৰ ত্ৰিবেণী আলোচনীত প্ৰকাশ হয়। পৰৱৰ্তী সময়ত তেওঁ কলিকতাত এম.এ পঢ়িবলৈ যায়। ১৯৪৪ চনত তেওঁ এম.এ. ডিগ্ৰী লাভ কৰি কেইমাহমান যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত আৰু প্ৰায় তিনি বছৰ কটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ১৯৪৮চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত বাণিজ্য আৰু বি টি বিভাগৰ ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পাছত তেখেত ইংৰাজী শিক্ষণ বিভাগত প্ৰাধ্যাপক আৰু প্ৰধান হিচাপে নিযুক্ত হয়। তেখেত এটা উচ্চতৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ইংলণ্ডলৈ গৈছিল আৰু ১৯৬৬চনত তেখেতে আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ বিখ্যাত লোক-সংস্কৃতি প্ৰতিষ্ঠানৰ ভিজিটিং প্ৰফেচৰ ৰূপে তাত দুমাহ কাম কৰে। সাংস্কৃতিক বিনিময় কাৰ্যসূচীত নিৰ্বাচিত হৈ তেখেতে ৰাছিয়া আৰু নেপালো ভ্ৰমণ কৰিছিল। অসমৰ জনকৃষ্টি সমাজৰ( Folklore Society of Assam ) তেখেত প্ৰতিষ্ঠাতা সভাপতি আছিল। ৰঘুনাথ চৌধাৰীৰ নেতৃত্বত গঠিত প্ৰগতি সমাজৰ তেখেত সম্পাদক আছিল।১
মৃত্যু
১৯৯৪চনত তেখেতৰ মৃত্যু হয়।
সাহিত্যৰাজি
উপন্যাস
- শেষ ক'ত (১৯৪৯)
- কেঁচা পাতৰ কঁপনি (১৯৫২)
লোক-সংস্কৃতি বিষয়ক
- অসমীয়া জন সাহিত্য (১৯৪৮)
- বাৰ মাহৰ তেৰ গীত (১৯৭১)
- Tales of Assam
ভ্ৰমণ বিষয়ক
- বিলাতত সাত মাহ (১৯৫৯)
- সোণ ৰূপৰ নহয় সি দেশ (১৯৬২)
- পৃথিৱীৰ চৌপাশে এপাক (১৯৬৭)
- মোৰ ৰাছিয়া ভ্ৰমণ (১৯৭৪)
জীৱনী সাহিত্য
- মাণিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ
প্ৰকৃতি বিষয়ক
- চৰাই বিনন্দীয়া
সম্পাদনা গ্ৰন্থ
- কামিনীকান্তৰ চৰিত্ৰ, (মূলঃ এ.কে. গাৰ্নী)
- Folktales Around the World
- Folktales of India (সহযোগী লেখক- ড॰ গোস্বামী, জৱাহৰলাল হাণ্ডু, ড॰ পিটাৰ ক্লচ,ড॰ ব্ৰেণ্ডা)
তথ্যসূত্ৰ
- ↑ ড° বীৰেন্দ্ৰনাথ দত্ত. (ডিচেম্বৰ, ২০০৬). কথা বৰেণ্য. কথা প্ৰকাশন. ISBN ৮১-৮৯১৪৮-১৪-১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল দত্ত গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫৩৫৪৯৯ (২৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।