অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীপা মালিক

দীপা মালিক (Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল। তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত।

হালনাগাদ: ২২ জুন ২০২৬ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দীপা মালিক (Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল।১ তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত। তেওঁ হিমালয়ান মটৰস্পৰ্ট সন্থা আৰু ফেডাৰেচন অফ মটৰ স্পৰ্টছ ক্লাৱছ অফ ইণ্ডিয়া ৰ লগত জড়িত। তেওঁ ১৭০০ কিলোমিটাৰ দূৰত্বৰ এক আঠদিনীয়া শূন্যতকৈ কম উষ্ণতাত দুঃসাহসিক অভিযান সফল ভাবে ৰূপায়ণ কৰিছিল। এই অভিযানত তেওঁ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৮০০০ ফুট উচ্চতাত আহোৰণ কৰিছিল। এই অভিযানৰ নাম - ৰেইড দে হিমালয়। হিমালয়ৰ বহু ভিতৰুৱা ঠাই সামৰি লেহ, চিমলা আৰু জম্মুৰ মাজেৰে এই অভিযানৰ পথছোৱা আছিল।২৩

ব্যক্তিগত জীৱন

দীপা কৰ্ণেল বি.কে. নাগপালৰ জীয়েক তথা কৰ্ণেল বিক্ৰম সিঙৰ পত্নী। দেৱীকা আৰু অম্বিকা দুগৰাকী দীপাৰ জীয়েক। বিভিন্ন পেৰালিম্পিক চেম্পিয়নশ্বিপ ইভেণ্টত তেওঁক গ'স্পৰ্ট ফাউণ্ডেশ্যনে সহায় কৰে।৪

দীপা খেল মন্ত্ৰণালয়ে মানৱ সম্পদ উন্নয়ন বিভাগৰ ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা ক্ষেত্ৰৰ ১২তম পঞ্চবাৰ্ষিক পৰিকল্পনা কমিটিৰ এজন সক্ৰিয় সদস্য।

আন্তঃজাৰ্তিক প্ৰতিযোগিতা

  • আইপিচি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ, দোহা ২০১৫ - পঞ্চম স্থান(শ্বট পুত)
  • আইপিচি এছিয়ান ওচেনিয়া চেম্পিয়নশ্বিপ ২০১৬, ডুবাই - এটা সোণ(জেভেলীন থ্ৰো), এটা ৰূপ 1 (শ্বট পুত)
  • এছিয়ান পেৰা ক্ৰীড়া ২০১৪, ইনচিয়ন - ৰূপৰ পদক (জেভেলীন থ্ৰো)
  • আইপিচি দ্বিতীয় চীন মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১৪, বেইজিং - সোণৰ পদক (শ্বট পুত)
  • প্ৰথম মালয়েছিয়ান মুক্ত এথলেটিকছ চেম্পিয়নশ্বিপ ২০১২ – দুটা সোণৰ পদক (জেভেলীন আৰু ডিস্কাছ থ্ৰো)
  • আই.ডব্লিউ.এ.এছ ৱৰ্ল্ড গেমছ ২০১১, ছাৰ্জাহ- দুটা ব্ৰঞ্জৰ পদক
  • আইপিচি এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ ২০১১, খ্ৰীষ্টচাৰ্জ – ৰূপৰ পদক
  • পেৰা এছিয়ান ক্ৰীড়া ২০১০ - ব্ৰঞ্জ পদক
  • চিপি স্পৰ্টছ ২০১০,নোট্টিঙ্গম,ইংলেণ্ড – তিনিটা সোণৰ পদক (শ্বট পুত, জেভেলীন আৰু ডিস্কাছ থ্ৰো)
  • আই.ডব্লিউ.এ.এছ ৱৰ্ল্ড গেমছ ২০০৯, ভাৰত - ব্ৰঞ্জ পদক (শ্বট পুত)
  • বিশ্ব মুক্ত সাঁতোৰ চেম্পিয়নশ্বিপ ২০০৮, বাৰ্লিন - ১০ম স্থান
  • মুঠ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পদক - ৪৭টা সোণ, ৫টা ৰূপ আৰু ২টা ব্ৰঞ্জ

বঁটা আৰু সন্মান

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা

  • ৰাষ্ট্ৰপতিৰ আদৰ্শ ব্যক্তি (Role Model) পদক (২০১৪)
  • অৰ্জুন বঁটা (২০১২)
  • মহাৰাষ্ট্ৰ ছত্ৰপতি বঁটা(ক্ৰীড়া) (২০০৯-১০)
  • হাৰিয়ানা কৰ্মভূমি বঁটা (২০০৮)
  • স্বৱালাম্বন পুৰস্কাৰ মহাৰাষ্ট্ৰ (২০০৬)

২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিকত পদক লাভ কৰাৰ বাবে

  • হাৰিয়ানা চৰকাৰৰ পৰা চাৰি কোটি টকা৫
  • ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ পৰা ৫০ লাখ টকা৬

তথ্যসূত্ৰ

  1. ↑ (2016-09-12). Paralympics 2016 · Deepa Malik wins silver medal in shot put
  2. ↑ Deepa Malik (Biography) Swimmer,Biker of the world. MATPAL DEV. matpal.com
  3. ↑ (30 September 2013). Deepa Malik's inspiring drive finally concludes in Delhi. CarDekho Team. business-standard.com
  4. ↑ GoSports Foundation
  5. ↑ (12 September 2016). Deepa Malik becomes first Indian woman to win medal at Paralympics, bags silver in shotput. The Indian Express
  6. ↑ (6 September 2016). Rio Paralympic medallists to be given cash awards. Business Standard

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটঅৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ীপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপা মালিক” প্ৰবন্ধৰ সংশোধন ৬১৩৫৩৮ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।