মাৰীয়াপ্পান থানগাভেলু (Mariyappan Thangavelu; জন্ম: ২৮ জুন ১৯৯৫)১ এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ২০১৬ চনত ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৪২ ইভেণ্টত স্বৰ্ণ পদক২ আৰু ২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত হাই জাম্প টি৬৩ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল।৩
২০১৭ চনৰ ভাৰত চৰকাৰে তেওঁক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰে৪ আৰু সেই একে বছৰতে তেওঁক অৰ্জুন বঁটাও প্ৰদান কৰা হয়।৫ ভাৰত চৰকাৰে তেওঁক ২০২০ চনত দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্নৰে পুৰস্কৃত কৰে।৬
প্ৰাৰম্ভিক জীৱন
তামিলনাডুৰ চালেম জিলাৰ পেৰিয়াভাদাগামপট্টি গাঁৱত মাৰীয়াপ্পানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তেওঁলোকৰ পৰিয়ালক এৰি গুচি যোৱাত তেওঁৰ মাতৃ সৰুজাযে ইটা কঢ়িয়াই, দিন হাজিৰা কৰি তেওঁলোকক পোহপাল দিয়ে। পিছলৈ তেওঁ শাক পাচলি বিক্ৰী কৰিবলৈ ধৰে আৰু দৈনিক মাত্ৰ ১০০ টকা লাভ কৰিছিল।২ মাত্ৰ ৫ বছৰ বয়সত মাৰীয়াপ্পানক স্কুললৈ গৈ থকা অৱস্থাত এজন সুৰাপায়ী বাছ ড্ৰাইভাৰে তেওঁৰ ভৰিৰ ওপৰেদি বুজা চলাই নিয়ে। তাৰ বাবে মাৰীয়াপ্পানৰ সোঁ ভৰিৰ আঁঠুৰ তলৰ অংশ চিৰদিনৰ বাবে বিকলহৈ পৰে।৭এই ঘটনাৰ পাছতো তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে।২
খেলুৱৈ জীৱন
ছাত্ৰ অৱস্থাত মাৰীয়াপ্পানে ভলিবল খেলি ভাল পাইছিল। পিছলৈ তেওঁৰ শাৰীৰিক শিক্ষাৰ শিক্ষকে তেওঁক হাই জাম্প চেষ্টা কৰিবলৈ পৰামৰ্শ দিয়ে। ১৪ বছৰ বয়সত এক প্ৰতিযোগিতাত তেওঁ সক্ষম লোকক পিছ পেলাই দ্বিতীয় স্থান লাভ কৰাৰ পাছত তেওঁৰ বন্ধুবৰ্গ আৰু চালেম জিলাৰ মানুহৰ পৰা বিশেষ উৎসাহ লাভ কৰিছিল। ২০১৩ চনৰ ৰাষ্ট্ৰীয় পেৰাএথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তেওঁৰ বৰ্তমান প্ৰশিক্ষক সত্যনাৰায়ণে তেওঁক লক্ষ্য কৰে আৰু ২০১৫ চনত নিজৰ ছাত্ৰ হিচাপে প্ৰশিক্ষণ দিবলৈ বেংগালুৰু লৈ আহে।৭
২০১৬ চনৰ মাৰ্চ মাহত টুনিছিয়াত অনুষ্ঠিত আইপিচি গ্ৰেঁ প্ৰিঁৰ হাই জাম্প প্ৰতিযোগিতাত মাৰীয়াপ্পানে ১.৭৮ মিঃ উচ্চতা অতিক্ৰম কৰি ৰিঅ পেৰালিম্পিকলৈ নিৰ্বাচিত হয়।৭ ৰিঅ' পেৰালিম্পিকত তেওঁ পুৰুষৰ হাই জাম্প টি৪২ ত ১.৮৯ মিঃ উচ্চতা অতিক্ৰমী স্বৰ্ণ পদক লাভ কৰে।৮ ২০১৯ চনৰ নৱেম্বৰত তেওঁ ২০১৯ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ হাই জাম্প টি-৬৩ ইভেণ্টত ১.৮০ মিটাৰ উচ্চতা অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৯
তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ হাই জাম্প টি৬৩ শাখাত ১.৮৬ মিটাৰ উচ্চতা অতিক্ৰম কৰি ৰূপৰ পদক লাভ কৰে। একেটা ইভেণ্টতে ভাৰতৰ শৰদ কুমাৰে ১.৮৩ মিটাৰেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।৩
ব্যক্তিগত জীৱন
২০১৫ চনত মাৰীয়াপ্পানে এভিএছ কলেজ অফ আৰ্টছ এণ্ড চাইন্সৰ পৰা বাণিজ্য প্ৰশাসন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। এতিয়া তেওঁ একেখন প্ৰতিষ্ঠানৰ পৰা বাণিজ্য প্ৰশাসন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰমত পঢ়িবলৈ ইচ্ছা কৰিছে।৮
তেওঁৰ পৰিয়ালত এগৰাকী বায়েক সুধা আৰু দুজন ভায়েক কুমাৰ আৰু গোপী আছে।৮
বঁটা আৰু সন্মান
- পদ্মশ্ৰী, ২০১৭১০
- অৰ্জুন বঁটা, ২০১৭১১
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০২০৬
২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰাৰ বাবে
তথ্যসূত্ৰ
- ↑ C., Aprameya. (10 September 2016). Rio Paralympics: Who is history-maker Mariyappan Thangavelu?. OneIndia.com
- ↑ Stalin, J. Sam Daniel. (10 September 2016). Paralympian Mariyappan Thangavelu's Golden Leap From Poverty. NDTV Sports
- ↑ Sportstar, Team. Tokyo Paralympics: Thangavelu Mariyappan wins silver, Sharad Kumar takes bronze in men's high jump
- ↑ PadmaAwards-2017
- ↑ (22 August 2017). National Sports Awards: Centre unveils list, cricket sensation Harmanpreet Kaur to receive Arjuna Award. Financial Express
- ↑ (21 August 2020). National Sports Awards 2020 announced – Rohit Sharma, Mariyappan T., Manik Batra, Ms Vinesh and Ms Rani bag the Khel Ratna. Press Information Bureau, India
- ↑ Chidananda, Shreedutta. (20 May 2016). It’s not beyond me, even gold is possible: Mariyappan. The Hindu
- ↑ (10 September 2016). Indians bag gold, bronze in men's high jump in aralympics. The Hindu
- ↑ Dubai 2019 - Schedule & Results. International Paralympic Committee
- ↑ Ministry of Home Affairs: Padma Awards 2017. mha.nic.in
- ↑ Periwal, Sunaina Rachel. (30 August 2017). Arjuna Award winner and Paralympic gold medalist Mariyappan Thangavelu desperate for stable job to sustain family. Sportskeeda
- ↑ (10 September 2016). Rio Paralympics: Jayalalithaa announces Rs 2 crore award for gold medallist Mariyappan Thangavelu. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰীয়াপ্পান থানগাভেলু” প্ৰবন্ধৰ সংশোধন ৫২৪৭৫৬ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।