অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনোদ কুমাৰ

বিনোদ কুমাৰ (Vinod Kumar, জন্ম ২০ জুলাই ১৯৮০) এগৰাকী ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল, পিছে টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা…

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিনোদ কুমাৰ (Vinod Kumar, জন্ম ২০ জুলাই ১৯৮০) এগৰাকী ভাৰতীয় পেৰা-এথলীট তথা ডিচকাছ থ্ৰ' খেলুৱৈ।১ তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল,২৩ পিছে টকিঅ' পেৰালিম্পিকৰ প্ৰতিযোগিতা সমিতিয়ে তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱায়।৪

ব্যক্তিগত জীৱন

বিনোদ কুমাৰৰ জন্ম হৈছিল হাৰিয়ানাৰ ৰোহতক চহৰত।৫ তেওঁ ভাৰতীয় সীমা সুৰক্ষা বলত যোগদান কৰিছিল। তেওঁ প্ৰশিক্ষণৰ সময়ত লেহত এটা শিলৰ পৰা পৰি ভৰি আঘাত পায় আৰু শৰীৰৰ তলভাগত জীৱনজোৰা পক্ষাঘাত হয়। পক্ষাঘাতত ভুগি, বিনোদে এখন গেলামালৰ দোকান চলাবলৈ আৰম্ভ কৰে।৫ তেওঁৰ দেউতাকে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত যুঁজিছিল।৬ ২০১৬ ৰিঅ' পেৰালিম্পিকত দীপা মালিকক ৰূপৰ পদক বিজয়ী প্ৰদৰ্শনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ পেৰা-ক্ৰীড়া খেলাৰ সিদ্ধান্ত লৈছিল৫ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ৰোহতক কেন্দ্ৰত প্ৰশিক্ষণ লৈছিল।৭

কেৰিয়াৰ

বিনোদ কুমাৰে ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম পদক আছিছিল পেৰিছত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত লাভ কৰা ব্ৰঞ্জ পদকটো। তাৰ দুমাহৰ পাছত তেওঁ ডুবাই চেম্পিয়নশ্বিপত কৰা ১৯.২৯ মিটাৰৰ থ্ৰ'ৰে টকিঅ' পেৰালিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।৫

২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ডিচকাছ থ্ৰ'ৰ এফ৫২ শাখাত ব্ৰঞ্জৰ পদকৰ বাবে স্থান লাভ কৰিছিল।২ পিছে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আন কিছু প্ৰতিযোগীয়ে তেওঁৰ এফ৫২ প্ৰতিবন্ধকতা শ্ৰেণীবিভাজনক লৈ প্ৰতিবাদ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটিয়ে তেওঁৰ প্ৰদৰ্শন "সমীক্ষাৰ অধীনত" ৰাখিছিল আৰু পদক প্ৰদান অনুষ্ঠান স্থগিত কৰিছিল।৭ পিছদিনা তেওঁক প্ৰতিবন্ধকতা শ্ৰেণীবিভাজন মূল্যায়নত এফ৫২ শ্ৰেণীৰ বাবে অযোগ্য বুলি বিবেচনা কৰাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদক হেৰুৱাব লগাত পৰে।৪

তথ্যসূত্ৰ

  1. ↑ Vinod Kumar Vinod Kumar. olympics.com
  2. ↑ (29 August 2021). Tokyo Paralympics 2021: Vinod Kumar wins bronze in discus throw. espn.com
  3. ↑ dhunt.in/ldU0b?s=a&uu=0x3decfdfd072ac655& link|date=October 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  4. ↑ Livemint. (2021-08-30). Tokyo Paralympics: Vinod Kumar declared ineligible in classification assessment
  5. ↑ Sharma, Manish. (2021-08-29). From being a BSF personnel to running a grocery shop, Vinod Kumar wins bronze at Tokyo Paralympics
  6. ↑ (29 August 2021). Tokyo Paralympics: Vinod Kumar's discus throw bronze on hold. timesofindia.indiatimes.com
  7. ↑ Tokyo Paralympics: Vinod Kumar's Discus Throw Bronze "Under Review" After Protest Over Classification In F52 Category

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় পেৰালিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনোদ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬০২৫২৯ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।