অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পিতা-পুত্ৰ (গ্ৰন্থ)

পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁ‌ওখনৰ মানুহৰ জীৱন আৰু গাঁ‌ৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁ‌ওখনৰ মানুহৰ জীৱন আৰু গাঁ‌ৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে। ১৯৭০ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন লেখকে ১৯৭৫ চনত লিখি শেষ কৰিছিল।১

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩

বঁ‌টা/সন্মান

পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঞিদেৱে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ হালৈ, মৃদুল. (১৮ ফেব্ৰুৱাৰী,২০১৬). সাক্ষাৎকাৰ. xahitya.org
  2. ↑ Sahitya Akademi Official website
  3. ↑ Homen Borgohain

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাসসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থহোমেন বৰগোহাঞিৰ সাহিত্যৰাজি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিতা-পুত্ৰ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫০৩৮৯৪ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।