প্ৰবীণ কুমাৰ (Praveen Kumar; ১৫ মে' ২০০৩, নয়ডা, উত্তৰ প্ৰদেশ)১ এজন ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ২.০৭ মিটাৰ অতিক্ৰম কৰি পুৰুষৰ হাই জাম্প টি৬৪ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।২৩৪ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত আৰু এছিয়ান পেৰা গেমছ ২০২২ৰ স্বৰ্ণ পদক লাভ কৰিছিল।৫ পেৰা-এথলেটিক্স খেলত তেওঁৰ উৎকৃষ্ট উপলব্ধিৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৪ বৰ্ষৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা প্ৰদান কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
২০০৩ চনৰ ১৫ মে' তাৰিখে উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ জেৱাৰ তহচিলৰ গোবিন্দগড় গাঁৱৰ জাট পৰিয়ালত প্ৰবীণ কুমাৰৰ জন্ম হৈছিল। তেওঁ জেৱাৰৰ প্ৰজ্ঞান পাব্লিক স্কুলত দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। তেওঁ মটিলাল নেহৰু কলেজত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁক সহায় কৰে অলিম্পিক গোল্ড কুৱেষ্ট নামৰ ক্ৰীড়া বেচৰকাৰী সংস্থাটোৱে।৬
খেলুৱৈ জীৱন
২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত প্ৰবীণ কুমাৰে সোণৰ পদক আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি৬৪ ইভেণ্টত ৰূপৰ পদক লাভ কৰে।২৩৪৭
২০২৩ চনত ২০২৩ চনৰ ২৩ অক্টোবৰত চীনৰ হাংঝৌত অনুষ্ঠিত হোৱা ২০২২ চনৰ এছিয়ান পেৰা গেমছত তেওঁ পুৰুষৰ হাই জাম্প টি৬৪ শাখাত জয়লাভ কৰে।৮ ফাইনেলত তেওঁ গেমছৰ ২.০২ মিটাৰ ৰেকৰ্ড ভংগ কৰে।৯১০
তথ্যসূত্ৰ
- ↑ Praveen Kumar: Profile. Olympics.com
- ↑ Tokyo Paralympics: Praveen Kumar wins silver in men's high jump, becomes India's 11th medallist. India Today
- ↑ Tokyo Paralympics: Debutant Praveen Kumar clinches silver in men's T64 high jump. The Times of India
- ↑ (2021-09-03). Tokyo Paralympics: India's Praveen Kumar Wins Silver In Men's High Jump T64 Final. NDTV Sports
- ↑ (2024-09-06). Paris Paralympics 2024 Day 9 Live Updates: Praveen Kumar wins gold in Men's High Jump - T64 event. The Times of India
- ↑ Livemint. (2021-09-03). Paralympic silver medallist Praveen Kumar's journey began with a Google search. livemint.com
- ↑ Praveen Kumar clears 2m in men's high jump T64 final;. Sportstar
- ↑ (23 October 2023). Asian Para Games: Praveen Kumar clinches gold in high jump T64, Unni Renu gets bronze. The Times of India
- ↑ PTI. Indians win four gold to begin Para Asian Games campaign in style. Deccan Herald
- ↑ Sportstar, Team. (23 October 2023). Asian Para Games 2023: India medals tally on October 23; all winners list. Sportstar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪১৫ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।