ভাৱিনা হাসমুখভাই পেটেল (Bhavina Hasmukhbhai Patel) ভাৰতৰ গুজৰাটৰ মেহছানাৰ এগৰাকী পেৰা টেবুল টেনিছ খেলুৱৈ।১ তেওঁ ২০২০ টকিঅ' পেৰালিম্পিকত একক চি৪ শাখাত ৰূপৰ পদক লাভ কৰে।২ তেওঁ ভাৰতৰ হৈ পেৰালিম্পিকত পদকৰ লাভ কৰা প্ৰথম টেবুল টেনিছ খেলুৱৈ আৰু দীপা মালিকৰ পাছত দ্বিতীয়গৰাকী মহিলা খেলুৱৈ।৩
প্ৰাৰম্ভিক জীৱন
ভাৱিনা পেটেল গুজৰাটৰ মেহছানাৰ ভাদনগৰৰ সুন্ধিয়াত এক মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ এবছৰ বয়সতে পলিঅ' ৰোগত আক্ৰান্ত হয়।৪ তেওঁ তেওঁৰ গাঁৱতেই দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল আৰু তাৰ পাছত ২০০৪ চনত তেওঁৰ দেউতাকে তেওঁক ব্লাইণ্ড পিপলছ এছ'চিয়েচন, আহমেদাবাদত নামভৰ্তি কৰায়। তেওঁ তেজালবেন লাখিয়াৰ তত্ত্বাৱধানত এটা কম্পিউটাৰ পাঠ্যক্ৰম কৰিছিল আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাতেই তেওঁ টেবুল টেনিছৰ প্ৰশিক্ষণ আৰম্ভ কৰে।৩
কেৰিয়াৰ
হুইলচেয়াৰত টেবুল টেনিছ খেলা পেটেলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কেইবাটাও স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰিছে।৫ ২০১১ চনত অনুষ্ঠিত পিটিটি থাইলেণ্ড টেবুল টেনিছ চেম্পিয়নশ্বিপত ব্যক্তিগত শাখাত ভাৰতৰ হৈ ৰূপৰ পদক জয় কৰি তেওঁ বিশ্বৰ ২ নম্বৰ স্থানত উপনীত হৈছিল। ২০১৩ চনৰ অক্টোবৰত বেইজিংত অনুষ্ঠিত এছিয়ান পেৰা টেবুল টেনিছ চেম্পিয়নশ্বিপত পেটেলে মহিলাৰ একক শ্ৰেণী ৪-ত ৰূপৰ পদক অৰ্জন কৰে।৬
চীনৰ বেইজিংত ২৩ ৰ পৰা ৩১ আগষ্ট ২০১৭ লৈ আয়োজিত আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেচন এছিয়ান পেৰা টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৱিনাই ব্ৰঞ্জৰ পদক জয় কৰিছিল। তেওঁ মহিলা একক শ্ৰেণী ৪ শাখাত কোৰীয় খেলুৱৈ কাঙৰ বিৰুদ্ধে খেলি তেওঁক ৩-০ ত পৰাস্ত কৰি ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক জয় কৰিছিল।৭৮ তেওঁ তাইলান দোশীৰ অধীনত প্ৰশিক্ষণ লাভ কৰিছিল আৰু দলৰ বিষয়া তেজালবেন লাখিয়াৰ পৰাও সহায় লাভ কৰিছিল।৯
২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ পেৰালিম্পিকত তেওঁ বিশ্বৰ ২ নম্বৰ আৰু ৰিঅ' পেৰালিম্পিক স্বৰ্ণ পদক বিজয়ী বৰিস্লাভা ৰাঙ্কোভিচক পৰাস্ত কৰি মহিলা একক চি৪ শাখাত ছেমি ফাইনেলত উপনীত হয়।১০ ছেমি ফাইনেলত তেওঁ চীনৰ ঝাং মিয়াওক ৩-২ ত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে পদক নিশ্চিত কৰে।১১ তেওঁ ফাইনেলত চীনৰ ঝাও য়িঙৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰে।২ তেওঁ পেৰালিম্পিকত পদকৰ লাভ কৰা প্ৰথম টেবুল টেনিছ খেলুৱৈ আৰু দীপা মালিকৰ পাছত দ্বিতীয়গৰাকী মহিলা খেলুৱৈ।৩
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা
তথ্যসূত্ৰ
- ↑ Shastri, Parth; Cherian, Sabu. (3 July 2021). Girl power from Gujarat in Tokyo-bound India contingent. The Times of India
- ↑ (2021-08-29). Tokyo Paralympics: Bhavina Patel creates history, becomes the first Indian para-paddler to win silver
- ↑ Staff, Scroll. Tokyo 2020: Meet Bhavina Patel, first-ever Indian table tennis player to secure a Paralympics medal
- ↑ (2021-08-28). Rejected In A Job Interview Due To Her Disability, She Scripted History At Tokyo Paralympics
- ↑ Hindustan Times-Physically challenged table tennis players - Bhavina Hasmukh Patel
- ↑ Bhavina winsSilver Medal in Asia Wheelchair Para Table Tennis championship
- ↑ (2017-09-01). India won Bronze medal in Para Table Tennis Championship 2017. enabled.in
- ↑ Gujarat’s super six women make it to Olympics. Ahmedabad Mirror
- ↑ Indian physically challenged table tennis players - Bhavina Hasmukh... Getty Images
- ↑ Results. International Paralympic Committee
- ↑ Historic! Paddler Bhavina Patel assures silver medal by entering Paralympics final, to play for gold tomorrow
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱিনা পেটেল” প্ৰবন্ধৰ সংশোধন ৫৪১০৪৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।