অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৰুণ সিং ভাটী

বৰুণ সিং ভাটী (Varun Singh Bhati) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ পলিঅ' ৰোগত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গ'স্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বৰুণ সিং ভাটী (Varun Singh Bhati) এজন ভাৰতীয় পেৰালিম্পিক হাই জাম্প খেলুৱৈ। তেওঁ প'লিঅ'মায়েলাইটিছত আক্ৰান্ত। তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া নিগমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তথা গ'স্পৰ্ট ফাউণ্ডেশ্যনে তেওঁক আৰ্থিক দিশত সহায় কৰে।১

প্ৰাৰম্ভিক জীৱন

গ্ৰেটাৰ নয়ডাৰ নিবাসী হেম সিং ভাটিৰ পুত্ৰ বৰুণে বৰ্তমান গণিত শাস্ত্ৰৰ স্নাতক মহলাৰ ছাত্ৰ। তেওঁ ক্ৰীড়া প্ৰতিভা চেইণ্ট জোচেফ স্কুলত পঢ়ি থাকোঁতেই সকলোৰে দৃষ্টিগোচৰ হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেট সত্যনাৰায়ণে তেওঁৰ এই প্ৰতিভা লক্ষ্য কৰিছিল। পেৰা চেম্পিয়ন ইভেণ্টবোৰত বৰুণক গ'স্পৰ্ট ফাউণ্ডেশ্যনে সহায় কৰে।২

বৰ্তমান দেশৰ ভিতৰতে শীৰ্ষস্থানীয় খেলুৱৈৰ পৰ্যায় পোৱা বৰুণ সৰুতে পুলিঅ ৰোগত আক্ৰান্ত হয় আৰু এখন ভৰি অকামিকা হয়। বৰুণে এই বাধাৰ পিছতো ক্ৰীড়া আৰু শিক্ষা উভয় ক্ষেত্ৰতে সমতুল্য স্থাপন কৰি আগবাঢ়ি যাব ধৰিলে। স্কুলৰ দিনৰ পৰাই তেওঁ ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈছিল।

কৰ্মজীৱন

২০১২ চনত বৰুণে "এ" কোৱালিফিকেচন মাৰ্কত ভুক্তিৰ লগে লগে জনপ্ৰিয় হৈ পৰিছিল।৩২০১২ চনৰ লণ্ডন পেৰালিম্পিকত বৰুণে অংশ গ্ৰহণ কৰি ১.৬০ মিটাৰ উচ্চতালৈ জঁপিয়াইছিল। ২০১৪ চনৰ কোৰিয়াৰ ইনচিয়নত অনুষ্ঠিত এছিয়ান পেৰা ক্ৰীড়াত তেওঁ ভাৰতীয় দলৰ সদস্য আছিল। এই প্ৰতিযোগিতাত তেওঁ পঞ্চম স্থান দখল কৰে। একে বছৰৰ চীন মুক্ত এথলেটিক্স চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে। ২০১৫ চনৰ কাটাৰৰ দোহাত অনুষ্ঠিত বিশ্ব পেৰা চেম্পিয়নশ্বিপত তেওঁ আকৌ পঞ্চম স্থান অধিকাৰ কৰে। তাত তেওঁ ১.৮২ মিটাৰ উচ্চতালৈ জপিঁয়ায়।৪ ২০১৬ চনৰ আইপিচি এছিয়া ওচেনিয়া এথলেটিক্স চেম্পিয়নশ্বিপত এক নতুন এছিয়ান ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে। ২০১৬ চনৰ ব্ৰাজিলৰ ৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ GoSports Foundation
  2. ↑ আৰ্কাইভ কপি
  3. ↑ আৰ্কাইভ কপি
  4. ↑ www.paralympic.org/static/info/dubai-2016/ENG/ZB

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰুণ সিং ভাটী” প্ৰবন্ধৰ সংশোধন ৩৮২২৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।