মনীষ নাৰৱাল (Manish Narwal; জন্ম ১৭ অক্টোবৰ ২০০১) এজন ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত শ্বুটিং প্ৰতিযোগিতাৰ মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।১ ২০২০ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।২ ৱৰ্ল্ড শ্বুটিং পেৰা স্প’ৰ্ট ৰেংকিঙৰ মতে তেওঁ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ ত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰে।৩৪
কেৰিয়াৰ
নাৰৱালে ২০১৬ চনত হাৰিয়ানাৰ ফৰিদাবাদত পিষ্টল শ্বুটিং আৰম্ভ কৰিছিল। ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জ পদক লাভ কৰে।৫ ২০২১ চনৰ পেৰা শ্বুটিং বিশ্বকাপত পি৪ মিশ্ৰিত ৫০ মিটাৰ পিষ্টল এছএইচ১ ইভেণ্টত ২২৯.১ পইণ্টেৰে বিশ্ব অভিলেখ গঢ়ি স্বৰ্ণ পদক অৰ্জন কৰে।৫ তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদককে ধৰি কেইবাটাও পদক জিকিছে।৬৭৮৯১০
তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ দুটা ইভেণ্টত অংশ লৈছিল: পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ আৰু মিশ্ৰিত পি৪ ৫০ মিটাৰ পিষ্টল এছএইচ১। ১০ মিটাৰৰ শাখাত তেওঁ সপ্তম স্থান লাভ কৰে।১১ ৫০ মিটাৰৰ শাখাত ২১৮.২ পইণ্টেৰে তেওঁ স্বৰ্ণ পদক অৰ্জন কৰে। একেটা ইভেণ্টতে ভাৰতৰ সিংৰাজ আধানাই ২১৬.৭ পইণ্টেৰে ৰূপৰ পদক অৰ্জন কৰে।১
২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল এছএইচ১ প্ৰতিযোগিতাত তেওঁ ৰূপৰ পদক লাভ কৰে।
বঁটা আৰু সন্মান
- ভাৰত চৰকাৰৰ দ্বাৰা ২০২০ অৰ্জুন বঁটা২
- ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা, ২০২১১২
তথ্যসূত্ৰ
- ↑ (2021-09-04). Tokyo Paralympics: India's Manish Narwal bags gold, Singhraj Adhana wins silver in shooting. Zee News
- ↑ (21 August 2020). National Sports Awards 2020 announced. Press Information Bureau, India
- ↑ Sportstar, Team. (2024-08-30). Paralympics 2024, Shooting Highlights: Avani Lekhara wins gold, Mona Agarwal takes bronze in 10m air rifle standing SH1; Manish Narwal clinches silver in 10m air pistol SH1. Sportstar
- ↑ (2024-08-30). Paralympics: Shooter Manish Narwal wins silver in Paris, 2nd medal at the Games. India Today
- ↑ Manish Narwal sets new world record at Para Shooting World Cup. International Olympic Committee News
- ↑ Manish Narwal shoots second gold in Para-Shooting WC with new world record. Indian Express News
- ↑ Narwal lead Indian challenge at para shooting World Cup. Lokmat News
- ↑ Al Ain 2021: Narwal sets world record as Reinaldo spoils host’s golden hopes. Para Olympic
- ↑ Para Sports: Manish Narwal targets all Senior and Junior world records by 2020. The Bridge News
- ↑ Manish Narwal shoots gold in Para-Shooting WC with new world record. Times of India News
- ↑ Tokyo Paralympics: Singhraj Adhana Takes Bronze in 10m Air Pistol Final. TheQuint
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনীষ নাৰৱাল” প্ৰবন্ধৰ সংশোধন ৫৪৬৫৩৬ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।