অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগেশ কাথুনিয়া

যোগেশ কাথুনিয়া (Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

যোগেশ কাথুনিয়া (Yogesh Kathuniya; জন্ম ৩ মাৰ্চ ১৯৯৭) এজন ভাৰতীয় পেৰালিম্পিক ডিচকাছ থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত ৰূপৰ পদক অৰ্জন কৰে।১২৩ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত তেওঁ পুনৰ ৰূপৰ পদক অৰ্জন কৰে।

প্ৰাৰম্ভিক জীৱন

যোগেশ কাথুনিয়াৰ জন্ম হৈছিল ভাৰতীয় সেনাৰ সৈনিক জ্ঞানচান্দ কাথুনিয়াৰ ঔৰষত আৰু গৃহিনী মীনা দেৱীৰ গৰ্ভত। ৯ বছৰ বয়সত তেওঁৰ বিৰল স্নায়বিক ৰোগ গুইলিন-বেৰে চিণ্ড্ৰোমত ভুগিছিল, ফলস্বৰূপে পক্ষাঘাতৰ ফলত তেওঁ ২০০৬ চনত হুইলচেয়াৰ বন্দী হৈ পৰিছিল। তেওঁৰ মাতৃয়ে তেওঁক ফিজিঅ'থেৰাপী দিবলৈ শিকাৰ পাছত, ৩ বছৰৰ ভিতৰত ১২ বছৰ বয়সত তেওঁ পুনৰ খোজ কাঢ়িবলৈ পেশীৰ শক্তি ঘূৰাই পাইছিল। তেওঁ চণ্ডীগড়ৰ ইণ্ডিয়ান আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰিছিল য'ত তেওঁৰ দেউতাকে সেনাবাহিনীত সেৱা আগবঢ়াইছিল। পাছত তেওঁ দিল্লীৰ কিৰোৰী মল মহাবিদ্যালয়ৰ পৰা বাণিজ্য স্নাতক ডিগ্ৰী অধ্যয়ন কৰিছিল য'ত তেওঁ পেৰা-ক্ৰীড়াত যোগদান কৰিছিল।৪

কেৰিয়াৰ

কিৰোৰী মল মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শচীন যাদৱে তেওঁক নিয়মীয়াকৈ পেৰা এথলীটৰ ভিডিঅ' দেখুৱাই পেৰা-ক্ৰীড়া গ্ৰহণ কৰিবলৈ অনুপ্ৰেৰিত কৰাৰ পাছত ২০১৭ চনত যোগেশে পেৰা-ক্ৰীড়া খেলা আৰম্ভ কৰিছিল।৪

২০১৮ চনত তেওঁ বাৰ্লিনত অনুষ্ঠিত ২০১৮ পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিঁত ডিচকাছ থ্ৰ'ত ৪৫.১৮ মিটাৰ ডিস্ক নিক্ষেপ কৰি এফ৩৬ শ্ৰেণীত বিশ্ব অভিলেখ গঢ়িছিল।৪

২০২১ চনৰ আগষ্টত কাথুনিয়াই ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ডিচকাছ থ্ৰ' এফ৫৬ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ৰূপৰ পদক অৰ্জন কৰিছিল।৫৬ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ পুৰুষৰ ডিচকাছ থ্ৰ'ৰ এফ৫৬ শাখাত তেওঁ পুনৰ ৰূপৰ পদক অৰ্জন কৰে।

২০২১ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Yogesh Kathuniya. paralympic.org
  2. ↑ Yogesh Kathuniya. olympics.com
  3. ↑ Tokyo Paralympics Live Updates: Yogesh Kathuniya secure silver medal. SportsTiger
  4. ↑ Mother became physio to help Yogesh get back on his feet, now he is India's hope in Paralympics, Indian Express, 27 Aug 2021
  5. ↑ Yogesh Kathuniya. olympics.com
  6. ↑ Tokyo Paralympics Live Updates: Yogesh Kathuniya secure silver medal. SportsTiger
  7. ↑ Yogesh Kathuniya Biography: Early Life, Career, Paralympics 2020, Awards, achievements, Records. Srnsk

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পেৰা-এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেশ কাথুনিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৬১৩৮ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।