প্ৰীতি পাল (Preethi Pal, জন্ম ২২ ছেপ্টেম্বৰ ২০০০) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ মহিলাৰ ১০০ মিটাৰ ইভেণ্টত টি৩৫ শাখাত অংশগ্ৰহণ কৰে।১ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।২ ইয়াৰ লগে লগে তেওঁ পেৰালিম্পিকৰ ট্ৰেক ইভেণ্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।৩
প্ৰাৰম্ভিক জীৱন
২০০০ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত প্ৰীতি পালৰ জন্ম হৈছিল। পিছলৈ তেওঁলোক মেৰঠ চহৰলৈ বদলি হয়। শৈশৱত তেওঁৰ মস্তিষ্কৰ পক্ষাঘাত হৈছিল। মেৰঠত উপযুক্ত চিকিৎসাৰ অভাৱত তেওঁৰ উন্নত চিকিৎসা সম্ভৱ নহ'ল। তেওঁ দিল্লীত প্ৰশিক্ষক গজেন্দ্ৰ সিঙৰ অধীনত এথলেটিক্সৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।৪
খেলুৱৈ জীৱন
২০২৪ চনৰ মে' মাহত জাপানৰ কোবেত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰীতি পালে ব্ৰঞ্জৰ পদক লাভ কৰে।৪৫ ইয়াৰ লগতে মহিলাৰ টি৩৫ ২০০ মিটাৰ ইভেণ্টত ৩০.৪৯ ছেকেণ্ড সময়ত সমাপ্ত কৰি তেওঁ পেৰিছ পেৰালিম্পিকলৈ যোগ্যতা অৰ্জন কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত তেওঁ দুবাৰকৈ অতি কম ব্যৱধানত পদক হেৰুৱাইছিল।৬ ইয়াৰ পূৰ্বে ২০২৪ চনৰ মাৰ্চ মাহত বেংগালুৰুত অনুষ্ঠিত ষষ্ঠ ইণ্ডিয়ান অ'পেন পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত দুটা সোণৰ পদক লাভ কৰিছিল।৭
২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে৪ আৰু মহিলাৰ ১০০ মিটাৰ টি৩৫ শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ ১৪.২১ ছেকেণ্ডৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়ত উপনীত হৈ এই পদক লাভ কৰে।৮
তথ্যসূত্ৰ
- ↑ olympics.com/en/paris-2024-paralympics/entries/p
- ↑ Sportstar, Team. (2024-08-30). Paralympics 2024: Preethi Pal wins bronze in women’s 100m T35, first medal for India in track event at Para Games. Sportstar
- ↑ (2024-08-31). Who is Preeti Pal? The first Indian to secure a para-athletics medal at the Paralympics. The Times of India
- ↑ (2024-05-19). Preethi clinches bronze, secures Paralympics quota at World Para Athletics Championships. The Times of India
- ↑ Desk, The Bridge. (2024-05-19). Preethi Pal secures India's first medal in women's 200m at Para Athletics C'ships. thebridge.in
- ↑ (2024-05-20). Nishad Kumar, Preethi Pal clinch medals as Indians shine in Para Athletics World Championship. The Times of India
- ↑ Sportstar, Team. (2024-05-18). World Para Athletics Championships 2024: Praveen finishes fourth in High Jump, Preethi qualifies for final. Sportstar
- ↑ Preethi Pal's Stunning Run That Earned India Historic 100m Medal At Paris Paralympics - Watch · Olympics News. NDTVSports.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি পাল” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৪০ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।