অৱনী লেখাৰা (Avani Lekhara; জন্ম ৮ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ। তেওঁ টকিঅ' ২০২০ পেৰালিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত স্বৰ্ণ পদক১ আৰু আৰ৮ শাখাত ৫০ মিটাৰ এয়াৰ থ্ৰী পজিচন এছএইচ১ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।২ লেখাৰা ২০১৮ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিছিল।৩৪৫৬৭ তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক লাভ কৰে। দুখন পেৰালিম্পিকত ক্ৰমে দুবাৰকৈ সোণৰ পদক লাভ কৰি তেওঁ ইতিহাস ৰচনা কৰে। তেওঁ এখন পেৰালিম্পিকত একাধিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা৮
ব্যক্তিগত জীৱন
২০১২ চনত ১১ বছৰ বয়সত হোৱা এক পথ দুৰ্ঘটনাত তেওঁৰ কঁকালৰ তলৰ অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছিল। তেওঁৰ দেউতাকে তেওঁক ক্ৰীড়াত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। প্ৰথমে তেওঁ আৰ্চাৰীৰ প্ৰশিক্ষণ লৈছিল কিন্তু পাছলৈ শ্বুটিংলৈ সলনি কৰিছিল। তেওঁ প্ৰাক্তন অলিম্পিক চেম্পিয়ন অভিনৱ বিন্দ্ৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ২০১৫ চনত শ্বুটিং আৰম্ভ কৰিছিল।৯ তেওঁ বৰ্তমান ভাৰতৰ ৰাজস্থানত আইনৰ শিক্ষা গ্ৰহণ কৰি আছে।১০
কেৰিয়াৰ
২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত অৱনী লেখাৰাই মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাৰ চূড়ান্ত ইভেণ্টত ২৪৯.৬ পইণ্টৰ স্ক'ৰৰ সৈতে তেওঁ পেৰালিম্পিক অভিলেখ গঢ়ি বিশ্ব অভিলেখৰ সৈতে সমকক্ষ কৰি স্বৰ্ণ পদক জয় কৰে।১১ তেওঁ টকিঅ'ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰে। তেওঁ হৈছে পেৰালিম্পিক স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ।১২ তেওঁ একেখন সমাৰোহতে মহিলাৰ আৰ৮ ৫০ মিটাৰ এয়াৰ ৩ পজিচন এছএইচ১ শাখাতো ব্ৰঞ্জৰ পদক অৰ্জন কৰে।২ ইয়াৰ ফলত তেওঁ একেখন পেৰালিম্পিকত একাধিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগণিত হয়।২
তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক লাভ কৰে।
বঁটা আৰু সন্মান
২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ১৩ লাভ কৰে।১৪১৫ ২০২২ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।১৬
জনপ্ৰিয় মাধ্যমত
কাল্কী কেকলাঁয়ে একবিংশ শতিকাৰ ভাৰতীয় যুৱ প্ৰাপ্তবয়স্কসকলৰ উদ্দেশ্যে নিৰ্মিত কাল্কী প্ৰেজেণ্টছত 'মাই ইণ্ডিয়ান লাইফ’ নামৰ শ্ব'ত অৱনীক দেখা গৈছিল। বিবিচি ৱৰ্ল্ড চাৰ্ভিচে এই অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল।১৭
তথ্যসূত্ৰ
- ↑ Tokyo Paralympics: Avani Lekhara wins gold medal in shooting event Hindustan Times. Retrieved 30 August 2021
- ↑ (2021-09-03). Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics. ESPN
- ↑ World Shooting Para Sport Rankings / Official World Rankings 2021. World Shooting Para Sport
- ↑ Para shooter Avani Lekhara clinches silver; India stay in top three. Indian Express News
- ↑ Avani Lekhara. The Bridge News
- ↑ Para World Cup: Teenage shooter Avani Lekhara wins 10m air rifle silver. Time of India News
- ↑ Avani Lekhara wins women's 10m air rifle silver medal at World Shooting Para Sport World Cup. Firstpost News
- ↑ (2021-09-03). Avani Lekhara becomes first Indian woman to win multiple medals at Paralympics. ESPN
- ↑ (31 August 2021). Avani Lekhara becomes first Indian woman to win gold at Paralympics, She has also won many medals
- ↑ (2021-08-30). Tokyo Paralympic 2020: Avani Lekhara wins historic gold for India in shooting. BBC News
- ↑ (30 August 2021). Truly special moment: India celebrates Avani Lekhara, the golden girl at Tokyo Paralympics. India Today
- ↑ (30 August 2021). Shooter Avani Lekhara becomes first Indian woman to win gold at Paralympics. The Hindu. Press Trust of India
- ↑ আৰ্কাইভ কপি
- ↑ www.indiatoday.in/sports/other-sports/story/neer
- ↑ navbharattimes.indiatimes.com/sports/other-sport
- ↑ Sharma, Nitin. (26 January 2022). Para champions, Neeraj Chopra, hockey star Vandana Katariya among Padma awardees. Indian Express
- ↑ (26 November 2022). BBC World Service - Kalki Presents: My Indian Life, Bullseye. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱনী লেখাৰা” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৩৪ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।