সুমিত আন্তিল (Sumit Antil, জন্ম ৬ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ। তেওঁ ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত সোণৰ পদক লাভ কৰে।১ ফাইনেলত ৬৮.৫৫ মিটাৰ জেভলীন নিক্ষেপ কৰি তেওঁ বিশ্ব অভিলেখ গঢ়ে।২
প্ৰাৰম্ভিক জীৱন
১৯৯৮ চনৰ ৬ জুলাইত হাৰিয়ানাৰ চনিপতৰ খেৱদাত সুমিত আন্তিলৰ জন্ম হৈছিল।৩ ২০১৫ চনত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ তেওঁ আঁঠুৰ তলত বাওঁ ভৰি হেৰুৱাইছিল। পেৰা চেম্পিয়নছ কাৰ্যসূচীৰ জৰিয়তে গ'স্পৰ্টছ ফাউণ্ডেচনে তেওঁক আৰ্থিক ভাৱে সহায় কৰে।৪ তেওঁ দিল্লীত বাণিজ্যৰ স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতে সুমিতক পেৰা এথলেটিকছৰ সৈতে আন এজন পেৰা এথলীট ৰাজকুমাৰে পৰিচয় কৰাইছিল।
২০১৭ চনত সুমিতে দিল্লীত নিতিন জয়ছোৱালৰ অধীনত প্ৰশিক্ষণ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰা তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতিযোগিতা আৰম্ভ কৰে। তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু সম্ভাৱনা প্ৰত্যক্ষ কৰাৰ পাছত গ'স্পৰ্টছে তেওঁক ২০১৯ চনত পেৰা চেম্পিয়নছ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছিল।
খেলুৱৈ জীৱন
২০১৯ চনত ইটালীত অনুষ্ঠিত ৱৰ্ল্ড পেৰা এথলেটিকছ গ্ৰাঁ প্ৰিঁত তেওঁ এফ৬৪ শ্ৰেণীত বিশ্ব অভিলেখ ভংগ কৰি কম্বাইণ্ড ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল। তেওঁ ২০১৯ চনত ডুবাইত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল আৰু এই প্ৰতিযোগিতাত এফ৬৪ শ্ৰেণীত তেওঁৰ নিজৰ বিশ্ব অভিলেখ ভংগ কৰিছিল।৫৬
২০২১ চনৰ ৩০ আগষ্টত সুমিত আন্তিলে ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত জেভলীন থ্ৰ' এফ৬৪ শ্ৰেণীত ৬৮.৫৫ মিটাৰ বিশ্ব অভিলেখ থ্ৰ'ৰ সৈতে সোণৰ পদক অৰ্জন কৰে।৭ ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ৮ লাভ কৰে।৯১০
তথ্যসূত্ৰ
- ↑ Athletics - Men's Javelin Throw - F64 Schedule · Tokyo 2020 Paralympics. .
- ↑ Tokyo Paralympics 2021 highlights: Sumit Antil wins gold, creates world record in javelin throw F64 event The Times of India. Retrieved 30 August 2021
- ↑ Vatchittagong. Sumit Antil Paralympics 2021: Tokyo Olympic Gold Winner. - Vatchittagong
- ↑ Mar 26, Biju Babu Cyriac / TNN / Updated:; 2021; Ist, 23:34. Sumit Antil betters javelin world record at National Para Athletics Championships · More sports News - Times of India. The Times of India
- ↑ Staff, Scroll. Watch: Sandeep, Sumit bag javelin gold, silver with world record throws at Para Athletics Worlds. Scroll.in
- ↑ PTI. World Para Athletics C’ships: Sandeep, Sumit create world records. Sportstar
- ↑ WATCH: Sumit Antil shatters the World record three times on his way to Gold Medal in javelin throw. SportsTiger
- ↑ আৰ্কাইভ কপি
- ↑ www.indiatoday.in/sports/other-sports/story/neer
- ↑ navbharattimes.indiatimes.com/sports/other-sport
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমিত আন্তিল” প্ৰবন্ধৰ সংশোধন ৬৩৬১৬৪ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।