অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰমোদ ভগত

প্ৰমোদ ভগত (Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰমোদ ভগত (Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।১ তেওঁ ২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি পুৰুষৰ একক এছএল৩ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে।২৩ তেওঁ হৈছে ভাৰতৰ বাবে বেডমিণ্টনত অলিম্পিক বা পেৰালিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।৪

প্ৰাৰম্ভিক জীৱন

ভগতৰ জন্ম হৈছিল বিহাৰৰ বৈশালী জিলাৰ হাজীপুৰত। পাঁচ বছৰ বয়সত তেওঁ বাওঁ ভৰিত আসোঁৱাহে দেখা দিছিল। ১৩ বছৰ বয়সত তেওঁ বেডমিণ্টন খেল চাবলৈ গৈছিল আৰু খেলখনৰ প্ৰতি আকৰ্ষিত হৈছিল। পৰৱৰ্তী ২ বছৰৰ বাবে তেওঁ বেডমিণ্টনৰ ফুটৱৰ্ক, ফিটনেছ আৰু খেলৰ ফিক্সাৰে শিকিছিল। প্ৰমোদে ১৫ বছৰ বয়সত শাৰীৰিকভাৱে সক্ষম শ্ৰেণীৰ খেলুৱৈসকলৰ বিৰুদ্ধে তেওঁৰ প্ৰথম প্ৰতিযোগিতা খেলিছিল। দৰ্শকে তেওঁক উৎসাহিত কৰিছিল, যাৰ ফলত তেওঁ বেডমিণ্টনক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হৈছিল।

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ Para shuttler
  2. ↑ Tokyo Paralympics: Pramod Bhagat Wins Gold In Badminton Men's Singles SL3. NDTVSports.com
  3. ↑ Tokyo Paralympics: Pramod Bhagat wins historic badminton gold. ESPN
  4. ↑ (20 August 2019). National Sports Awards −2019 announced. Press Information Bureau, India
  5. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ীমেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰমোদ ভগত” প্ৰবন্ধৰ সংশোধন ৬০২৪৮৫ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।