সুহাস ললিনাকেৰী য়াথিৰাজ (Suhas Lalinakere Yathiraj; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।১ সুহাসে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ মাৰ্চ মাহত বাৰাণসীত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় পেৰা-বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত স্বৰ্ণ পদক জয় কৰি তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন হয়। ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৪ বেডমিণ্টন প্ৰতিযোগিতাৰ ৰূপৰ পদক অৰ্জন কৰে।২
ব্যক্তিগত জীৱন
সুহাস য়াথিৰাজৰ জন্ম হৈছিল ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছানত। তেওঁৰ পিতৃৰ নাম য়াথিৰাজ এল কে আৰু মাতৃৰ নাম জয়শ্ৰী চি এছ। তেওঁৰ পিতৃ এজন চৰকাৰী বিষয়া হোৱা সূত্ৰে তেওঁৰ বিভিন্ন ঠাইত নিযুক্তিৰ সময়ত তেওঁলোক সপৰিয়ালে সেই ঠাইসমূহলৈ স্থানান্তৰ হ'ব লগা হৈছিল। তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা হাছান জিলাৰ ওচৰৰ ডুডাত হৈছিল। তেওঁ তেওঁৰ মাধ্যমিক শিক্ষা কৰ্ণাটকৰ শিৱমোগাৰ ডিভিএছ স্বতন্ত্ৰ মহাবিদ্যালয় কৰিছিল। তেওঁ ২০০৪ চনত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত স্নাতক পাঠ্যক্ৰম কৰ্ণাটকৰ সুৰথকালৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সম্পন্ন কৰে।৩৪
কেৰিয়াৰ
চীনৰ বেইজিংত অনুষ্ঠিত ২০১৬ চনৰ এছিয়ান পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত সুহাসে ইণ্ডোনেছিয়াৰ হেৰী চুচানটোক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে।৫ সেইসময়ত তেওঁ আজমগড়ৰ জিলাৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ পেছাদাৰী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম ভাৰতীয় আমোলা হিচাপে পৰিগণিত হয়।৬৭
২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৪ বেডমিণ্টন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে।৮ প্ৰতিযোগিতাখনৰ ফাইনেলত তেওঁ বিশ্বৰ ১ নম্বৰ খেলুৱৈ ফ্ৰান্সৰ লুকাচ মাজুৰৰ হাতত ১–২ (২১–১৫, ১৭–২১, ১৫–২১) ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে।২
বঁটা আৰু সন্মান
২০১৬ চনৰ ডিচেম্বৰত তেওঁক উত্তৰ প্ৰদেশৰ সৰ্বোচ্চ অসামৰিক সন্মান যশ ভাৰতী বঁটা প্ৰদান কৰা হয়।৯ ২০১৬ চনৰ ৩ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী ব্যক্তি দিৱসৰ দিনা তেওঁ পেৰা ক্ৰীড়াৰ ক্ষেত্ৰ আগবঢ়োৱা অবদানৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা বঁটা লাভ কৰে।১০ প্ৰসাশনিক ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰিছে।১১১২ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁক প্ৰধানমন্ত্ৰীজন ধন বঁটাৰ বাবে মনোনীতও কৰা হৈছিল।১৩
তথ্যসূত্ৰ
- ↑ (2021-09-04). History beckons IAS officer Suhas Yathiraj at Tokyo Paralympics. The Indian Express
- ↑ Badminton Men's Singles SL4 - Gold Medal Match Results. Olympics.com. Tokyo Organising Committee of the Olympic and Paralympic Games
- ↑ (6 August 2007). Road to Mussoorie. Blogger
- ↑ Supremo - Complete Biodata. SUPREMO
- ↑ (5 December 2016). China shine at Asian Para Badminton Champs. www.paralympic.org
- ↑ (27 November 2016). Manoj, Yathiraj and Parul win titles. The Hindu
- ↑ (28 November 2016). UP IAS officer wins gold in Asian Para-Badminton Championships. Hindustan Times
- ↑ Suhas Lalinakere Yathiraj Settles For Silver In Badminton AT Tokyo 2020 Paralympics. https://www.outlookindia.com/
- ↑ (1 December 2016). After welcome at Azamgarh, DM Suhas to receive Yash Bharti. The Times of India
- ↑ (12 January 2017). गोल्ड जीतने वाले आजमगढ के कलेक्टर. BBC
- ↑ (22 April 2016). Pradhan Mantri Jan Dhan Yojna: MSY's Azamgarh tops UP, sixth in country. The Times of India
- ↑ (22 April 2016). PMJDY: MSY's Azamgarh tops UP, sixth in country. The Times of India
- ↑ (21 April 2016). Mulayam's Azamgarh implements Modi govt's PMJDY outstandingly. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুহাস ললিনাকেৰী য়াথিৰাজ” প্ৰবন্ধৰ সংশোধন ৪৩১০৫১ (৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।