কৃষ্ণা নাগৰ (Krishna Nagar) ভাৰতৰ ৰাজস্থানৰ এগৰাকী পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।১ তেওঁ পেৰা-বেডমিণ্টনত পুৰুষৰ একক এছএছ৬ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰে।২ তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ একক এছএইছ৬ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে।৩
কেৰিয়াৰ
ইণ্ডোনেছিয়াত অনুষ্ঠিত ২০১৮ এছিয়ান পেৰা গেমছত কৃষ্ণা নাগৰে একক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।৪ ২০১৯ চনত সংযুক্ত আৰৱ আমিৰাতৰ ডুবাইত অনুষ্ঠিত ফজ্জা পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ পুৰুষৰ একক এছএছ৬ শ্ৰেণীত আৰু ৰাজা মাগোত্ৰাৰ সৈতে মিক্সড ডাবলছত স্বৰ্ণ পদক অৰ্জন কৰে।৫৬ ২০১৯ চনত ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত পেৰা-বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৰাজা মাগোত্ৰাৰ সৈতে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে। তেওঁ একক প্ৰতিযোগিতাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৭
২০২০ চনত চাও পাওলোত অনুষ্ঠিত ব্ৰাজিল পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কৃষ্ণা নাগৰে পুৰুষৰ একক এছএছ৬-ত ৰূপৰ পদক লাভ কৰে।৮ পেৰুত অনুষ্ঠিত পেৰা-বেডমিণ্টন ইণ্টাৰনেচনেল ২০২০-ত পুৰুষৰ একক এছএছ৬-ত তেওঁ স্বৰ্ণ পদক লাভ কৰে।৯ তেওঁ বিশ্ব ৰেংকিঙৰ উচ্চ স্থানত থকাৰ ফলত টকিঅ' পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।১০১১
২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএইছ৬ বেডমিণ্টন প্ৰতিযোগিতাত দ্বিতীয় ছিড হিচাপে অংশগ্ৰহণ কৰে।১২ গ্ৰুপ পৰ্যায়ত তেওঁ শীৰ্ষ স্থান অৰ্জন কৰি ছেমিফাইনেলত যুক্তৰাজ্যৰ ক্ৰিষ্টেন কুম্বচক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।১৩ ফাইনেলত তেওঁ হংকংৰ চু মেন কাইক ২–১ (২১–১৭, ১৬–২১, ২১–১৭) ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।৩ ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ১৪ লাভ কৰে।১৫১৬
তথ্যসূত্ৰ
- ↑ BWF Para-Badminton. bwfpara.tournamentsoftware.com
- ↑ BWF Para-Badminton – BWF World Rankings for Para-Badminton – Overview. bwfpara.tournamentsoftware.com
- ↑ (5 September 2021). Badminton – Men's Singles SH6 - Gold Medal Match. olympics.com. TOCOG
- ↑ (2018-10-14). Asian Para Games 2018 Medal Tally and Standings: India Put Best-Ever Show at Games, On 9th Position With 15 Gold, 24 Silver, and 33 Bronze Medals at Jakarta!. LatestLY
- ↑ Shock Para badminton victory delights Dubai. International Paralympic Committee
- ↑ Apr 8, PTI /; 2019; Ist, 19:04. India's Krishna Nagar claims two gold medals in para badminton. The Times of India
- ↑ (2019-08-28). PM Narendra Modi congratulates para badminton winners after tweet by medallist Sukant Kadam. The Indian Express
- ↑ Staff, Scroll. Para Badminton C’ships: Pramod Bhagat bags two gold as India finish with 11 medals in Sao Paulo. Scroll.in
- ↑ Desk, The Bridge. (2020-02-24). Indian team win 15 medals at Peru Para Badminton International 2020. thebridge.in
- ↑ (2021-06-09). Indian Shuttler Krishna Nagar Allotted Paralympic Games Quota Place. News18
- ↑ Nayse, Suhas. (2021-06-08). Para shuttlers Pramod Bhagat, Tarun Dhillon, Krishna Nagar qualify for Tokyo Paralympics. www.sportskeeda.com
- ↑ Men's singles SS6 – Seeds. Olympics.com. Tokyo Organising Committee of the Olympic and Paralympic Games
- ↑ Badminton Men's Singles SH6 - Bracket Results. Olympics.com. Tokyo Organising Committee of the Olympic and Paralympic Games
- ↑ আৰ্কাইভ কপি
- ↑ www.indiatoday.in/sports/other-sports/story/neer
- ↑ navbharattimes.indiatimes.com/sports/other-sport
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণা নাগৰ” প্ৰবন্ধৰ সংশোধন ৫৪৬১৪০ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।